৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভোক অথবা এই অন্ধকাৰ কালবেলা

লেখকঃ ৰুদ্ৰ সিংহ মটক • প্ৰকাশিতঃ ৩১ অক্টোবৰ, ২০২০
৩ মিনিট পঠন • ৩৬৭০ বাৰ পঢ়া হৈছে

ৰুদ্ৰ সিংহ মটক 

ভোকৰ অন্য নাম দুঃস্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰ
ভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্ৰাসে গিলি হাঁহি থকা
অন্ধকাৰ কালবেলা
 
ভোক হ’ব পাৰে তৃতীয় বিশ্বৰ নিৰ্মম ঘাতক
ভোক হ’ব পাৰে ক’ৰ’নাৰ দৰেই বাঢ়ি অহা
ভয়
সন্ত্ৰাস
বিধস্ত অৰ্থনীতি
মৃত্যুৰ অচিন মহামাৰি‍
 
ভোকত বনৰীয়া কচু খাই চুবুৰীয়া ৰহমত চাচা মৰাৰ দিনা মই
আজাৰাৰ বাইজনীৰ ঢেঁকীয়াৰ আঙুলিবোৰ ভয়ে ভয়ে চুই চাইছিলোঁ
 
তেওঁ হয়তো কৈশোৰতে জানিছিল ভোক নামৰ আদিম দৈত্যটোৰ নিৰ্মম
ঘাতকতাৰ কথা, টুইন টাৱাৰৰ সপোন দেখা আত্মাহীন মহানগৰৰ কথা
 
তেওঁ হয়তো যৌৱনতে দেখিছিল তেজৰ অথাউনী এন্ধাৰত ক’লা সাপ এটা হৈ নাচি থকা নিজৰেই ছায়া
 
বিস্ফোৰিত
ভৱিষ্যৎ
 
বনৰীয়া কচু বিষাক্ত কাঠফুলা খাই অকালতে মৰা কোনো সাংঘাতিক ডাঙৰ কথা
নহয় হেনো, বমি বদহজম তেজ-হাগনি হৈ মৰাও একো ডাঙৰ কথা নহয়
পৃথিৱীৰ মানুহ মাত্ৰেই মৰণশীল…
 
গণতন্ত্ৰই কোনোদিন খুলি চোৱা নাই
ভোক নামৰ কঠিন সত্যৰ কফিনৰ ঢাকনি
 
ভোকক প’ষ্টমৰ্টেম কৰাৰ স্বাধীনতা দিয়া হোৱা নাই ভাৰতবৰ্ষৰ দৰিদ্ৰ
নৰনাৰায়ণক
 
তেওঁলোকক দিয়া হৈছে পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ
তেওঁলোকক দিয়া হৈছে চকু মুদি ভোট দিয়াৰ
পৱিত্ৰতম স্বাধীনতা
 
কংকালসাৰ দিনবোৰে জনা হ’লে গণতন্ত্ৰ নীলা পানীৰ চৰিয়াত গা ধোৱা শিয়ালতকৈ ধূৰ্ত
গণতন্ত্ৰ হায়েনা বা বাঘতকৈও হাজাৰ গুণে ভয়ংকৰ
 
দিনবোৰে চিনি পোৱা হ’লে বমি বিষ্ঠাৰ বাহিৰে একোকে ত্যাগ কৰিব নজনা ভোগবাদৰ
ঈশ্বৰহঁতক
ছদ্মবেশী যীশুহঁতক
 
ভালেই আছিল, হয় ভালেই আছিল দিনবোৰে চিনি পোৱা হ’লে বুকশ্বেলফত
হাঁহি হাঁহি বহি থকা আমাৰ দৰে বৰটোকোলা বুদ্ধিজীৱীহঁতক
 
০০০
ঠিকনা:
লাৰিকা গ্ৰীনভেলী, 
এয়াৰপোৰ্ট ৰোড্,
হাতখোৱাপাৰা-৭৮১০১৭
আজাৰা, গুৱাহাটী।
ভ্ৰাম্যভাষ: ৭০০২৩০৩৮৮২
শ্ৰব্য ৰূপ
ৰ
লেখকৰ পৰিচয়

ৰুদ্ৰ সিংহ মটক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)