৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বচা বকুল

লেখকঃ ৰমানন্দন বৰা • প্ৰকাশিতঃ ২৪ নৱেম্বৰ, ২০২২
১৪ মিনিট পঠন • ৪১১৮ বাৰ পঢ়া হৈছে

পাহিতাৰ ল’ৰা হোৱাৰ বতৰাটো দশৰথৰ টিকাত থকা বছা গাঁৱৰ মানুহখিনিৰ মাজতো এছাটি কোমল বতাহৰ দৰে বিয়পি পৰিল৷ পাহিতাৰ মাকৰ মনটো দুখৰ ডাৱৰে ওন্দোলাই আনিলে৷ আনে নেদেখাকৈ এসোঁতা কান্দিলে৷

বছা গাঁৱত পানী কমিছে, যদিও মানুহবোৰ তালৈ যাব পৰা হোৱা নাই৷ যাদৱহঁতৰ ঘৰ চোতালেদিয়েই নৈখনে এটা ডাঙৰ সুঁতি কৰি বাট লৈছে৷ সিহঁতৰ পদূলিটো একঁকাল দকৈ খান্দিলে৷ বছা গাঁৱৰ বাছ চলা ৰাস্তাটোও পানীয়ে ছিঙি টুকুৰা-টুকুৰ কৰিলে৷ এতিয়া নৈখন সিহঁতৰ গাঁৱৰ মাজেৰে বৈ গৈছে৷ বৰষুণ দিলেই নৈৰ পানী বাঢ়ে৷ পানী বাঢ়িলেই আটাইবোৰ মানুহৰ ভেটি বুৰাই পেলায়৷ বাৰিষা ভঙা মাথাউৰি বন্ধাৰ কোনো যুগুতি চৰকাৰৰ নাই৷

বহুতৰে ঘৰবোৰ হাওলি পৰিলে৷ পঁচা বাঁহৰ খুঁটা৷ পানীৰ হেঁচাত ক’ৰ পৰা ৰ’ব? গোবৰ মাটিৰে মচা বেৰবোৰে পানী শুহি লৈ চমকা-চমকে খহিছে৷ ভেটিটো ওলালেই পানীত মৰা পোক-পৰুৱা, কেঁচু-কুমটিৰ গোন্ধে নাকত ধৰেহি৷

বাৰীৰ পাণ, জালুক, অমিতা, জলকীয়া আটাইবোৰ জঁয় পৰি আহিল৷ আম, কঁঠাল, লেতেকু, পনিয়ল, তামোল, নাৰিকল আদি ডাঙৰ ডাঙৰ গছবোৰ ৰ’ল৷ সৰু গছৰ ভিতৰত বাচিল কেৱল কাজি নেমুটেঙা৷ গোল নেমুও গ’ল৷ পুখুৰীৰ পোহনীয়া মাছবোৰ নৈৰ বুকুত৷

বানে এনেকৈ গৰকি থৈ যোৱা বাৰী-ঘৰত আকৌ জীৱন-যাপন আৰম্ভ কৰাটো বৰ কষ্টকৰ কাম৷ ডাঙৰ অসুবিধাটো হ’ল— কোনেও কাৰো ঘৰত বন এখনৰ সহায় কৰি দিবলৈ আহৰি নাই৷ নিজৰ কামত সকলো ব্যস্ত৷ এতিয়াহে বুজা গ’ল— বুঢ়া-মেথাই কিয় কয়, সাঁতোৰ সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যাবি ৰসাতলে৷

পানীৰ ভয়ত বাম ঠাই বিচাৰি আহি দশৰথৰ টিকাত থাকিবলৈ লোৱা মানুহখিনি ৰসাতলতে আছে৷ দুখ-দুৰ্গতিৰ অন্ত নাই৷ কাক ক’ব, কোনে পতিয়াব? সেই কাৰণে নিজৰ ভেটিলৈ ঘূৰি যাবলৈ আটাইবোৰ মানুহৰ প্ৰথম চিন্তা৷

ভেটি ওলালেই ঘৰৰ ভিতৰতে বাঁহৰ চাং পাতি তাতে শোৱা, খোৱাৰ ব্যৱস্থা কৰিবলৈ মানুহবোৰে হাতে-কামে লাগিলে৷ পুৱাতে মতা মানুহবোৰে দা-কুঠাৰ লৈ পানী ভগনীয়া নিজৰ গাঁৱলৈ যায়৷ সন্ধিয়া ঘূৰি আহে৷

ভালিৰামেও পুতেকহঁতক লৈ সেইটো কামকে কৰিছে৷ গাঁজ আহিবৰ সময়ত বাঁহকেইজোপা পানীত বুৰিল৷ এতিয়া বাঁহ কাটোঁতে গোটেইজোপা বাঁহৰেই গুৰি লৰিছে৷ এইবাৰ গাজ নোলাব আৰু৷ তথাপি উপায় নাই৷ বাৰীৰ বাঁহকেইজোপালৈ ভালিৰামৰ বৰ হেঁপাহ “জীয়াই থাকো মানে কৰোঁ কাঠি-কামি মৰিলে লগতে যায়৷” বাঁহ থাকিলেহে সাহ৷ সঁচা কথা৷ পুঁৱতী সময়ত ভালিৰামে বাঁহকেইজোপাৰ গুৰি গচকিবলৈ নিদিয়াকৈ ৰাখে৷ আন সময়ত কাটিবলৈ হ’লেও গৰজ চাই কেতিয়াবা আগমৰা আৰু কেতিয়াবা বুঢ়া, আঁত মৰা, পোৱালি দিব নোৱৰা হোৱা বাঁহকেইডালহে কাটে৷ এতিয়া উপায় নাই৷ সংকটকালত ধৰ্ম নাই৷

বানে ভঙা ঘৰখন থান-থিত লগাই লোৱাৰ চিন্তাত পাকঘূৰণি খাই থকা ভালিৰামৰ আগত ঘৈণীয়েকে পাহিতাৰ ল’ৰা হোৱাৰ কথা আলোচনা কৰিবলৈ সুযোগ পোৱা নাই৷ মনৰ কথা মনতে পাক খাই মানুহজনীক কিবা আওকণীয়া কৰি তুলিছে৷

“তই দহোঁ, কিবাকিবিখন চিন্তা কৰি থকা হৈছ৷ আমাৰেই হৈছে নে? ৰাইজখনৰ হৈছে৷ ৰাইজ তৰিলে তৰিবি, ৰাইজ মৰিলে মৰিবি৷ তাৰ চিন্তাতে নেখাই থাকিবিনে?”

খোৱাৰ নামত ৰেচন চাউলৰ ভাত৷ প্ৰথম দুদিনমান অকটা গোন্ধৰ বাবে খাব পৰা নাছিল৷ এতিয়া সহিব পৰা হৈছে৷ মচুৰ দাইল, চয়াবিন, ভাতকেৰেলা আৰু আলুৰ ভাজিৰে এজেবা নিমখ আৰু জলকীয়া এটা লৈ তাকে ভাতসাঁজ এইকেইদিন খাই আছে৷ ভাতকেইটা বাঢ়ি দিবলৈ লওঁতে তাইৰ শোকে খুন্দা মৰি ধৰে৷ মেটমৰা ভঁৰালত বিধে বিধে ধান আছিল৷ বিধে বিধে চাউল৷ এতিয়া সেইজনৰ কাঁহীত ৰেচনৰ থৰহা থৰহ ভাত৷

“কি হ’ল? মোক একো নালাগে৷ নিজেও বাঢ়ি ল’৷”

“পাহিৰ ল’ৰা এটা হ’ল৷”— বৰ সৰুকৈ তাইৰ মাতটো ওলাল৷

“শুনিছোঁ৷ তাতে কি হ’ল?”— খহটা উত্তৰ৷

ভালিৰামে খৰখেদাকৈ আৰু দুমোকোৰামান ভাত মুখলৈ সুমুৱাই বাকীখিনি কাঁহীতে এৰি উঠি গ’ল৷

ঘৈণীয়েকে কি কৰিব কি কৰিব ভাবি গিৰিয়েকে এৰি যোৱা কাঁহীতে দাইল অকণ লৈ বাকী দুগৰাহমান খাবলৈ যত্ন কৰিলে৷ তথাপি কাঁহীখন পৰিষ্কাৰ নহ’লগৈ৷ খাবলৈ মন নগ’ল৷

খাই উঠি ভালিৰামে পুৰণি অভ্যাস মতেই পোনে পোনে বিছনালৈ গ’ল৷ প্ৰথম দুদিন মাটিত শুকান খেৰ পাৰি শুইছিল৷ এতিয়া তাৰ ওপৰত পাৰিবলৈ কঁথা এখন ঘৰৰ পৰা যেনে তেনে আনিলে৷ দুনল দীঘল আৰু এনল বহল চালিখনৰ মাজতে টিনপাত এখিলা দি ভাগ কৰা হৈছে৷ এফালে ল’ৰাহঁত, আনফালে ভালিৰাম আৰু ঘৈণীয়েক৷

চাকিটো নুমুৱাই বিছনাত পৰাৰ পিছত ঘৈণীয়েকৰ ফালে নুঘূৰাকৈয়ে ভালিৰামে ক’লে, “চিন্তা নকৰিবি৷ চাওঁতা আছে, চাব৷ আগৰ গৰুৰ পিছে পিছে আনবোৰ গৈ আছে৷”

ভালিৰামৰ ইংগিতটো তাই ভালকৈয়ে বুজিছে৷ তেওঁৰ মতে জেঠায়েক সোণেই হ’ল যত কূটৰ ঘাই৷ তাইৰ হিত-মত নথকা হ’লে তেওঁৰ ছোৱালীয়ে এনেকুৱা কাম নকৰিলেহেঁতেন৷

ঘৈণীয়েকে ভাবিলে, “দোষটোনো কাৰ?”


*    *    *


ওঠৰ

 

এমাহত নৱজাতকক শুদ্ধি কৰা নিয়ম৷ জাত-ধৰ্ম নকৰালৈকে চণ্ডাল হৈ থাকে৷ গতিকে এমাহৰ ভিতৰত জাতলৈ উঠোৱা নিয়ম৷ কিন্তু আহাৰ-শাওণ খেতিৰ মাহ৷ আহৰি কাৰো নাই৷ নতুন মাটিত খেতি কৰিবলৈ লোৱা বেণুৰ বাবে ভাত খাবলৈও আহৰি নোহোৱা দৰে৷ গৰু ৰাখিবলৈ আহি তাৰ ঘৰতে থকা বিপিন আৰু দীঘলাই তাৰ সকলো কামতে বাৰুকৈয়ে সহায় কৰিছে৷ বকুল চাপৰিত গৰু ৰখাৰ নিয়ম নাই৷ খেৰনি লৈ গৰু খেদি দিয়ে৷ গৰু নিজেই চৰে আৰু পেট ভৰিলে সন্ধ্যা নিজে ওলাই আহে৷ কেতিয়াবা দুই-এটা বনৰজাৰ পেটত সোমালেও কোনেও সেইটো কথা ভয়ংকৰ বুলি নাভাবে৷ বছা গাঁৱৰ গৰুজাক ৰাখিবলৈ পাঁচটা গৰখীয়া নালাগে৷ কাম একো নাই৷ মাথোন গছৰ ওপৰত উঠি মাজে মাজে জাকটোৰ গতিবিধি মন কৰিলেই হয়৷ পাঁচটা গৰখীয়াৰ দুটাই বেণুৰ কামত লাগি থাকিলেও একো দিগদাৰ নাই৷ “তাৰ ঘৰতে খাইছোঁ, শুইছোঁ৷ সিয়েই ইমানবোৰ সুবিধা দিছে৷ তাক সহায় নকৰি কাক কৰিবা৷” আঘোণ-পুহলৈকে চাগে গৰুজাক বকুল চাপৰিতে ৰাখিব লাগিব৷ বছা গাঁৱৰ দলনিত এতিয়া ভোগদৈৰ বালি৷ পানী শুকাই পথাৰত নতুন ঘাঁহ ওলাবলৈ সময় লাগিব৷

“ভাদ পৱি‍ত্ৰ মাহ৷ মহাপুৰুষৰ দুয়োজনাৰ তিথি৷ সেই তেতিয়াই নামষাৰ হওক৷”— নাৰায়ণ গোসাঁয়ে মহেনক কৈ পঠালে৷ বকুল চাপৰিত নামঘৰ যেনেকৈ নাই, নামতীও নাই৷ ভকত বুলিলেও ডিঙিত গামোচাখন আঁৰি মাহ-প্ৰসাদ খোৱা কেইজনমান আছে৷ কাৰো এইবিলাকলৈ মতি-গতি নাই৷ তাৰ ফলত কাৰোবাৰ কিবা ক্ষতি হৈছে বুলিও নাই৷ নাৰায়ণ গোসাঁয়েই সেইবোৰ কামত বকুল চাপৰিৰ ৰাইজক তাৰি আছে৷ তেৱেঁই তিনি-চাৰিজন ভকত লগত লৈ আনে৷ তেওঁলোকেই আসন পতা, শৰাই সজোৱা, মাহ-প্ৰসাদ ধোৱা আদি কামবোৰ কৰে৷ গোসাঁয়ে নাম গায়৷ নামৰ শেষত ভকতসকলক তেওঁলোকে প্ৰসাদ বিতৰণ কৰাৰ পিছত আন গঞা আৰু ল’ৰা-ছোৱালী, তিৰোতাসকলক প্ৰসাদ বিতৰণৰ বাবে বোপাৰাম বিষয়া, ফটিক দাসৰ নিচিনা দুজনমান বুজন ভকতক দায়িত্ব দিয়ে৷ নিয়াৰিকৈ আটাইবোৰ কাম চলে৷

বেণুৰ ঘৰৰ শুদ্ধি-সকামো তেনেদৰেই চলিল৷ আয়োজনটো বৰ ক্ষুদ্ৰ নাছিল৷ গোসাঁইক চাল-পীৰা পাৰি ভৰি ধুৱাই আদৰি অনা, ভকত আদৰণি কৰাৰ পৰা গোসাঁইক গুৰু মাননি আৰু ভকতসকলক শকত ভোজনী দি বিদায় দিয়ালৈকে সুকলমে হ’ল৷

নৱ জাতকৰ নামকৰণ পৰ্বত নাৰায়ণ গোসাঁয়ে ক’লে— “এতিয়া আহিল আমাৰ গৰ্গ ঋষিৰ কাম ভাগি৷ ভগৱন্ত কৃষ্ণৰ জাত-কৰ্ম কৰি গৰ্গ ঋষিয়ে কৃষ্ণ নাম থৈছিল৷ “জাত কৰ্ম কৰি গৰ্গ ঋষি থৈলা নাম৷ গোকুলত ক্ৰীড়ান্তে ফুৰন্তে কৃষ্ণ ৰাম৷” আমাৰ কানায়ো এই পৃথিৱীত ক্ৰীড়া কৰিব, লোকৰ হিত সাধিব, ভগৱন্তৰ নাম-গুণ ল’ব৷ পিতৃ-মাতৃ, জ্ঞাতি-কুটুম্ব, গুৰুজনৰ নাম উজ্জ্বলাব৷ জাতকৰ কইনা ৰাশি৷ গুপ্ত নাম পৰশুৰাম থোৱা হ’ল৷ ভগৱন্তৰে নাম৷ জাগতিক নাম মাক-বাপেকে চিন্তা কৰিব৷” সকলোৱে হৰি ধ্বনি কৰিলে৷

বেণু-পাহিতাৰ ক’ব লগা আছিল৷ কিন্তু কিনো ক’ব? কেনেকৈ ক’ব? ৰ’দৰ জীয়েক ন’হল বাৰু! মেঘৰ পুতেকতো হ’ল৷ জাগতিক নাম কি দিব? সিহঁতৰ বিদ্যা-বুদ্ধিয়ে ঢুকি নাপায়৷ প্ৰভুক সুধিব লগা আছিল৷ আছুতীয়াকৈ সুধিব পাৰি, সমজুৱাকৈ নোৱাৰি৷

নাৰায়ণ গোসাঁয়ে বোপাৰাম বিষয়াক এটা নতুন দায়িত্ব দি গ’ল৷ ঠিক ৰাজহুৱাকৈ কথাষাৰ ক’লে, “আমাৰ বোপৰাম বিষয়ালৈ এটা অনুৰোধ কৰা হৈছে৷ বকুল চাপৰি এতিয়া পাম হৈ থকা নাই, গাঁৱেই হৈছেহি৷ সেই কাৰণে সমাজ এখন লাগে, নামঘৰ এটা লাগে৷ দাইচালি কামবোৰ তুমিয়েই কৰিব পাৰা৷ ফটিক ৰামে দেউৰীৰ কাম কৰিব পাৰে আৰু দুই-এজন বাছি‍ লোৱাঁ৷ সকাম-নিকামবোৰ তোমালোকে নিজেই চম্ভালিবলৈ লোৱা৷ বয়সৰ ফালৰ পৰাও  সঠিক সময়৷ নাতিৰ মুখ দেখিলা৷ এতিয়া হৰিৰ মুখ দেখিব লাগে৷ .... শৰণৰ কথা কেইফাঁকি মনত আছেনে নাই? পাহৰিছা যদি সোঁৱৰণ কৰোৱা হ’ব৷ ভজনৰ কথাকেইফাঁকিও লৈ ল’বা৷ এদিন আটাইকেইজন সপৰিবাৰ আমাৰ সত্ৰলৈকে যাবা৷ ময়েই আহিলোঁহেঁতেন; কিন্তু ইয়াত গুৰু আসনভাগ স্থায়ীকৈ ক’তো নাই৷ ব্যৱস্থা এটা কৰাঁ৷”

গোসাঁয়ে সঠিক কথাই কৈছে৷ আনৰ পৰা ভকত বিচাৰি সকাম-নিকাম কৰাটো বৰ সুবিধা নহয়৷ উপস্থিত সকলো ভকতে গোসাঁইৰ কথা হয়ভৰ দিলে৷

শুদ্ধিকৰণ সকাম পাৰ হ’ল৷

বোপাৰাম বিষয়াৰ গাত গোসাঁয়ে এটা ডাঙৰ দায়িত্ব দি গ’ল৷ গুৰুৰ বাক্য অলংঘনীয়৷ এটা ডাঙৰ সমস্যাত পৰিল বিষয়া৷ তেওঁ ধৰ্ম-কৰ্মত বৰ ৰাপ থকা মানুহ নহয়৷ “ধৰ্মকো জানহো মই তথাপি প্ৰবৃত্তি নাই৷ অৰ্ধমতো নিবৃত্তি নোহয়৷” জাতীয় মানুহ বোপাৰাম বিষয়া৷ কাম কৰিব লাগে, খাব লাগে৷ জীৱনটো তেনেকৈ পাৰ কৰিবলৈ পোৱা হ’লেই তেওঁ সুখী হ’লহেঁতেন৷ কিন্তু সময়ে কেতিয়াবা বেলেগ চিন্তা কৰোৱায়৷ বছৰেকত নামষাৰ পাতিলেও নাপাতিলেও তেওঁ বৰ চিন্তা নকৰে, কিন্তু বিয়া এখন ওলালে বা কোনোবা এজন ঢুকালে বৰ সমস্যা হয়৷ আনৰ গাঁৱৰ মানুহৰ ওপৰত আটাইবোৰ কথা নিৰ্ভৰ কৰাটো ভাল নহয়৷ পৰত আশ বনত বাস৷ প্ৰমাণ হাতে হাতে পাইছে৷ বহুত বাৰ৷ গোসাঁইৰ পৰা কথা শিকি-বুজি ল’লে তেওঁ কামবোৰ কৰিব পাৰিব৷ নিজৰ ওপৰত সেই বিশ্বাস আছে৷ তেওঁৰ সমস্যাটো হ’ল— অ’ত নাখাবা, ত’ত নাখাবা৷ আৰ হাতে নাখাবা, তাৰ হাতে নাখাবা— এই ধৰণৰ কথাবোৰ৷

ধৰ্মটোৱে মানুহৰ মাজতে ইমান ভেদাভেদ আনে৷ ঘৰৰ মানুহকে সন্দেহ কৰিবলৈ শিকায়৷ ভকতৰ মাজত থৈয়া-নথৈয়াবোৰ তেওঁ বেয়া পায়৷ তদুপৰি মিচিং গাঁৱৰ উমাৰাম, ডেম্বিহঁত বা উজনি চুকৰ পাৰচ চিং, যাদৱ চৌধুৰী তেওঁৰ বুকুৰ আপোন৷ বকুল চাপৰিত প্ৰথম বহোঁতে তেওঁলোকৰ সহায় পাহৰিলে তেওঁক দোষে চুব৷ এতিয়া ‘ভকত’ হ’লে তেওঁৰ প্ৰাণৰ বন্ধুহঁতৰ পৰা আঁতৰি আহিব লাগিব নেকি?

বোপৰাম বিষয়া চিন্তাত পৰিল৷

তথাপি, নাৰায়ণ গোসাঁইৰ কথাষাৰ ৰাখিব লাগিব৷ বিষয়টো সমাজৰ ফালৰ পৰাও গুৰুত্ব আছে৷ হেন জানি ভাদৰ পূৰ্ণিমাতে তেওঁলোক নাৰায়ণ গোসাঁইৰ সত্ৰ পালেগৈ৷ সত্ৰ বুলিবলৈ বিশেষ একো নাই৷ পদূলিতে বাটচ’ৰা৷ গোসাঁইঘৰ, তাতে গুৰু আসন৷ নামঘৰৰ দৰে দুই-আঢ়ৈ কুৰি ভকত একেলগে বহি নাম ল’ব পৰা ঘৰটো৷ বোপাৰাম বিষয়া, ফটিক চন্দ্ৰ শইকীয়া, কমল নেওগ, মিনেশ্বৰ গগৈ নিজৰ নিজৰ ঘৈণীয়েক আৰু একোটাকৈ সিধা লৈ নাৰায়ণ গোসাঁইৰ সত্ৰ পালেগৈ৷ গোসাঁয়ে আগৰ পৰা ভালেখিনি যা-যোগাৰ কৰি ৰাখিছে৷ পকা মিঠৈৰে সৈতে চাহপানী দিলে, দৈ-গুৰেৰে জলপান খুৱালে৷ ৰাইজক সেৱা এটা কৰি অনুমতি লৈ গোসাঁনীয়ে বৰ প্ৰসাদ সিজাবলৈ লাগিল৷ গুৰুৰ ঘৰত শৰণীয়া-ভজনীয়া শিচসকলে গুৰুৰ হাতেৰে এসাঁজ খোৱাটো নিয়ম৷

গুৰু আসনৰ আগত বহুৱাই শিচসকলৰ শৰণৰ বাক্যকেইশাৰী স্মৰণ কৰোৱাই নাৰায়ণ গোসাঁয়ে তেওঁলোকক ভজনৰ ‘কথাবস্তু’ দিলে৷ শিচসকলেও গুৱাপাণ, খৰচা, গামোচা, চেলেং আগবঢ়াই সেৱা ল’লে৷ এক শৰণীয়া হৰি ভক্তিৰ ভজনীয়া বস্তু পাই আটাইকেইজনৰ মনটো প্ৰফুল্লিত হ’ল৷

“তোম্ৰাসকলে হৰিত শৰণ লৈছা৷ হৰিক ভজিবা৷ মই মাত্ৰ পথটোহে দেখুৱাই দিছোঁ৷ শৰণ মই দিব পৰা বস্তু নহয়৷ প্ৰভুৰ চৰণতহে শৰণ, তেওঁৰ চৰণৰহে ভজনা৷”

“অন্ন যোনি বিচাৰ কৰি চলিবা৷”— এইষাৰ কথাত বোপাৰাম বিষয়াই বিশেষভাৱে কাণ উলাই থাকিল৷

“সাত্ত্বিক, ৰাজসিক, তামসিক”— এই তিনিবিধ অন্ন৷ সাত্ত্বিক অন্ন গ্ৰহণ কৰিবা৷ মাছ-মাংস ৰাজসিক, মদ-ভাং ৰাগিয়াল বস্তু তামসিক৷ সেইবোৰৰ পৰা আঁতৰত থাকিবা৷ যোনি বিচাৰ জানিছাই৷ একক বিবাহ মানি চলিবা৷ পৰ নাৰী, পৰ পুৰুষক¸ কাম ভাবেৰে নাচাবা৷”

আৰু কিবা ক’ব নেকি গোসাঁয়ে? আৰু কিবা? কাৰ হাতেৰে খাবা৷ কাৰ হাতেৰে নেখাবা৷

নাই নকয়, গোসাঁয়ে চমুৱাই আনিলে৷

“প্ৰভু, কিবা পোৱা নোপোৱা৷ লোৱা নোলোৱা৷”

নাৰায়ণ গোসাঁয়ে মিচিকিয়াই হাঁহিলে৷

“সকলোকে ভগৱানে সৃষ্টি কৰিছে৷ সকলো সমান৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সাত্ত্বিকতা থাকিলেই হ’ল৷ প্ৰভুৰ চৰণত অৰ্পণ কৰা সকলো অন্ন পৱিত্ৰ৷ অন্নক নিন্দা কৰিব নাপায়৷”

বোপাৰাম বিষয়াৰ মনটো এইবাৰ মুকলি হ’ল৷

“প্ৰভু, কোনোবাই যে কাৰবাৰ হাতেৰে নেখায়, কথাটো কি?”

“সেয়া অজ্ঞতা৷ অন্নক নিন্দা নকৰিবা৷ অন্ন ভগৱান৷ কোনোবাই নাজানিলে তেওঁক তোমাৰ ধৰণে শিকাই ল’বা৷ এতিয়া আমাৰ অন্ন গ্ৰহণৰ সময় হ’ল৷”

এইবুলি গোসাঁয়ে গুৰু আসনলৈ চাই কাকূতি ঘোষা আৰু অপৰাধ মাৰ্জনা ঘোষা গাই সেৱা কৰিলে৷ শিচসকলেও তাকেই কৰিলে৷

ভজনীয়া হৈ ঘূৰি আহোঁতে বোপাৰাম বিষয়াৰ মনটো ফৰকাল৷ মনৰ আকাশৰ ডাৱৰ নাৰায়ণ গোসাঁইৰ কথাৰ বতাহে ক’ৰবালে উৰুৱাই নিলে৷ ধৰ্মৰ নামত বন্ধু হেৰুৱাবলগীয়া নহ’ব৷ পুৱা-গধূলি গোসাঁইঘৰত বন্তি প্ৰজ্জ্বলন, প্ৰাৰ্থনা, ঘোষা এইবোৰ তেওঁৰ দৈনন্দিন কামৰ সূচীত ভৰাই ল’বলৈ কথাবোৰ যুকিয়াই আহিল৷ 

*   *   *
ৰ
লেখকৰ পৰিচয়

ৰমানন্দন বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)