৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অনুভৱ তুলসী

লেখকঃ দিগন্ত শইকীয়া • প্ৰকাশিতঃ ২৫ জুলাই, ২০২৫
৩ মিনিট পঠন • ৪৪৯২ বাৰ পঢ়া হৈছে

            আমাৰ সময়খিনিক কবিতাৰ ফ্ৰে'মত ধৰি ৰখিবলৈ সক্ষম হোৱা কম সংখ‍্যক অসমীয়া কবিৰ ভিতৰত অনুভৱ তুলসী অন‍্যতম। বিষয়বস্তুৱেই হওক বা ভাষাৰ ব‍্যৱহাৰেই হওক; প্ৰতীক-চিত্ৰকল্প বা অন‍্যান‍্য কাৰিকৰী দিশতেই হওক, তেখেতৰ কবিতা প্ৰকৃতাৰ্থতেই 'নতুন'। 

            তেখেত নীৰৱতাৰ কবি। তেখেতৰ নিজা এক মানসিক সৌৰজগত আছিল, য'ত তেখেত বিভোৰ হৈ থাকি ভাল পাইছিল। কম কৈছিল, কম লিখিছিল; বেছি পঢ়িছিল। হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন বা নীলিম কুমাৰৰ কবিতাৰ দৰেই সাম্প্ৰতিক সময়ত তেওঁৰ কবিতাও একক আৰু অনন‍্য বুলি ক'লে বঢ়াই কোৱা নহ'ব। ক'বখোজা কথাটো হ'ল তেখেতৰ কবিতাবোৰ 'তেখেতৰ' কবিতাই। অসমীয়া সাহিত‍্যৰ ইতিহাস আৰু পৰম্পৰাত তেখেতৰ কাব‍্য থাকি যাব চিৰদিন।

            কবি হিচাপে তেখেতক দিব লগা মৰ্যাদাখিনি আমি তেখেতৰ জীৱনকালত দিব নোৱাৰিলো যেন বোধ হয়। তেখেতৰ কবিতাৰ গুণৰাজিৰ তুলনাত কমকৈ আলোচিত বা সমালোচিত হোৱা যেন বোধ হয়। ব‍ৃত্তিগতভাৱে বিশ্ব সাহিত‍্যৰ বহু নামজ্বলা কবিৰ অনেক কবিতা যোৱা কিছুবছৰ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই অহাৰ অভিজ্ঞতাৰে ক'ব খোজো যে প্ৰয়াত অনুভৱ তুলসীকে ধৰি বহুকেইজন অসমীয়া কবিৰ কবিতা সেইবোৰ কবিতাৰ সমকক্ষ। ভাল অনুবাদৰ অভাবতেই হওক বা অন‍্য কোনো কাৰণতেই হওক কবিতা সমুহ বিশ্বপ্ৰেক্ষাপটলৈ ওলাই যাব পৰা নাই।

            মানুহ বছৰৰ সংখ‍্যাৰে জীয়াই নাথাকে, কামেৰেহে জীয়াই থাকে। 

        যোৱা ৬ জুন তাৰিখে নগাৱঁত এখন সভাত  প্ৰথম আৰু শেষবাৰ তেখেততৰ সতে কথা পতাৰ সুযোগ পালোঁ। অলপতে কোনো এখন আলোচনীত য়েৎছৰ এটা কবিতাৰ অনুবাদ পঢ়ি বৰ ভাল পোৱাবুলি মই জনাওঁতে তেখেতে য়েৎছৰ আৰু বহু কবিতাৰ অসমীয়া অনুবাদ সাজু কৰি ৰখা বুলি জানিবলৈ দিছিল।তুলনামূলকভাৱে কম বয়সতে বা আকস্মিকভাৱে তেখেতৰ মৃত‍্যু হ'ল যদিও আহিব লগা সময়ত মানৱ সমাজত নিজৰ অস্তিত্বৰ উমান দিবৰ জোখাৰে তেখেতে সকলোখিনি কৰি গৈছে। ভবী প্ৰজন্মক উদ্বুদ্ধ কৰিবৰ জোখাৰে তেখেতৰ কৰণীয়খিনি কৰি গৈছে।

            অমৰ হওক তেখেতৰ কবিতা।

দ
লেখকৰ পৰিচয়

দিগন্ত শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)