৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

স্বৰ্ণ মন্দিৰৰ সোণোৱালী আভা আৰু অমৃতসৰৰ অমৃত

লেখকঃ অংগনা চৌধুৰী • প্ৰকাশিতঃ ৩১ ডিচেম্বৰ, ২০২২
৮ মিনিট পঠন • ৩৭৩৩ বাৰ পঢ়া হৈছে
স্বৰ্ণ মন্দিৰৰ সোণোৱালী আভা আৰু অমৃতসৰৰ অমৃত
ডাঙৰকৈ চাওক (Zoom)

 অংগনা চৌধুৰী


 

বহুদিনৰ পৰাই মন আছিল স্বৰ্ণমন্দিৰলৈ যোৱাৰ৷ অকল স্বৰ্ণমন্দিৰ বুলিয়েই নহয়, গোটেই অমৃতসৰখনৰ প্ৰতিয়েই এক আকৰ্ষণ জাগিছিল মনত৷ সেয়ে ৭ ডিচেম্বৰ ২০২২-ৰ দিনা গুৱাহাটীৰ পৰা দিল্লীলৈ আকাশীযানেৰে উৰা মাৰিলোঁ৷ দিল্লীৰ পৰা অমৃতসৰলৈ আকৌ আমাৰ ফ্লাইট আছিল ৰাতি সাত বাজি চল্লিছ মিনিটতহে৷ সেয়ে দুপৰীয়াৰ আৰু আবেলিৰ কিছু সুন্দৰ মুহূৰ্ত কটালোঁ বিমানবন্দৰৰ ওচৰতে থকা ভাগিনী সুগায়িকা সংগীতাৰ ঘৰত৷ অমৃতসৰত থাকিবলৈ আমি আগতীয়াকৈ ৰূম বুক কৰি থৈছিলোঁ গনেশছ পেলেচ নামে এক হেৰিটে’জ প্ৰ’পাৰ্টিত৷ তাৰ পৰা তেওঁলোকে ৰাতি আমাক নিবলৈ বিমানবন্দৰলৈ গাড়ী পঠিয়াই দিছিল৷ প্ৰায় ৰাতি ন বজাত আমি হেৰিটে’জ হ’মটোত সোমাইছিলোঁ আৰু ভাগৰে-জুগৰে পাতল নৈশ ভোজন কৰি শুই পৰিছিলোঁ৷ আচলতে প্ৰ’পাৰ্টিটোনো কিমান ধুনীয়া সেয়া আমি পাছদিনাহে ব্ৰেকফাষ্ট কৰি উঠি ইফালে সিফালে ঘূৰি ফুৰি অনুভৱ কৰিব পাৰিছিলোঁ৷ তেওঁলোকৰ ফালৰ পৰাই গাড়ী এখন আমাক দিনটোৰ বাবে ঠিক কৰি দিছিল৷ প্ৰথমেই আমি স্বৰ্ণমন্দিৰলৈ বুলি ওলালোঁ৷ বতৰ ফৰকাল, নীলা আকাশ, ফটফটীয়া ৰ’দ আৰু দিনৰ ভাগত ঠাণ্ডা নাই বুলিবই পাৰি৷ ৰাতি পিছে ঠাণ্ডা পৰে৷ গাড়ী পাৰ্কিং কৰা ঠাইৰ পৰা মন্দিৰৰ চৌহদলৈ ভালেখিনি দূৰ খোজ কাঢ়ি যাব লাগে৷ অৱশ্যে জিৰণি ল’বলৈ মাজে মাজে মাৰ্বলৰ বেঞ্চ সাজি থোৱা আছে৷



কোৱা হয় যে গুৰু হৰ গোবিন্দজীয়ে স্বৰ্ণমন্দিৰ স্থাপন কৰিছিল৷ আফগানসকলে এই মন্দিৰ ধ্বংস কৰিবলৈ কেইবাবাৰো চেষ্টা কৰিছিল৷ অৱশ্যে ১৮০১-ৰ পৰা ১৮৩৯ চনৰ ভিতৰত মহাৰাজা ৰঞ্জিত সিঙে সোণৰ পাত চৰাই এই মন্দিৰৰ পুনৰ্নিৰ্মাণ কৰায়৷ সেয়ে ইয়াক স্বৰ্ণমন্দিৰ বোলা হয়৷

চাফ-চিকুণ আৰু কাৰুকাৰ্যখচিত শুভ্ৰ অট্টালিকাৰে ভৰা চৌহদটোত সোমায়েই আমাৰ মনটো ভাল লাগি গ’ল৷ প্ৰৱেশস্থানত কুপন লৈ (বিনা পইচাই) জোতা থোৱা সুন্দৰ ব্যৱস্থা আছে৷ গাড়ীৰ পৰা নমাৰ পাছতেই আমাৰ ড্ৰাইভাৰজনে মোৰ স্বামী আৰু পুত্ৰক মূৰত সযতনে নতুন ৰুমাল বান্ধি দিছিল৷ মই চেলোৱাৰৰ লগত পিন্ধা উৰণাখনেৰেই ওৰণি লৈছিলোঁ৷ পুৰুষ-নাৰী উভয়েই তাত মূৰ ঢাকিহে সোমোৱাৰ নিয়ম৷ সোমোৱাৰ আগে আগে এঠাইত অহৰহ পানী বৈ থকাৰ ব্যৱস্থা আছে, য’ত ভৰি তিয়াইহে ভিতৰলৈ যাব লাগে৷ ভিতৰলৈ গৈ মই থৰ হৈ ৰ’লোঁ৷ কি যে এক পৱিত্ৰতা, কি যে এক ভাললগা অনুভৱ! ভক্তিৰে যেতিয়া অন্তৰ ভৰি পৰে তেতিয়া সদায় মোৰ মুখৰ মাত হৰে আৰু দুচকু পানীৰে ভৰি পৰে৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল৷ এক অনামী পুলকত মই উচুপি উঠিলোঁ৷ পৰম শক্তিৰ ওচৰত আশীৰ্ৱাদ প্ৰাৰ্থনা কৰি আমি তিনিও স্বৰ্ণমন্দিৰত আঁঠু লৈ মূৰ দোঁৱালোঁ৷ স্বৰ্ণমন্দিৰৰ সোণোৱালী আভাই যেন আশীৰ্ৱাদ স্বৰূপে আমাক আজীৱন আৱৰি থাকে, সেয়াই কামনা কৰিলোঁ৷ অগণন ভক্তই তাত নিজ নিজ মনোকামনা ব্যক্ত কৰি প্ৰাৰ্থনা কৰি আছিল৷ কি যে এক সৰগীয় পৰিৱেশ! সময়ৰ অভাৱত আমি লংগৰৰ ফালে নগৈ লাহে লাহে তাৰ পৰা ওলাই আহি জালিয়ানৱালা বাগৰ ফালে খোজ ল’লোঁ৷




জালিয়ানৱালা বাগৰ মুখ্যদ্বাৰত শ্বহীদসকলৰ প্ৰতীক চিহ্ন হিচাপে অজস্ৰ মুখযুক্ত এক শুভ্ৰশিখাৰ দৰে মূৰ্তি দেখা পালোঁ৷ তাৰ কাষতে কৃপাণ হাতত লৈ প্ৰহৰীৰ দৰে ৰৈ আছিল এক শিখ যুৱক৷ লুংলুঙীয়া এক পকী দীঘল বাটেৰে আমি জালিয়ানৱালা বাগ মেম’ৰিয়েল পাৰ্কলৈ সোমাই গ’লোঁ৷ দুয়োপাৰে বেৰত অসংখ্য মূৰ্তি খোদাই কৰা আছে৷ ১৯১৯ চনৰ ১৩ এপ্ৰিলত জেনেৰেল ডায়াৰৰ নিৰ্দেশত তাত সাধাৰণ নিৰস্ত্ৰ জনতাৰ ওপৰত গুলীবৰ্ষণ কৰা হৈছিল৷ ভিতৰলৈ গৈ থাকোঁতে এজাক হিমশীতল বতাহত মোৰ শৰীৰৰ লগতে যেন বুকুৰ ভিতৰখনো কঁপি উঠিছিল৷ আহল-বহল চৌহদেৰে এই ঠাইত বৰ্তমান আছে জালিয়ানৱালা বাগ মেম’ৰিয়েল পাৰ্ক৷ বহুলোকৰ সমাগম থকা সত্তেও যেন তাত এক নীৰৱতা, এক শীতলতা বিৰাজ কৰিছে৷ কিছু সময় তাত কটাই আমি মূল বজাৰলৈ ওলাই আহিলোঁ আৰু মাটিৰ ভাড়ত বিক্ৰী কৰি থকা ‘মছালা চাহ’ খাই লাহে লাহে গাড়ী পাৰ্ক কৰি থোৱা ঠাইলৈ আগুৱাই গ’লোঁ৷ বজাৰৰ গলিবোৰত প্ৰকাণ্ড প্ৰকাণ্ড গিলাছত লচ্চী আৰু মক্কী কী ৰোটিৰ লগত চৰচোঁ কি চাগ বিক্ৰী কৰি আছিল৷ অৱশ্যে আমি থকা হেৰিটেজ হোমত সেইসমূহ খাদ্য অনায়াসে পোৱা গৈছিল বাবে বজাৰত আৰু খাবলৈ নৰ’লোঁ৷ আমি থকা হেৰিটে’জ হ’মত ৰুটিৰ লগত ইমান সুন্দৰ দৈ আৰু তৃপ্তিদায়ক মাখন দিছিল যে মাখনবোৰ এনেয়ে টুকুৰা-টুকুৰকৈ খাই থাকিবৰ মন গৈছিল৷ সেয়া নিশ্চয়কৈ তেওঁলোকৰ ঘৰত অথবা গাঁৱৰ কোনো ফাৰ্মত তৈয়াৰ কৰা৷ সেয়েহে তাৰ সোৱাদেই অনন্য৷ পিছে সকলোতে ইমান ঘিঁউ আৰু মাখন ব্যৱহাৰ কৰিছিল যে মাজে মাজে খাবলৈ লৈ ভয়ো লাগিছিল৷ কাৰণ অসমততো আমি ব্যঞ্জনবোৰত ইমান ঘিঁউ, মাখন ব্যৱহাৰ নকৰোঁ৷ কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব, সেয়া হ’ল প্ৰতিটো ব্যঞ্জনৰ সোৱাদ আছিল বঢ়িয়া৷

আৰু এটা কথা, অমৃতসৰৰ বুকুত লুকাই থকা অমৃতৰ কলচীটো হ’ল, তেওঁলোকৰ আপ্যায়ন, ভদ্ৰতা, মৰমিয়াল মাত-কথা আৰু আনক সহায় কৰাৰ প্ৰৱণতা৷ আমি থকা হেৰিটে’জ হ’মৰ মালিক পক্ষই হওক বা কৰ্মচাৰীবৃন্দই হওক, দিনটো একেলগে ঘূৰি ফুৰা ড্ৰাইভাৰজনেই হওক বা স্থানীয় লোকেই হওক, সকলোৰে অমায়িক ব্যৱহাৰে আমাক মুগ্ধ কৰিছিল৷



দুপৰীয়াৰ আহাৰ খাই উঠি ৰাওনা হ’লোঁ ৱাঘা সীমান্তলৈ৷ আবেলি সেই ঠাইডোখৰ হাজাৰ হাজাৰ মানুহেৰে ভৰি পৰে৷ বহুত মানুহ যদিও কোনো খেলি-মেলি নাছিল৷ শাৰী পাতি পাতি পুৰুষ-মহিলা সকলো আগ বাঢ়িছিল৷ ভিতৰত বিশাল এক গেলেৰীত সুন্দৰ বহাৰ ব্যৱস্থা৷ দৰ্শকৰ উৎসাহ বঢ়াইছিল বি. এছ. এফ.-ৰ জোৱানসকলে৷ দেশভক্তিমূলক গীত লগাই থোৱা হৈছিল আৰু পেৰেড আৰম্ভ হোৱাৰ আগৰ সময়ছোৱা দৰ্শকৰ মাজৰ পৰা বহুলোকে ভাৰতৰ পতাকা হাতত লৈ তাত নাচ-গান কৰিছিল৷ পেৰেড আৰম্ভ হোৱাৰ সময়খিনিলৈ আছিল সকলোৰে ভীষণ উৎসুকতা৷ সীমাত থকা দ্বাৰখন যেতিয়া খুলি দিয়া হৈছিল, তেতিয়া দৰ্শকৰ হৰ্ষোল্লাসে আকাশ-বতাহ মুখৰিত কৰি তুলিছিল৷

এক কাহানিও পাহৰিব নোৱৰা পৰিৱেশৰ পৰা বেলি ডুবাৰ পৰত বিদায় মাগি পুনৰ অমৃতসৰৰ মূল চহৰলৈ গতি কৰিছিলোঁ৷ লাহে লাহে আন্ধাৰ হৈ আহিছিল আৰু বিজুলীবাতিবোৰ জ্বলি উঠিছিল৷

ৰাতি হেৰিটে’জ হ’মত শুই থাকোঁতে ভাবিছিলোঁ আকৌ বা কেতিয়া অহা হ’ব এই ঠাইলৈ! হয়তো বহু বছৰৰ মূৰত অথবা কাহানিও নহয়৷ প্ৰতিখন ঠাইক বিদায় দিবৰ পৰত মোক এইভাগি শোকে খুন্দা মাৰি ধৰে৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল৷

পাছদিনা দুপৰীয়া দিল্লী অভিমুখে যাত্ৰা কৰিবলৈ অমৃতসৰৰ বিমান বন্দৰলৈ আহিলোঁ৷ বিমানবন্দৰটো যথেষ্ট সুৰুচিপূৰ্ণভাৱে সজোৱা অৰু চালে চকু ৰোৱা৷ যিহেতু দিল্লীৰ বুৰঞ্জীমূলক স্থানসমূহ আগতে আহোঁতে চোৱা হৈ গৈছিল আৰু বজাৰ-সমাৰসমূহো ঘূৰিছিলোঁ৷ সেয়ে এইবাৰ সদায় বৰ আগ্ৰহেৰে মাতি থকা দুগৰাকী বান্ধৱীৰ ঘৰলৈকে যাম বুলি ঠিক কৰিলোঁ৷ দিল্লী পাই সেইদিনা গধূলি হজখাচ ভিলেজতে কিছু ঘূৰি-ফুৰি ৰাতি হোটেলত জিৰণি ল’লোঁ৷ পাছদিনা সুলেখিকা দীপামণি শইকীয়া আৰু কটনত পঢ়া দিনৰে অন্তৰংগ বান্ধৱী দিল্লী বিশ্ববিদ্যালয়ৰ এছ’ছিয়েট প্ৰফেছৰ ড০ ৰত্নোত্তমা দাস বিক্ৰমৰ ঘৰলৈ গ’লোঁ৷ দুয়োৰে ঘৰত আদৰ-আপ্যায়নৰ মাজত সময়বোৰ কেনেকৈ পাৰ হ’ল গমকে নাপালোঁ৷

পাছদিনা গুৱাহাটীলৈ উভতিবলৈ দিল্লীৰ বিমানবন্দৰত যেতিয়া বহি আছিলোঁ, তেতিয়া এটা কথাই বাৰে বাৰে মনলৈ আহিছিল৷ সেয়া হ’ল প্ৰতিটো ভ্ৰমণে আমাক যিমান সুমধুৰ স্মৃতি আৰু অভিজ্ঞতা দিছে, জীৱনত আন একো বস্তুৱেই হয়তো সিমান সুখ দিব নোৱাৰে৷   

 

অ
লেখকৰ পৰিচয়

অংগনা চৌধুৰী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)