৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰ'দে-বৰষুণে ইমান যে গান

লেখকঃ লোকনাথ গোস্বামী • প্ৰকাশিতঃ ২৩ আগষ্ট, ২০২৬
১৫ মিনিট পঠন • ১০৫৭ বাৰ পঢ়া হৈছে


মন দাপোণত-২৩

                       

 

নামৰূপ, কলকাতা আৰু হেমাঙ্গ বিশ্বাস :

 

নামৰূপত চাকৰি কৰি থকাৰ সময়তে কেতবোৰ নতুন নতুন অভিজ্ঞতা আৰ্জন কৰাৰ সুযোগ-সুবিধা মিলিছিল৷ তাৰ ভিতৰত অনন্য আছিল নামৰূপৰ পৰা প্ৰথমবাৰৰ বাবে কলকাতালৈ যোৱা আৰু গণশিল্পী হেমাঙ্গ বিশ্বাসৰ বিৰল সান্নিধ্য লাভ কৰা৷ সেই বিৰল সুযোগ আহিছিল নামৰূপৰ এক অনুষ্ঠানত এগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে হোৱা মুখা-মুখিৰ জড়িয়তে৷

     সেয়া ১৯৭৯ চনৰ কথা৷

  নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰত বহাগী বিদায় অনুষ্ঠানৰ আয়োজন চলিছে৷ অন্যান্য আমন্ত্ৰিত শিল্পীসকলৰ মাজৰে এগৰাকী আছিল পম্পা গগৈ৷ তেওঁ আছিল কুল গগৈৰ জীয়ৰী৷ কুল গগৈয়ে সেই সময়ত কলকাতাৰ নেশ্বনেল লাইব্ৰেৰীত কাম কৰি আছিল৷ ‘পথাৰৰ কবি’ৰাম গগৈৰ ভাতৃ কুল গগৈৰ আচল ঘৰ আছিল নাহৰকটীয়াৰ সমীপৰ টিংখাং অঞ্চলত৷ তেখেতৰ জীয়ৰী পম্পা গগৈ এগৰাকী ভাল গায়িকা আছিল৷ তাপবিদ্যুৎ কেন্দ্ৰৰ বহাগী বিদায় অনুষ্ঠানলৈ কিবা সূত্ৰে সেই বছৰ পম্পা গগৈ আমন্ত্ৰিত হৈছিল আৰু দেউতাক কুল গগৈয়ে তেওঁক লগত লৈ আহিছিল৷ সেই অনুষ্ঠানলৈ আহোঁতেই কুল গগৈ আৰু পম্পা গগৈৰ সৈতে মোৰ চিনা-পৰিচয় ঘটিছিল৷

   পিছদিনা প্ৰণতি খাওন্দ-ভূপেন খাওন্দৰ কোৱাৰ্টাৰত পম্পাহঁতৰ আগমন উপলক্ষে `জলসাৰ আয়োজন কৰা হ’ল৷ সাধাৰণতে তাপবিদ্যুৎ কেন্দ্ৰৰ সাংস্কৃতিক সমাজৰ ই এক পৰম্পৰা হৈ পৰিছিল৷ সিদিনা সন্ধিয়া পম্পাৰ লগতে প্ৰণতি খাওন্দ আৰু ময়ো গান গাইছিলোঁ৷ প্ৰণতি খাওন্দে কথা প্ৰসংগত কুল গগৈক মই যে তেজপুৰৰ জ্যোতি-বিষ্ণুৰ ঠাইৰ মানুহ আৰু সেই দুয়োগৰাকী পুৰোধা শিল্পীৰ গানৰ চৰ্চ্চা কৰো, সেই কথাটো কোৱাৰ পিছত মোৰ পৰা তেখেতে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ গান শুনাৰ আগ্ৰহ প্ৰকাশ কৰিলে৷ ময়ো বচা বচা দুটামান গান শুনাই দিলোঁ৷ কুল গগৈয়ে গানকেইটা শুনি বৰ ভাল পালে আৰু জীয়ৰী পম্পাকো তেনেকুৱা দুটামান গান মোক শিকোৱাৰ প্ৰস্তাৱ দিলে৷ এটা সময়ত জলসাৰ অন্ত পৰিল আৰু খাই বৈ আটায়ে ঘৰা-ঘৰি গ’লো৷ পিছদিনা কুল গগৈহঁত সম্ভৱ নাহৰকটীয়া হৈ কলকাতালৈ গ’লগৈ৷

সেয়া ১৯৭৯ ৰ মে’মাহৰ কথা আছিল৷ সেই একে বছৰৰে জুনমাহৰ এক-দুই তাৰিখমানে কুল গগৈৰ পৰা চিঠি আহিল৷ কলকাতাৰ ‘এ এচ ক্লাব’( Assam Socio Literary Clab)ৰ উদ্যোগত ২০ জুন তাৰিখে বিষ্ণু ৰাভা দিৱস পতাৰ যো-জা চলাইছে৷ গতিকে মই যি কোনো প্ৰকাৰে সেই তাৰিখৰ ভিতৰত কলকাতা পাবগৈ লাগে আৰু ক্লাবত আয়োজন কৰা বিষ্ণু ৰাভা দিৱসৰ সংগীতানুষ্ঠানত গীতে-মাতে ভাগ ল’বগৈ লাগে৷ হঠাৎ তেনে এটা নিমন্ত্ৰণ পাই প্ৰথমে মই থতমতেই খাইছিলোঁ৷ কথাটো বন্ধু বানেশ্বৰ খাউন্দ, সুৰজিত বৰুৱা আৰু প্ৰণতি গোহাঁই বৌৰ সৈতে আলচ কৰিলো৷ বানেশ্বৰ খাউন্দক যদিও নিমন্ত্ৰণ কৰা নাছিল প্ৰত্যক্ষভাৱে, তেওঁৰো কিন্তু মোৰ সৈতে একেলগে যোৱাৰ ইচ্ছা এটা আছিল, কিন্তু ব্যক্তিগত অসুবিধা হেতুকে তেখেত যাব নোৱাৰিব বুলি সিদিনা আমাৰ আগত প্ৰকাশ কৰিছিল৷

পাছদিনা খাওন্দে মোক লেৱৰেটৰীৰ পৰা কণ্ট্ৰোল ৰুমলৈ মাতি পঠিয়ালে৷ মই লগে লগেই আহিলো৷ খাওন্দে মোক ওচৰতে বহুৱাই লৈ নিমন্ত্ৰণটো পিছৰ বছৰলৈ পিছুৱাই দিয়াব  পৰা যায় নেকি ভাবিবলৈ পৰামৰ্শ দিলে৷ পিছৰ বছৰত হ’লে তেখেতো মোৰ সৈতে যাব পাৰিব৷ সেই সময়খিনিত বানেশ্বৰ খাউন্দ আৰু মই দুয়োজনেই ইমানেই আপোন হৈ পৰিছিলো যে এজনক এৰি আনজনে অকলে কোনো সাংস্কৃতিক অনুষ্ঠান আদিত ভাগ লোৱা, আনকি চিন্তা কৰাটোও অভাৱনীয় আছিল৷ সেয়ে শ্ৰীখাউন্দৰ প্ৰস্তাৱটো পোনচাটেই নাকচ কৰাৰ কথা ভাবিব নোৱাৰিলোঁ৷

একেদিনাই সন্ধিয়া সময়ত সচৰাচৰ অইন দিনাৰ দৰে সুৰজিত বৰুৱাৰ সৈতে তেওঁৰ লেম্ব্ৰেটা স্কুটাৰখনেৰে থাৰ্মেলৰ পৰা সাৰনগৰী বজাৰলৈ গৈ এপাক মাৰি অইন দিনৰ দৰেই ঘূৰি আহি প্ৰণতি গোহাঁইহঁতৰ কোৱাৰ্টাৰত সোমালোহি৷ সন্ধিয়া সময়ত আমি প্ৰায়েই চাকৰিৰ দায়িত্ব নেথাকিলে প্ৰণতিবৌহঁতৰ কোৱাৰ্টাৰত আড্ডা মাৰো৷ সেইদিনাও তেনেকৈ আহি সোমাওঁতে বৌৱে পোনে পোনে মোক কলকাতালৈ যোৱাৰ প্ৰস্তুতি কেনে চলিছে সুধিলে৷ মই বন্ধু খাউন্দে কোৱা কথাটো বৌক ক’লোঁ৷ বৌ লগে লগেই জক-জকাই উঠিল-‘কি অকৰা অ’ এইটো, এনেকুৱা সুবিধা বাৰে বাৰে আহিব নেকি? কুল গগৈয়ে আপোনাকহে মাতিছে, খাউন্দক মতা নাই নহয়? আপুনি অকলেই যাওক৷ নহলে পিছত পস্তাব৷’সুৰজিত বৰুৱায়ো প্ৰণতিবৌৰ কথাটোতে হয় ভৰ দি ক’লে - অহাবাৰলৈ যে মাতিব তাৰ কি নিশ্চয়তা আছে? তেতিয়ালৈ কুল গগৈ তাৰ সভাপতি হৈ নেথাকিবওটো পাৰে ! আপুনি খাউন্দৰ কথা নুশুনিব, অকলেই গুচি যাওক৷’দুয়োজনৰ কথা শুনি ময়ো ভাবিবলৈ বাধ্য হ’লোঁ, অহাবাৰলৈ নিমন্ত্ৰণটো পাম বুলিতো ক’ব নোৱাৰো৷ গতিকে হাততে পোৱা সুবিধাটো এৰো কিয়? লগে লগে মই অকলেই যাবলৈ সিদ্ধান্ত ল’লো৷

মই মোৰ কোৱাৰ্টাৰলৈ আহি ৰাতি চিন্তা কৰিলো, লগত তবলা বজাবৰ বাবে প্ৰণৱ খাউন্দক লৈ গ’লে একে লগে দুটা কাম হ’ব, লগ এটাও হ’ব আৰু তেওঁ মোৰ লগত তবলা সংগতো কৰিব পাৰিব৷ গতিকে প্ৰণৱ খাওন্দৰ ওচৰলৈ পুৱাই যোৱাৰ কথা ভাবিলোঁ৷ প্ৰণৱ খাওন্দ তেতিয়া ডিব্ৰুগড়ত থাকে, নামৰূপ থাৰ্মেল হাইস্কুলৰ চাকৰি এৰি পূৰ্ৱাঞ্চল বেংকৰ ডিব্ৰুগড় শাখাত কাম কৰে৷ সেইজন খাউন্দো নামৰূপত থাকোতে মোৰ নলে-গলে লগা বন্ধু আছিল৷ ভবা মতেই পুৱা ডিব্ৰুগড়লৈ বুলি ৰাওনা হ’লোঁ৷

গৈ প্ৰণব খাওন্দক বেংকত লগ ধৰি প্ৰস্তাৱটো দিলোঁ৷ তেওঁ কিন্তু আপত্তি নকৰিলে৷  চাকৰিৰ ছুটি লৈ ডিব্ৰুগড়ৰ পৰা নামৰূপলৈ আহিল৷ দুয়ো একেলগে নামৰূপৰ পৰা নৈশ বাচত গুৱাহাটীলৈ যাত্ৰা কৰিলো৷ গুৱাহাটীৰ পৰা ৰে’লেৰে কলকাতালৈ নতুন এক যাত্ৰা৷ তাৰ আগতে কলকাতালৈ যোৱাৰ সুযোগ পোৱা নাছিলো৷ ৰে’লত যাবলৈ যে আগতীয়াকৈ আসন সংৰক্ষণ কৰিব লাগে, সেইটো ভবাই নাছিলো৷ নামৰূপৰ সহকৰ্মী বাণীকান্ত ঠাকুৰীয়াৰ সম্পৰ্কীয় মানুহ এজনক বিচাৰি হাতে-ভৰিয়ে ধৰিলো কিবা যেন ব্যৱস্থা কৰি দিয়ে৷ তেখেতেও একো কৰিব নোৱাৰিলে যদিও কামৰূপ এক্সপ্ৰেছৰ বাহিৰে আন এখন ৰে’লৰ কথা ক’লে৷ সেইখনতে কিবা কৰি টিকট দুটা যোগাৰ কৰি কলকাতালৈ ৰাওনা হ’লোঁ৷ তেনেদৰে গৈ ২০ জুনৰ দিনাখন বাৰমান বজাত হাওৰা ষ্টেচন পালোগৈ৷

হাওৰা ষ্টেচনৰ আদব-কায়দা দেখি বিচূৰ্তি খালাোঁ৷ চৌদিশে কেৱল মানুহেই মানুহ৷ মানুহৰ মাজত কেনেবাকৈ এৰা-এৰি হওঁ বুলি দুয়ো দুয়োৰে হাতত খামুচি ধৰি বাট বুলিলোঁ৷ এটা সময়ত ষ্টেচনৰ পৰা বাহিৰলৈ ওলাই আহি টেক্সী এখন ধৰি নেশ্বনেল লাইব্ৰেৰীলৈ বুলি গ’লোঁ৷ তেতিয়ালৈকে কলকাতা মহানগৰখননো কিমান ডাঙৰ, নেশ্বনেল লাইব্ৰেৰীনো ক’ত, কিমান দূৰত একো নেজানিছিলোঁ৷ কুল গগৈয়ে মাথোঁ টেক্সী এখনত উঠি নেশ্বনেল লাইব্ৰেৰীলৈ বুলি ক’বলৈ কৈছিল৷ বঙালী ভাষা ক’বও নোৱাৰো, বুজিও নেপাওঁ তেতিয়া৷ সেই কাৰণে নেশ্বনেল লাইব্ৰেৰী বুলিয়েই লাহেকৈ কৈ থ’লো৷ আমি একমান বজাতহে কুল গগৈৰ ঘৰ পালোগৈ৷ তেখেত চিন্তাত আছিল সময়মতে গৈ পাম নে নেপাম বুলি৷ সেই সময়ত এতিয়াৰ দৰে ঘৰে ঘৰে ম’বাইলতো বাদেই ফোনো নাছিল ৷ কলকাতাত জুনমাহৰ গৰম কিমান হ’ব পাৰে সেয়া নকলেও হ’ব৷ কাপোৰ-কানি সলাই, গা-পা ধুই একলগে ভাতৰ পাততে বহিলো৷ ৰ’বৰ সময় নাছিল তেতিয়া৷ ২-৩০ ৰ পৰা সভা আৰম্ভ হোৱাৰ কথা৷

‘খাই-বৈ  উঠি পুনৰ কাপোৰ-কানি পিন্ধি আমি তিনিও ওলালোঁ৷ কুল গগৈয়ে টেক্সী এখন মাতিলে৷ টেক্সীত উঠি দুইমান বজাত আমি অসম ভৱন পালোগৈ৷ অসম ভৱনৰ দায়িত্বত আছিল ধীৰেন শৰ্মা (ধীৰেন শৰ্মাৰ তাৰ পাছতে দূৰ্ঘটনাবশতঃ কলকাতাতে অকাল মৃত্যু ঘটিছিল)এটা সময়ত নামৰূপ সাৰ-নিগমৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া আছিল৷ সেই সময়ছোৱাতে তেখেতক নামৰূপত ভাল দৰেই লগ পাইছিলো৷ তেখেতেই আমাক আদৰণি জনালে৷ ধীৰেন শৰ্মা, কুল গগৈ, প্ৰণব খাউন্দ আৰু তাত গোটখোৱা অন্যান্য লোকৰ সৈতে কথা পাতি থাকোতেই তলৰ মহলাৰ পৰা কথা পাতি পাতি কোনোবা ওপৰলৈ আহি থকা গম পালোঁ৷ ধীৰেন শৰ্মা আৰু কুল গগৈ ততাতৈয়াকৈ তললৈ নামি গ’ল৷ ‘লোড শ্বেডিঙ’ ৰ কাৰণে ‘লিফ্ট’য়ে কামকৰা নাছিল৷ অলপ পিছত দেখিলো পিন্ধনত কূৰ্তা-পায়জামা, পাচফালে বৈ পৰা দীঘল পকা চুলিৰে কথা কৈ কৈ এগৰাকী বয়োজ্যেষ্ঠ লোক ওপৰলৈ উঠি  আহিছে৷ সভাথলী পোৱাৰ লগে লগে আটায়ে আথে-বেথে মাতি নি বহুৱালেগৈ৷ তাৰ পিছতে সভাৰ কাম আৰম্ভ হ’ল৷ আৰম্ভণিতে যেতিয়া সেই বিশিষ্ট ব্যক্তিগৰাকীক উপস্থিত ৰাইজৰ আগত চিনাকি কৰি নিৰ্দ্দিষ্ট আসনত বহিবলৈ অনুৰোধ কৰিলে, তেতিয়াহে গম পালো, সেই গৰাকী আন কোনো নহয়, স্বয়ং হেমাঙ্গ বিশ্বাস, গণশিল্পী হেমাঙ্গ বিশ্বাস৷ নামটো শুনিয়েই আমি থতমত খালো৷ জীৱন্তে কিংবদন্তিস্বৰূপ হৈ পৰা এই গৰাকী বৰেণ্য শিল্পীৰ কথা তাহানিৰ পৰাই শুনি আহিছোঁ৷ কিন্তু এনেদৰে তেখেতক হঠাতে চকুৰ সমুখতে দেখিম বুলি কল্পনাও কৰিব পৰা নাছিলোঁ৷ তাতোকৈ আচৰিত হ’লো তেতিয়া, যেতিয়া সেইগৰাকী কিংবদন্তিস্বৰূপ গণশিল্পীৰ ওচৰতে মোকো আসন গ্ৰহণ কৰিবলৈ উদ্যোক্তা সকলে অনুৰোধ কৰিলে৷ অনুৰোধ ৰক্ষা কৰি মোৰ কাৰণে ৰখা আসনত বহিলোঁগৈ৷৷ এটা সময়ত সভাৰ কাৰ্যসূচী আৰম্ভ হ’ল৷ অনুষ্ঠানৰ বিশিষ্ট অতিথি হেমাঙ্গ বিশ্বাসে বক্তব্য ৰাখিবলৈ লওঁতে মই মোৰ হাতত লৈ থকা টে’প ৰেকৰ্ডাৰটো খুলি সমুখতে থ’লোঁ৷

এক অবিস্মৰণীয় অভিজ্ঞতা৷ হেমাঙ্গ বিশ্বাসৰ দৰে এগৰাকী বৰেণ্য ব্যক্তিৰ নিচেই কাষৰতে বহি ভাষণ শুনিবলৈ পালোঁ৷ সেই ভাষণো আছিল আন এগৰাকী জীৱন্তে কিংবদন্তিস্বৰূপ হৈ পৰা পুৰোধা শিল্পী বিষ্ণু ৰাভাৰ বিৰল সান্নিধ্যৰ প্ৰসংগৰে৷ পূৰ্বে কাহানিও নুশুনা বা ক’তো পঢ়িবলৈ নোপোৱা অলেখ সৰু সৰু অথচ মনত ৰাখিবলগীয়া কথা৷ মই টে’প ৰেকৰ্ডাৰটোত তেখেতৰ ভাষণটো ধৰি ৰাখিলোঁ৷ তেখেতৰ পিছত মোৰ পাল পৰিল৷ মোৰ পৰা কথাত কৈ গান শুনাৰ আগ্ৰহ বেছি আছিল সকলোৰে৷ মই প্ৰথমে নামৰূপৰ মোৰ এগৰাকী অতি ঘনিষ্ঠ শিল্পী-বন্ধু সূৰ্য ভাগৱতীৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত গানেৰে আৰম্ভ কৰিলো-

                    তুমি আমাৰ বাবে বিষ্ণু ৰাভা

                      এটি জুইৰ শিখা হৈ জ্বলি থাকা

                             বৈ আছে বৈ থাকক

                                      অগনি কালিকা হৈ বিষ্ণু ৰাভা

                                                  তুমি আমাৰ বাবে----

   তাৰ পাছতো তিনি-চাৰিটা মান গান পৰিৱেশন কৰিলোঁ৷

অনুষ্ঠানৰ অন্তত হেমাঙ্গ বিশ্বাসে মোক ওচৰলৈ মাতি মোৰ গান আৰু কণ্ঠৰ বহু প্ৰশংসা কৰিলে৷ তাৰ পিছত কুল গগৈক মাতি ভঙা ভঙা অসমীয়া, বঙালী ভাষাৰে ক’লে- ‘এই ল’ৰাটোক কালিলৈ মোৰ ঘৰলৈ আপুনি লৈ যাব৷ বহুত দিনৰ মূৰত ভূপেনৰ দৰে মিঠা আৰু বলিষ্ঠ কণ্ঠৰ আজি গান শুনিবলৈ পালোঁ৷ তেওঁৰ পৰা মই বিষ্টুদাৰ গান কেইটামান ল’ব লাগিব৷’

পাছদিনা কুল গগৈয়ে প্ৰণব খাউন্দৰ সৈতে মোক লৈ টেক্সী এখন ধৰি হেমাঙ্গদাৰ ঘৰলৈ বুলি লৈ গ’ল৷ টালিগঞ্জৰ পৰা নাতিদূৰত নাকতোলা নামে ঠাই, এই নাকতোলাতে  হেমাঙ্গদাৰ ঘৰ৷  সেই সময়ত কলকাতাত সাংঘাতিকভাৱে ‘লোড-শ্বেডিং’ ঘটিছিল৷ বঙ্গত তেতিয়া বাওঁপন্থী দল চি পি আই(এম)য়ে চৰকাৰ গঠন কৰিছে৷ ৰাজপথত যাওঁতেই চকুত পৰিছিল কংগ্ৰেছৰ বিৰাট প্ৰতিবাদী সমদল৷ সমদলৰ শ্ল’গানো কাণত পৰিল ‘ৰাজ্য নিলে চিপিএম, আমাকে দিলে হাৰিকেন’৷ মিচিলৰ চহৰ কলকাতাত সেই প্ৰথম মিচিল আৰু শ্ল’গান শুনিবলৈ পালোঁ৷

এটা সময়ত হেমাঙ্গদাৰ ঘৰ পালোঁগৈ৷ ঘৰৰ নাম হেমাঙ্গদাই ‘জিৰণি’ ৰাখিছে৷ এই ‘জিৰণি’তো  সেই দিনা বিদ্যুৎ নাছিল৷ হেমাঙ্গদাই নিজে দুখনমান বিচনী আনি আমাৰ হাতে হাতে দিছিলহি৷ তাৰ পাছত চা-চিনাকি, কথা-বাৰ্তা৷ সিদিনা আমাৰ বেচি সময় বহা নহ’ল, কিয়নো কুল গগৈৰ চাকৰিৰ সময় হৈছিল৷ আহিবৰ সময়ত হেমাঙ্গদাই পুনৰ মোক ক’লে—‘তোমালোক যদি কালিলৈকে কলকাতাত থাকা, তেন্তে কালিলৈ পুৱাতে মোৰ ঘৰলৈ  আহিবা৷ মই মোৰ ‘Mass Singers Group’-ৰ শিল্পীসকলক মাতি দিম, আমি একালগে গান গাম, গান শিকিম আৰু ইয়াতে তোমালোক দুজনে ভাত খাবা ৷’

হেমাঙ্গদাৰ ঘৰৰ পৰা ওলাই অহাৰ পাছত কুল গগৈয়ে আমাৰ দুয়োকে অইন এঘৰ কুল গগৈৰ চিনাকি মানুহৰ ঘৰলৈ লৈ গৈছিল, মানুহজন আছিল জগন্নাথ ভট্টাচাৰ্য, তেখেতৰ জীয়াৰী নন্দিতা ভট্টাচাৰ্যকো লগ পাইছিলো৷ কিন্তু তেতিয়ালৈকে জনা নাছিলো সেইগৰাকী জগন্নাথ ভট্টাচাৰ্য অসমত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা আছিল বুলি৷ তেওঁৰ জীয়াৰী নন্দিতা ভট্টাচাৰ্যকো পাছত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী কাৰ্যবাহী (নন্দিতা শৰ্মা)বিষয়া, লগতে শাস্ত্ৰীয় সংগীতৰ সুগায়িকা হিচাপে লগ পাওঁতে কথাবিলাকৰ ভূ পাইছিলো ৷

পাছদিনা কুল গগৈ অফিচলৈ ওলাল আৰু প্ৰণব খাউন্দে ময়ে টেক্সী এখন লৈ নাকতোলা পালোগৈ৷ ইতিমধ্যে হেমাঙ্গদাৰ  ‘Mass Singers Group’-ৰ কেইগৰাকীমান শিল্পী আহি বহি আছেহি৷ সেইখিনি সময়তে ৰাষ্টাইদি আমৰ পাচি মূৰত লৈ মানুহ এজনে চিঞৰি চিঞৰি গৈছিল- লেংৰা আম লাগে লেংৰা আম৷ হেমাঙ্গদাই আমাক সুধিলে- ‘তোমালকে লেংৰা আম খোৱানে?’ আমি খাওঁ বুলি কোৱাত পাচি লৈ অহা মানুহটোক ঘৰলৈ মাতি আনিলে৷ তাৰ পিছত আম আৰু ৰসগোল্লা দিলে আমাক খাবলৈ৷ আটায়ে খোৱাৰ পিছত আৰম্ভ হ’ল গানৰ বৈঠক৷ প্ৰথমে মোৰ পৰা সূৰ্য ভাগৱতীৰ ‘তুমি আমাৰ বাবে’গানটো শুনি টে’প কৰি ৰাখিলে৷ তাৰ পিছত আৰু দুটামান গান৷ মোৰ গানৰ পিছত হেমাঙ্গদাৰ সৈতে লগৰ শিল্পীসকলে গালে এটাৰ পিছত এটাকৈ গণসংগীত৷ হেমাঙ্গদাই শুনালে দুটামান চীনক লৈ ৰচিত গান৷ সেই গান কেইটাও মই টে’প কৰি ল’লো৷

সিদিনা হেমাঙ্গদাৰ ঘৰতে দুপৰীয়াৰ সাজ তৃপ্তিৰে আমি দুয়ো খালো৷ হেমাঙ্গদাৰ বৌ ৰাণুদিদি, জীয়ৰী ৰঙ্গিলীয়ে নিজহাতে অপ্যায়ন কৰিলে৷ সেই দিনটো সঁচাকৈয়ে মোৰ বাবে আজিও অবিস্মৰণীয় দিন হৈ আছে৷

 (ক্ৰমশঃ)

ল
লেখকৰ পৰিচয়

লোকনাথ গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)