৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অদ্বিতীয় অনুভৱ

লেখকঃ ডাঃ অপূৰ্ব কুমাৰ শইকীয়া • প্ৰকাশিতঃ ১৭ জুলাই, ২০২৫
৪ মিনিট পঠন • ২২৩৬ বাৰ পঢ়া হৈছে

ডাঃ অপূৰ্ব কুমাৰ শইকীয়া

    অনুভৱ তুলসীৰ কবিতাই কেতিয়াবা ভূমিৰ কাব্য-প্ৰেমীয়ে মণিব নোৱৰা উচ্চতাত অৱস্থান কৰে৷ এয়া কবিজনাৰ প্ৰতি উচ্চমত বা অভিযোগ দুয়োটা ৷ইয়াৰ কাৰণ হয়তো কেইবাটাও: তুলসীৰ কবিতাত মুক্তপদৰ অন্তৰ্ভুক্তি ,প্ৰথাগত ৰূপৰ পৰা আঁতৰি পৰীক্ষামূলক বৰ্ণনা-কৌশল, বহল বিস্তৃতিৰ বিষয়গত আৰু ভাষিক অন্বেষণ, নিয়মমাফিক সংৰচনা আৰু পূৰ্বানুমেয় ভাষাৰ পৰা আঁতৰি আহি কবিজনাই গ্ৰহণ কৰা 'nuanced' আৰু ব্যক্তিনিৰ্দিষ্ট প্ৰকাশ—— এই গোটেইখিনি৷ ভাষাটোক দক্ষতাৰে সানিপিটিকি পোতনি বা সাৰভাগ  উলিয়াব পৰা বিৰল প্ৰতিভাৰ কবি আছিল অনুভৱ তুলসী৷ তেওঁৰ কবিতা পঢ়িলে বুজা যায় আমাৰ ভাষাটোৰ প্ৰচণ্ড  প্ৰকাশিকা শক্তিৰ স্থিতিস্থাপকতা৷ মই ভাবোঁ , ব্যক্তিগত ৰূপক আৰু ৰূপকীয় ৰূপক (metaphorizing the metaphors)ৰ ব্যৱহাৰ সীমিত কৰাহেঁতেন তেওঁ পাঠক আৰু সমালোচকৰ বেছি ওচৰলৈ আহিব পাৰিলেহেঁতেন৷ ইচ্ছাকৃতভাৱেই তাক তেওঁ নকৰিলে আৰু সমূহৰ মাজত থাকিও অদ্বিতীয় হৈ ৰ’ল৷

আহকচোন আমি কবিৰ 'উৰুমি' (ঊৰুমি)কবিতাটোকে অকণমান আলোচনা কৰোঁ৷

 “লাহে লাহে আবেলি হৈ অহাত ভাবিলোঁ-

আত্ৰাণিৰ ইমানতে অন্ত;

ইয়াৰ পৰাই শান্তিৰ সুষমা৷

মন মেলি দিলোঁ৷

অন্তৰাত্মা আপোনপাহৰা হৈ থাকোঁতে

এবাৰ আত্মাই

ধূসৰ দিনৰ কদমৰ চনকা ডালত ভৰি দিলে৷

নিছিগা ধাৰে তেজ বৈ গৈ নৈ হ’ল৷

আৰু এই চেৰেঙা ৰান্ধনী ৰ’দ দেখা পাই

সন্ধ্যাৰ আকাশত আকউ উৰুমি(ঊৰুমি) লাগিল৷

কবিয়ে ধাৰণা কৰে যৌৱন কেৱল আত্ৰাণি আৰু  ঊৰুমিৰ সমাহাৰ৷ জীৱনৰ আবেলি কবিৰ অনুভৱ হৈছে এয়াই যেন পৰম শান্তিৰ সুষমা ,পিছে এই ধাৰণাও পৰম নহয়৷ আত্মাই কেতিয়াবা 'ধূসৰ দিনৰ কদমৰ চনকা ডালত ভৰি থ’ব’ পাৰে আৰু ই যৌৱনৰ 'কদম তল'ৰ স্মৃতিক জাগ্ৰত কৰি তুলিব পাৰে৷ তেজৰ নৈত এচেৰেঙা ৰান্ধনী ৰ’দৰ অনুভৱে চিৰাচিৰ কৰি তুলিব পাৰে  সন্ধিয়াৰ আকাশৰ সৌম্য৷ এই ঊৰুমিয়ে আচলতে কেতিয়াও জীৱনৰ লগ নেৰে৷ হয়তো জীৱনটো 'a harsh discordant mixture of sounds' !

  অনুভৱ তুলসীৰ কবিতাই কেতিয়াবা ভূমিৰ কাব্য-প্ৰেমীয়ে মণিব নোৱৰা উচ্চতাত অৱস্থান কৰে ৷এয়া কবিজনাৰ প্ৰতি উচ্চমত বা অভিযোগ দুয়োটা ৷ ইয়াৰ কাৰণ হয়তো কেইবাটাও : তুলসীৰ কবিতাত মুক্তপদৰ অন্তৰ্ভুক্তি, প্ৰথাগত ৰূপৰ পৰা আঁতৰি পৰীক্ষামূলক বৰ্ণনা-কৌশল, বহল বিস্তৃতিৰ বিষয়গত আৰু ভাষিক অন্বেষণ, নিয়মমাফিক সংৰচনা আৰু পূৰ্বানুমেয় ভাষাৰ পৰা আঁতৰি আহি কবিজনাই গ্ৰহণ কৰা 'nuanced' আৰু ব্যক্তিনিৰ্দিষ্ট প্ৰকাশ—— এই গোটেইখিনি৷ ভাষাটোক দক্ষতাৰে সানি-পিটিকি পোতনি বা সাৰভাগ উলিয়াব পৰা বিৰল প্ৰতিভাৰ কবি আছিল অনুভৱ তুলসী৷ তেওঁৰ কবিতা পঢ়িলে বুজা যায় আমাৰ ভাষাটোৰ প্ৰচণ্ড  প্ৰকাশিকা শকতিৰ স্থিতিস্থাপকতা৷ মই ভাবোঁ, ব্যক্তিগত ৰূপক আৰু ৰূপকীয় ৰূপক (metaphorizing the metaphors)ৰ ব্যৱহাৰ সীমিত কৰাহ'লে তেওঁ পাঠক আৰু সমালোচকৰ বেছি ওচৰলৈ আহিব পাৰিলেহেঁতেন৷ ইচ্ছাকৃতভাৱেই তাক তেওঁ নকৰিলে আৰু সমূহৰ মাজত থাকিও অদ্বিতীয় হৈ ৰ’ল৷

মোৰ ব্যক্তিগত অনুভৱ , অনুভৱ তুলসীৰ কবিতাৰ সামগ্ৰিক আৰু প্ৰকৃত সমালোচনা এতিয়াও বাকী৷ সময়ে নিশ্চয় তেওঁৰ কবিতাৰ প্ৰকৃত মূল্যায়ন কৰিব৷


ড
লেখকৰ পৰিচয়

ডাঃ অপূৰ্ব কুমাৰ শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)