৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অনুপ্ৰেৰণাৰ উৎস

লেখকঃ চন্দ্ৰাৱলী বৰঠাকুৰ • প্ৰকাশিতঃ ৩১ জুলাই, ২০২২
৩ মিনিট পঠন • ৮৯৮ বাৰ পঢ়া হৈছে
অনুপ্ৰেৰণাৰ উৎস
ডাঙৰকৈ চাওক (Zoom)

চন্দ্ৰাৱলী বৰঠাকুৰ

 

FAILURE ISN’T FATAL

BUT, FAILURE TO CHANGE MIGHT BE - JOHN WOODEN

আত্মবল হৈছে পৃথিৱীৰ সবাতোকৈ শক্তিশালী শক্তি। এই বলৰ অধিকাৰী হ’লে শাৰীৰিক বাধা-বিঘিনি, অৰ্থনৈতিক বাধাগ্ৰস্ততাকে আদি কৰি সকলো ধৰণৰ প্ৰতিকূলতা নেওচি সফলতাৰ শীৰ্ষত আৰোহণ কৰিব পাৰি। শিক্ষা কেৱল মানসিক আৰু শাৰীৰিকভাৱে সবল লোকৰ বাবেই নহয়। পৃথিৱীৰ সকলো নাগৰিকৰ বাবে ই এক আমোঘ মন্ত্ৰ। এনে শাৰীৰিক অৱস্থাৰ গৰাকী হ’ল কাৰ্তিক কন্সাল৷

কাৰ্তিক ২০২১ বৰ্ষৰ ইউ.পি.এছ.ছি. অসামৰিক পৰীক্ষাত ২৭১ স্থান লাভ কৰি দিব্যাংগ, শাৰীৰিক অসুস্থ লোকৰ বাবে এক অনুপ্ৰেৰণাৰ প্ৰতীক হৈ ৰৈছে। উত্তৰাখণ্ড হৰিদ্বাৰ (ৰোৰকী) ৰ স্থিত কাৰ্তিকে মাত্ৰ ৮ বছৰ বয়সতে “Muscular Dystrophy” নামৰ জটিল ৰোগত আক্ৰান্ত হয়। যাৰ ফলত গাৰ অংগৰ চলাচলত ব্যাঘাত জন্মে। ফলত তেওঁৰ সাৰথি  হৈ ৰ’ল এখন চকা লগা চকী। পাৰ্কত বন্ধুৰ সৈতে খেলা-ধূলাৰ পৰিৱৰ্তে তেওঁ Therapy, যোগ আদি কৰি সুস্থ হ’বৰ বাবে যুজিঁছিল।

অতিশয় তীক্ষ্ম বুদ্ধিৰ কাৰ্তিকে এনে অৱস্থাতো পঢ়াৰ প্ৰতি অৱহেলা কৰা নাছিল। তেওঁ ২০১৮ চনত IIT ROORKEE-ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত GATE পাছ কৰি UPSC ENGINEERING SERVICE পৰীক্ষা পাছ কৰে৷ কিন্তু তেওঁৰ এই শাৰিৰীক অসুস্থতাৰ বাবেই তেওঁ এই চাকৰিৰ পৰা বঞ্চিত হ’ল। এই ঘটনাৰ পাছত তেওঁ মানসিকভাৱে ভাঙি পৰে, চাৰিওফালে যেন কেৱল অন্ধকাৰ.... অন্ধকাৰ... অন্ধকাৰ..। তেওঁ থিৰাং কৰিলে যে তেওঁ এই সমাজলৈ পৰিৱৰ্তন আনিব আৰু দিব্যাংগ লোকসকলক  তেওঁলোকৰ যি অধিকাৰ সেইয়া দিয়াব।

পৰৱৰ্তী সময়ত UPSC CSE-ৰ  প্ৰস্তুতি  চলালে। ২০১৯ বৰ্ষৰ পৰীক্ষাত ৮১৩ স্থান লাভ কৰে, কিন্তু এই স্থানত সন্তুষ্ট নহৈ পুনৰ ২০২০ বৰ্ষত দিয়ে, কিন্তু উত্তীৰ্ণ নহয়। অৱশেষত ৩নং প্ৰয়াসত উত্তীৰ্ণ হয়। বহু কষ্ট, সংকটৰ সময়ত তেওঁৰ সাহস হৈ ৰৈছিল তেওঁৰ পিতৃ, মাতৃ আৰু ভাতৃ।

বহু কষ্ট, সমস্যাৰ  সন্মুখীন হৈও তেওঁ নিজৰ আত্মবল, শ্ৰম, বুদ্ধি আৰু আত্মবিশ্বাসেৰে এই স্থান লাভ কৰি তেওঁ ইতিহাসতে নাম লিখি থৈ যোৱাৰ উপৰিও দিব্যাংগ, শাৰীৰিকভাৱে অসুস্থ লোকৰ বাবে এক অনুপ্ৰেৰণা, উৎসাহৰ প্ৰতীক হৈ ৰৈছে। বৰ্তমান তেওঁ ISRO HARIDWAR-ৰ বিজ্ঞানী হিচাপে কৰ্মৰত৷

 

একাদশ মান

ক্ৰিছেণ্ট একাডেমি, যোৰহাট

 


চ
লেখকৰ পৰিচয়

চন্দ্ৰাৱলী বৰঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)