৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পোহনীয়া চৰাইৰ শোক

লেখকঃ ৰাজীৱ বৰা • প্ৰকাশিতঃ ১৭ জুলাই, ২০২১
২ মিনিট পঠন • ১৪৪২ বাৰ পঢ়া হৈছে

ৰাজীৱ বৰা

 

পোহনীয়া চৰাইটোৱে তাইৰ আঙুলি খুঁটিয়াই

ভাল পায় বাৰীৰ ঢাপৰ কোটাহী-জামু

 

জামুৰঙৰ জিভাখন উলিয়াই

তাই সিঁয়াৰে সুহুৰিয়ায়

 

নোলাবি চৰাই নাহিবি

সজাতে থাক

বাহিৰত মানুহৰ সঁজাত নাই

 

আল্লাইনো গাৰ অংগবোৰ দিছে কেলৈ

সেয়া বুজি নোপোৱা ছোৱালীজনীৰ

শৰীৰটো পৰি থাকিল নিথৰ হৈ

 

তাইৰ বৰতমণি দেহাটো

কামুক দাঁতবোৰে বখলিয়াই খাওঁতে

অসহায় গছবোৰে মূৰ 

আফালিয়াইছিল

 

লাজ ঢাকিবলৈ নাছিল

এচিকটা ফটাকানি

 

তাইৰ ওঁঠৰ তেজ ধুই মৰাপাটডৰাই

বোৱাইছিল চকুপানী

 

চৰাই অ’ সজাৰ চৰাই

আজিৰ পৰা তোৰ আইজনী নাই

 

ঠিকনা :

ৰাজীৱ বৰা

সহযোগী অধ্যাপক, নাজিৰা কলেজ

নাজিৰা, ৭৮৫ ৬৮৫

ফোন : ৭০০২২৫০৮৩৮

e-mail : rajibnaziraঞ্ঝgmail.com

 


ৰ
লেখকৰ পৰিচয়

ৰাজীৱ বৰা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)