৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বচা বকুল

লেখকঃ ৰমানন্দন বৰা • প্ৰকাশিতঃ ২০ আগষ্ট, ২০২৩
১৯ মিনিট পঠন • ২৭৮০ বাৰ পঢ়া হৈছে

 ৰমানন্দন বৰা


চাৰি

 

কেতিয়াবা কোনোবা এটা কাম আশা কৰাতকৈ ভাল ধৰণে হৈ উঠে৷ কিবা এটা যেন শুভ সংযোগ থাকে যাৰ ফলত এটাৰ পিছত এটা কাম কম আয়াসত সিদ্ধি হয়৷ পৰশুৱে আগভাগ লোৱা সমবায় কৃষি পাম পতা কামটোৱে সহজে সফলতাৰ মুখ দেখিলে৷ প্ৰথমে তাৰ লগৰ ডেকাহঁতেই সহযোগিতা আগবঢ়াবলৈ কুণ্ঠাবোধ কৰিছিল৷

 

বছা গাঁও আৰু বকুল চাপৰিৰ দহজন খেতিয়ক পৰশুৱে নিজৰ লগত পালে৷ চৰকাৰী বিভিন্ন সা-সুবিধাৰ আশা নেদেখিলে কোনো কৃষকেই নিজৰ পূৰ্বাপৰ খোজটোৰ পৰা অলপো লৰচৰ কৰিব নোখোজে৷

 

“কি পাম? কি হ’ব? চৰকাৰে কিবা দিব জানো? দিলে কাৰ লগত ভাগ হ’ব?” - তেওঁলোকৰ এশ এবুৰি প্ৰশ্নৰ লতাই পৰশুৰ উদ্যমী মনটো বান্ধি পেলাব খোজে৷

 

“যিটো আমি নিজেই কৰিব পাৰোঁ তাত চৰকাৰৰ সহায় কিয় লাগে? আমি কৰিম৷ আমাৰ লাভ হ’ব৷ সমবায় কৰিম৷ সকলোৰে সমানে লাভ হ’ব৷ সমানে কৰিব৷”

 

পৰশৱে বুজায়৷ কিন্তু লাভ নহয়৷ মানুহবোৰৰ মন গলাব নোৱাৰি৷ চৰকাৰী সাহায্যৰ এনেকুৱা কু-প্ৰভাৱ আছে বুলি পৰশুৱে ইয়াৰ আগলৈকে কেতিয়াও ভবা নাছিল৷ যি এবাৰ সাহায্য পাইছে তেওঁ চিৰদিন তেনে সহায় পাই থাকিব বুলি এটা ধাৰণা মানুহৰ মনত গঢ় লয়৷ ইয়াৰ কাৰণে তেওঁ যিমান কষ্ট কৰে, সিমানখিনি নিজৰ কামত কৰা হ’লে, বহুত উন্নতি হ’লহেঁতেন৷ চৰকাৰখনেও মাথোন হিতাধিকাৰী সৃষ্টি কৰে৷ এই কামটোৰ কাৰণে পৰশুৰ বৰ খং উঠে৷ মানুহবোৰে কেৱল চৰকাৰৰ মুখলৈ চাই থকাৰ মানসিকতা চৰকাৰেই গঢ় দিছে৷ চৰকাৰে মাহে দহ ত্ৰিছ কিলো চাউল হিতাধিকাৰীৰ নামত বিনামূলীয়াকৈ দিয়ে, অথচ তেওঁলোকৰ খেতিৰ মাটিকেইডৰাত জলসিঞ্চন বা জলনিষ্কাষণৰ ব্যৱস্থা কৰি নিদিয়ে৷ এনে কৰিলে কৃষকখিনি আত্মনিৰ্ভৰশীল হ’ব পাৰিব৷ চৰকাৰে নুবুজে৷  

 

দহজন খেতিয়কৰ সৈতে পৰশু লগ হৈ এঘাৰজন সদস্যৰে গঠন হ’ল ‘সেউজীয়া পাম’৷ দুহেজাৰকৈ বাইছ হেজাৰ টকা মূলধন৷ বেণুৰ আঁচনিমতেই সংগঠনৰ ল’ৰাহঁতে খন্দাই থোৱা দুপুৰা মাটিৰ পুখুৰীটো চাফা-চিকুণ কৰি, তাঁতী চকোৱা দিয়া কামটো সিহঁতকেইটাই নিজে গাৰে খাতি কৰিলে৷ ব’হাগৰ মাজ ভাগতে নগঞা পোনা বেপাৰীৰ পৰা বিশ হেজাৰ টকাৰ পোনা জীয়াই মাঘৰ উৰুকা বজাৰলৈ মাছ ধৰি, দুই লাখ টকা পালে৷ কেঁচা ঘাম মটিত পেলাই নিজে কৰা উপাৰ্জন৷ সিহঁতৰ ৰং চায় কোনে? তাৰ পিছত আৰু সেউজীয়া কৃষি পাম ৰৈ থকা নাই৷  মাটিৰ পৰা কৰা উপাৰ্জন অযথা মাটিত মিহলি হৈ নাযায়৷

 

লাহে লাহে গাঁৱৰ মানুহৰ মনবোৰ সলনি হ’ল৷ পৰশুৰ লগৰ কেইটাৰো চিন্তাত পৰিবৰ্তন আহিল৷ সিহঁতেও সেউজীয়া পামৰ সদস্য হ’ল৷ সদস্য সংখ্যা বাঢ়ি তিনিকুৰি হ’ল৷ সদস্য ভৰ্তি মাচুল একেই৷ দুহেজাৰ টকা৷ গাঁঠিৰ ধন সোমাই নেথাকিলে পামৰ কামলৈ মানুহৰ মন নাথাকিব৷ এয়া পৰশুৰ কথা৷ পামৰ সদস্য মানেই কোৰ কটাৰী লৈ হাতে কামে খেতি কৰা মানুহ৷

 

পামখনে পোখালে৷ সেইবোৰ দীঘলীয়া কথা৷ কত কষ্ট কত পৰিকল্পনা৷ কত ব্যৰ্থতাৰ অভিজ্ঞতা, পৰীক্ষা-নিৰীক্ষা...

 

                     *      *      *

 

সেউজীয়া পামৰ বাঁহৰ বিচনাখনত শুই শুই পৰশুৱে আকাশ-পাতাল ভাবি আছিল৷ সঁচাকৈ পৰশুৰামে মাকক হত্যা কৰিছিলনে? সি স্মাৰ্ট ফোনটোৰ পৰ্দা পোহৰ কৰি ফেচবুকত নিজৰ শিতানটো লিখিলে -

“পৰশুৰামে মাতৃ ৰেণুকাক কিয় হত্যা কৰিছিল? সঁচাকৈয়ে হত্যা কৰিছিলনে?”

 

এঘণ্টাৰ ভিতৰত বিছটা মন্তব্য আৰু পঞ্চাছটা পছন্দ আহিল৷ তাৰ হাঁহি উঠিল প্ৰশ্নটোতনো পছন্দ কৰিব লগা কি থাকে? মানুহবোৰ যে! ফেচবুকৰ মন্তব্যবোৰ আকৰ্ষণীয় -

“ৰেণুকাই চিত্ৰসেন গন্ধৰ্বৰ লগত লেটিপেটি কৰিছিল৷”

“মাতৃ হত্যা কৰা পৰশুৰামক মই ভগৱান বুলি নাভাবোঁ৷”

“আমাৰ নাৰীবাদীসকলে বা কি কয়?”

“জমদগ্নিয়ে ৰেণুকাক পুনৰ জীয়াই তুলিব পাৰিব বুলি পৰশুৰামে জানিছিল৷”

“পৰশুৰাম ভগৱান হ’লেও বহুত ডাঙৰ পাপ কাম কৰিলে?”

“এইটো সামথ্য ভক্তিৰ কথা৷ যি কোনোৱে এনে কাম কৰিব নোৱাৰে, কৰিব নেপায়৷ নীলকণ্ঠ শিৱৰ কথাটো একেই৷”

 

ফেচবুকৰ সতীৰ্থসকলৰ এনেকুৱা মন্তব্যবোৰ সি পঢ়ি গ’ল৷ কোনো মন্তব্য নিদিলে৷ একবিংশ শতিকাৰ দ্বিতীয় দশকটো ফেচবুক, হোৱাটছ এপৰ যুগ বুলিব পাৰি নেকি? অন্ততঃ ভাৰতবৰ্ষত?

 

হঠাৎ তাৰ মেচেঞ্জাৰত এটা বাৰ্তা অহাৰ সংকেত বাজি উঠিল৷ এছ পি দত্ত, বেংক মেনেজাৰ - তাৰ ফোনৰ পৰ্দাত নামটো ভাঁহি উঠিল৷

বহুত দিনৰ বিৰতিৰ পিছত আজিনো কি বতৰা আছে? তাৰ মনত বহুত প্ৰশ্নই দোলা দি গ’ল৷

 

সি বাৰ্তাটো পঢ়িলে - “আপোনাক জৰুৰীকৈ লগ পাব লগা আছে৷ Pls. come to the Bank.”

“কিয় মাতিছে?”

মোটামুটি সম্পৰ্কহীন সম্পৰ্ক এটা চলি আছে ইমানদিন৷ ফেইচবুকত কেতিয়াবা দুটা এটা সঁহাৰি দিয়ে ইম’জিৰ যোগেদি৷ হোৱাটছএপত কোনো যোগাযোগ নাই৷ দত্তই অৱশ্যে মাজে মাজে বিভিন্ন দিৱসৰ বাৰ্তা, বেংকৰ নতুন কাম-কাজৰ ভিডিঅ’ তালৈ পঠিয়াই থাকে৷ মাথোন পৰশু নীৰৱে থাকে?

আজি মানুহজনে মাতিছে, বেংকলৈকে৷

পৰশুৱে তেওঁক লগ কৰিবলৈ ঠিৰাং কৰিলে৷ বিগত দিনৰ তিতা ইতিহাস তেওঁ ধৰি থকা নাই, যেতিয়া সিও ধৰি নাথাকে৷

 

পাঁচ

 

সত্যপ্ৰকাশ দত্তৰ সৈতে পৰশুৰ কোনো ব্যক্তিগত শত্ৰুতা নাই৷ দুয়ো একেলগে বহু কাম কৰিছে৷ সেউজীয়া কৃষি পামৰ আৰম্ভণিকালত যিকেইজন ব্যক্তিৰ সহযোগিতা আছে তাৰ মাজত দত্ত এজন৷

 

সেউজীয়া কৃষি সমবায় সমিতিয়ে লাহে লাহে ডাল-পাত মেলিবলৈ লওঁতে যিটোৰ আটাইতকৈ বেছি অভাৱ হৈছিল, সেইটো হ’ল টকাৰ অভাৱ৷ পুলিটো এপতীয়া বা দুপতীয়া হওঁতে সাৰ-জাবৰ বৰকৈ নালাগে৷ কিন্তু নতুন ঠেঙুলি পোখা মেলিবৰ সময়ত গুৰিত সাৰ নহলেই নহয়৷ সমবায় সমিতিৰ সদস্য সংখ্যা এশ হওঁতে পুঁজি হ’লগৈ দুই লাখ৷ তাৰে পঞ্চাছ হেজাৰ বেংকত ৰাখি বাকীখিনি আৱৰ্তি পুঁজি হৈ চলিল৷ কিন্তু  কামে কাম গোটায়৷ লাভৰ মুখ দেখিলে মনটো বাঢ়ি যায়৷ অকল বাম খেতি আৰু মীন পালনতে কামবোৰৰ সীমা বান্ধি নাৰাখি চাৰিখন তাঁতশাল তাৰ লগত যোগ হ’ল৷ মৰাপাটৰ আঁহেৰে বিভিন্ন গৃহ-সজ্জাৰ সামগ্ৰী তৈয়াৰ কৰা এটা গোট স্থাপন হ’ল৷ নিজৰ জেপৰ টকাও বহু সোমাল৷ তথাপি কামবোৰ হ’ব লাগে - সেউজীয়া পামৰ সভাপতি নীলেশ্বৰ পাতৰৰ মত৷ ল’ৰাহঁতে কৰা কামত হাত উজান দিবলৈ আৰু কেবাজনো আগবাঢ়ি আহিল৷

 

সেউজীয়া পামৰ কামেৰে নতুন চাপৰি জিলিকি উঠিল৷ গামোচা আৰু চাদৰ-মেখেলাবোৰ বিক্ৰী কৰিবলৈ চাৰিগৰাকী সদস্যাক নিযুক্তি দিয়া হ’ল৷ চৰকাৰে এটা সুবিধা কৰি দিছিল৷ খৰালি আৰম্ভ হ’ল মাত্ৰকে ‘হস্ত-তাঁত বস্ত্ৰশিল্পৰ মেলা’ আৰু বিভিন্ন উৎসৱ-মহোৎসৱবোৰৰ লগত আয়োজিত প্ৰদৰ্শনীত সেউজীয়া পামৰ গামোচা, চাদৰে আদৰ পাবলৈ ধৰিলে৷ মৰাপাটৰ আঁহৰ পৰা তৈয়াৰী সৰু দুৱাৰ দলিৰ দলিচা, ডাইনিং ছেটৰ কভাৰ, পেন ষ্টেণ্ড, পেপাৰ পকেট আদি গ্ৰাহকৰ বাবে নতুন৷ কম দামত পাই পৰীক্ষামূলকভাবে হ’লেও বহুতে কিনে৷

 

আটাইবোৰ কামৰ খৰচ, আয়, ষ্টক আদিৰ উপৰি নতুন নতুন বজাৰ বিচাৰি লোৱা কামটো বৰ সহজ নহয়৷ ইয়াৰ উপৰি খেতিৰ বিধে বিধে হিচাপ৷ বতৰ চাই কঠিয়া পাৰিলেহে কৃষি৷ আনতকৈ আগত ফচল উলিয়াবলৈ হ’লে সুকীয়া যতন দৰকাৰ৷ পলি হাউচ চাৰিটা তৰা হ’ল৷ জিলা কৃষি বিষয়া হেমন্ত বৰাৰ সহযোগিতা আৰু বদান্যতাত সেউজীয়া পামে এইকেইটা বিনামূলীয়াকৈ চৰকাৰৰ পৰা পালে৷ খেতিত ইমান যতন ল’ব লাগে যে খেতিয়কৰ আন কথা চিন্তা কৰিবলৈ সময় নাথাকে৷ বাতি থাকিলেহে খেতিত ফচল খাবলৈ পায়৷ সেয়েহে কয়-পঢা.য়, পঢ়ে ৰেৱাই পান, এই তিনিয়ে নিচিন্তে আন৷

সমবায়ৰ সদস্য ভৰ্তি মাচুল দুহেজাৰ টকাৰ উপৰি পাঁচ হাজাৰ টকাকৈ বিশজনে অধিক ভৰি ৰেহাই হাৰত ট্ৰেক্টৰ এখন লোৱা হ’ল৷ তাৰ লাভৰ ধন সেইকেইজনৰ মাজত ভাগ হ’ব৷ ড্ৰাইভাৰ নিয়োগ কৰা হ’ল বিমলক৷

 

কামবোৰ নিয়াৰিকৈ আগবঢ়াই নিবৰ বাবে পুতুল আৰু ৰীতামণিক দায়িত্ব দিয়া হ’ল৷ এনেদৰে এটা কাৰ্যালয় গঢ় ল’লে৷ পামৰ পৰা খেতিৰ ফচলবিলাক সৰু গাড়ীত বোজা কৰি যোৰহাট নগৰত বিক্ৰী কৰিবৰ বাবে নকুল, অতুল, মাধৱ আৰু বাবুৱে দায়িত্ব ল’লে৷ এই কামটোৱেই আটাইতকৈ জটিল৷ খুচুৰা বিক্ৰী কৰিবলৈ ৰাষ্টাৰ কাষত বহিব লাগে৷ হাত খোৱাই হিচাপতকৈ অধিক টকা বিচাৰে৷ মাজে মাজে পুলিচে আহি আটাইবোৰ দলিয়াই ফৰ্মুঠিয়াই ভাঙে৷ মানুহকো মাৰপিট কৰে৷ ৰ’দৰ পোৰণি, বৰষুণৰ জেকনিৰ কথা বাদেই৷ দিনে দুখনকৈ গাড়ীত দুবাৰকৈ মাল পঠিয়াব লাগে৷

 

এটা সপোনে বাস্তৱৰ ৰূপ ল’বলৈ ধৰিছে৷ বেণু সুখী৷ পুতেকে শিক্ষিত ল’ৰাৰ দৰেই চিন্তাবোৰ কৰি সফল হৈছে৷ পৰশুৰ খাবলৈ, শুবলৈ সময় নোহোৱা হয়৷ তথাপি ভাগৰ নাই৷ গাঁৱৰ মানুহবোৰক সি দুটকা উপাৰ্জনৰ পথ দেখুৱাব পাৰিছে তাতকৈ আৰু সুখৰ কথা কি হ’ব পাৰে?

 

লাহে লাহে বছা গাঁও, বকুল চাপৰিৰ মানুহবোৰে বিষয়টোত গুৰুত্ব দিবলৈ ধৰিছে৷ খেতি কৰি নগদ ধন উপাৰ্জন কৰাৰ পথ নোপোৱা মানুহবোৰে কথাবোৰ নতুনকৈ ভাবিবলৈ ধৰিছে৷ পামত খেতি কৰিবলৈ অহা মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে৷ বাটে-পথে পালেও পৰশুক মানুহে সুধিবলৈ ল’লে, “আমাৰ কাৰণেও কাম ওলাব নেকি?”

 

সি কি উত্তৰ দিব? সেউজীয়া পামৰ মুঠ কৰ্মীৰ সদস্যৰ সংখ্যা দুকুৰি৷ তেওঁলোকে মাননি লয়৷ বাকী অংশীদাৰীসকলৰ মাজত লাভাংশ বিতৰণ কৰা হয়৷ বছৰৰ মুঠ লাভাংশ গাইপতি পাঁচ-ছহেজাৰ হ’লেও সেয়া বিতৰণ কৰা হয়৷ সেইখিনি কোনোবাই পুনৰ খটুৱাব পাৰে৷ তেতিয়া তেওঁৰ লাভাংশৰ পৰিমান সিমান গুণ বাঢ়িব৷ সমবায়ৰ ধাৰণাটো মানুহৰ মনত সুমুৱাবৰ কাৰণে কোনো আঁৰ-বেৰ নোহোৱাকৈ সকলো হিচাপ পৰশুৱে অংশীদাৰসকলৰ আগত দাঙি ধৰে৷ বছৰি মুঠ লেনদেন যেতিয়া কুৰি লাখৰ বেছি হ’ল৷ তেতিয়া মানুহবোৰ আচৰিত হ’ল৷ সঁচাকৈ জাকৰুৱা নাও বামেৰেও চলে৷ মন কৰিলেই চন, বাকৰি মাটিতে ধন৷

 

পামখনৰ পৰিসৰত অধিক মানুহৰ দৰকাৰ নাই৷ তথাপি কাকো নিৰাশ কৰিবলৈ পৰশুৰ মন নাযায়৷

 

সি কয়, “আহচোন বাৰু৷ আমাৰ পামৰ কাষতে বহুত মাটি এনেই পৰি আছে৷ মাটি ভাঙি ল’হি৷ আমি সহায় কৰিম৷”

 

চাওঁতে চাওঁতে এনেকৈ ডেৰ কুৰি সৰু সৰু পাম গঢ় লৈ উঠিল৷ সেউজীয়া পামৰ গইনাতে গঢ়ি উঠা সৰু পামবোৰে খেতিলৈ মন থকা ল’ৰাবোৰক নিজাকৈ কাম কৰাৰ সুবিধাও দিলে৷

 

নতুন চাপৰিত নতুন প্ৰাণ চঞ্চলতাই দেখা দিলে৷  খেতিৰ দিহা-পৰামৰ্শ দিবলৈ দায়িত্ব ল’লে কৃষি উন্নয়ন বিষয়া বিজিত নয়ন দাসে৷ “এইটো মোৰ কামেই৷ মোৰ এলেকাত উৎপাদন বঢ়াটোৱেই মোৰ সফলতা৷’

 

সেউজীয়া পামৰ আঁৰৰ এটা শক্তি হ’ল বিজিত নয়ন দাস৷ আন বহুত বিষয়াৰ নিচিনাকৈ পথাৰলৈ নহাকৈ কাৰ্যালয়ত বহি কাগজত কৃষি উন্নয়ন কৰা বিষয়া নহয়৷

 

এদিন তেওঁ কান্ধত ওলোমাই ফুৰা ক’লা প’ৰ্টফলিও বেগটোৰ চাৰি পৃষ্ঠা কাগজৰ ছপা পত্ৰিকা এখন উলিয়াই পৰশুক দিলে - ‘সেউজ পথাৰ’ কৃষকৰ হাতৰ পুথি৷

 

“তোমালোকক চাৰ্‌প্ৰাইজ দিলো৷ আপত্তি আছে নেকি?”

 

পামৰ কামত আৰু এটা যোগ হ’ল৷ মাহেকীয়া কৃষি-পত্ৰিকা৷ মুঠ পৃষ্ঠা চাৰিৰৰ পৰা আঠলৈ বাঢ়িল, তাৰপিছত ষোল্ল৷ প্ৰায়খিনি লেখা বিজিত নয়ন দাসেই সংগ্ৰহ কৰে৷ বতৰৰ খেতিৰ সম্বাদ, যতন, পৰিকল্পনা, নতুন কৃষি পদ্ধতি, সফল কৃষকৰ ছবি আৰু সাক্ষাৎকাৰ, খেতিয়কৰ গীত-কবিতাৰে ওপচ হৈ সেউজ পথাৰ ওলাই থাকিল৷ দুটকা দাম দি সকলোৱে কিনে৷

 

এইখিনিতে বেংক বিষয়া সত্য প্ৰকাশ দত্তৰ সংযোগ৷ এটা এটা সুন্দৰ প্ৰস্তাৱ লৈ সেউজীয়া পামলৈ অহা দত্ত সোনকালে সকলোৰে প্ৰিয়ভাজন হৈ উঠিল৷

 

“চৰকাৰে আত্মসহায়ক গোট গঠন কৰিলে সাহায্য আৰু আৱৰ্ত পুঁজি দিব৷ পামৰ মুঠ চল্লিছ গৰাকী কৰ্মীক লৈ চাৰিটা গোট হ’ব পাৰে৷ পুৰুষ পুৰুষভাগে, মহিলা মহিলা ভাগে৷ দহ গৰাকী হ’লেই হ’ল৷ ইয়াৰ লগত জড়িত সৰু পামবোৰেও একোটা গোট খুলিব পাৰে৷ চৰকাৰে সাহায্য দিব৷”

 

“দত্ত দা, চৰকাৰে সাহায্য দিব বুলি গোট খুলিলে কি হ’ব? নিজৰ কামৰ পৰিকল্পনা কি হ’ব? এনেই টকা পালে মানুহে অযথা খৰচ কৰিব ৷ কামত একো নাহিব৷”

 

“নিৰ্দিষ্ট কৰ্ম আঁচনি দাখিল কৰাৰ পিছতহে টকা দিয়া হ’ব৷”

 

“যদি টকাখিনি চৰকাৰক ঘূৰাই দিব নোৱাৰে?”

 

“তেওঁলোকক এবছৰ দিন বেংক লেনদেন, হিচাপৰ ক্ষণ, পাছবুক লিখন, ঋণ ঘূৰাই দিয়া আদিবোৰ শিকাই লৈ অভ্যস্ত কৰা হ’ব৷”

 

বেছি আপত্তি কৰাৰ থল নাথাকিল৷ সেউজীয়া পামৰ কৰ্মী আৰু ওচৰৰ পামকেইখনৰ মানুহ, গাঁৱৰ অন্যান্য মানুহ লগ হৈ গোট খোলা হ’ল৷ প্ৰথম অৱস্থাত গোটৰ নামত বেংকত এটা একাউণ্ট খুলিব লাগে, তাৰ পিছত প্ৰতিমাহে প্ৰত্যেক সদস্যই নিৰ্দিষ্ট টকা সম্পাদকক জমা দিয়ে, সম্পাদেক মাহেকত বেংকত জমা দিয়ে, সদস্যৰ পাছবুক বহীত সেইবোৰ হিচাপ লিখে৷ মাহেকে মাহেকে সভা বহে৷ তাৰ কাৰ্যবিৱৰণী সম্পাদেক লিখে৷ যিমান টকা বেংকত জমা হ’ল তাৰে কেইটামান আনি নিজৰ মাজতে ঋণ লয়৷ ঋণৰ সুদ দিয়ে৷ এবছৰ হ’লে চৰকাৰে পাঁচ হেজাৰ টকা গোটৰ একাউণ্টত সুমুৱায়৷গোটে তাৰে কাম কৰি দেখুৱাব লাগে৷ এনেকৈ চলি আছে৷

 

চৌদিশে¸ আত্মসহায়কগোট খোলাৰ ঢৌ উঠিল৷ চৰকাৰে বেংকক টাৰ্গেট বান্ধি দিছে৷ বেংকবিলাক গাঁৱৰ মহিলা, পুৰুষে গিজগিজাই থাকিবলৈ ধৰিলে৷ আগতে ধনী মানুহৰ ঠাই বুলি গাঁৱৰ দুখীয়া মানুহবোৰে বেংকৰ ওচৰ চাপিবলৈ ভয় কৰিছিল৷ কিন্তু এতিয়া জাকে জাকে আত্মসহায়ক গোটৰ মানুহে বেংকৰ চৌহদ গিজগিজাই থাকে৷ মহিলাৰ সংখ্যা সৰহ৷ কেতিয়াবা বিৰ্‌ দি বাট নোপোৱাৰ অৱস্থা৷ য’লৈ সভাপতি-সম্পাদক গ’লেও হয় তালৈকে আটাইকেইগৰাকী সদস্যা গৈ ভিৰ বঢ়াইছেগৈ৷

 

“সেউজীয়া পামলৈ এটা ভাল খবৰ আছে৷ এই অঞ্চলত আত্মসহায়ক গোট খোলা, প্ৰশিক্ষণ দিয়া আৰু বেংক সংযোগ কৰাৰ দায়িত্ব আমাৰ বেংকে সেউজীয়া পামক দিব বিচৰে৷”

“কিন্তু টকা-পইচাৰ লেনদেন কৰা সেউজীয়া পামৰ উদ্দেশ্য নহয়৷ আমাৰ কাম খেতি কৰা, আন উৎপাদনমুখী কাম কৰা৷”

 

“পামৰ কামৰ একো ক্ষতি নহয়৷ প্ৰতি গোটক বেংক সংযোগ কৰণৰ বাবে বেংকে এটা মাননি দিব৷ তাৰে দুগৰাকী নিবনুৱাক উপাৰ্জনৰ পথ দিয়াৰ লগতে পামৰ একাউণ্টতো দুটকা ৰাহি হ’ব৷”

 

কাম বাঢ়িল৷ গাঁৱৰ মানুহবিলাকৰ ভালৰ বাবেই গোটবোৰ গঠনৰ কাম কৰা উচিত৷ হৰেন আৰু বিশ্বজিতক পথাৰৰ খেতি চোৱাৰ কামৰ পৰা অলপ আজৰি কৰি গোটৰ কাম-কাজ চাবলৈ দায়িত্ব দিয়া হ’ল৷

 

দুয়োটা বি.এ পাছ উদ্যমী ল’ৰা৷ কম দিনতে হেজাৰৰ অধিক গোট অঞ্চলটোত খোল খালে৷ সেউজীয়া পামৰ নামো তাৰ লগে লগে প্ৰচাৰ হ’বলৈ ধৰিলে৷ সেউজীয়া পামে বেংকলৈ গোটটোৱে ঋণ পাব পাৰে বুলি লিখি ষ্টাম্প মাৰি দিলেহে বেংকে ঋণ দিয়ে৷ পামখনক সৰ্বসাধাৰণৰ মনত এনেকুৱা গুৰুত্বপূৰ্ণ স্থান দিয়াত সহায় কৰা বাবে সত্য প্ৰকাশ দত্তৰ ওচৰত পৰশু কৃতজ্ঞ হ’ল৷

 

পাঁচ... দহ... বিছ.. পঁচিছ

বেংকৰ ঋণৰ পৰিমাণ বাঢ়ি গ’ল৷ মাহেকীয়া কিষ্টি নিয়মীয়াকৈ দি যোৱাটো মস্কিলৰ কাম৷ গোটৰ সদস্যবিলাকক এই কথা সঁকিয়াই থাকে সেউজীয়া পামৰ হৰেন আৰু বিশ্বজিতে৷ লাহে লাহে গোটবোৰ ধনী হ’বলৈ ধৰিলে৷

 

চৰকাৰী ধনৰ প্ৰভাৱ লাহে লাহে সেউজীয়া পামতো পৰিবলৈ ধৰিলে৷ প্ৰথমে, তাঁতশালৰ বোৱনী মানুহ কেইজনীৰ অহা অনিয়মীয়া হ’ল৷ তাৰ পাছত মৰাপাটৰ গোটত থকা ল’ৰা-ছোৱালীকেইটাৰ কামত মন নবহা হ’ল৷ আগেয়ে দিনটোৰ ভিতৰত পোন্ধৰ-ষোল্ল মিটাৰ মৰাপাটৰবেণী গুঠি কাৰ্পেট, ডাইনিং মেট সাজিব পৰা ল’ৰা-ছোৱালীহঁতে দিনে দহ মিটাৰ দীঘল বেণী এডালো গুঁঠিব নোৱাৰাত পৰিল৷

 

“তোমালোক কালি নাহিলা যে? আগতীয়াকৈ নজনালা৷”

উত্তৰবোৰ পাল মৰা ধৰণে আহে -

“গোটৰ মিটিং আছিল, গোটৰ কামত বেংকলৈ গৈছিলো, ঘৰত সকাম আছিল, ল’ৰাটোৰ বসন্ত ওলাইছে, গাটো ভাল নাছিল” এশ এবুৰি অজুহাতত মানুহবোৰে খতি কৰিবলৈ ধৰিলে৷ একে ঘৰ, একে মানুহ আগতে এইবোৰ সমস্যাৰ কথা কৈ কোনো নহাকৈ থকা নাছিল৷ এতিয়া কি হ’ল? পৰশুৰ গা চেবালে৷ ক’ৰবাত কিবা এটা হৈছে৷

 

পৰশুৱে বুদ্ধি এটা পাঙিলে৷ সেইদিনা দুদিন কামলৈ নহা জিতুৰ ঘৰলৈ সি নিজেই গ’ল৷

 

বছা গাঁৱৰ জিতুৱে সেউজীয়া পামত কাম বিচাৰি কেবাদিনো গৈছিল৷ সুস্থ-সবল কৰ্মঠ ল’ৰাটোক মৰাপাটৰ গোটটোত কাম কৰিবলৈ সুবিধা দিয়া হ’ল৷ কামত বেয়া নহয়৷ কিন্তু লাহে লাহে গতি-মতি সলনি হ’ল৷ পৰশুৱে বুজিলে, ন-তেহে ন অঁৰা, পুৰণি হ’লে ছঅঁৰা৷

 

জিতুৰ পদূলিৰ পৰা চোতাললৈ আৰু চোতালৰ পৰা বাৰাণ্ডা বুলি আঁৰি থোৱা টিনপাতৰ চলিখনলৈকে মূৰ ফুলা, ববছা, কেঞা আদি বিবিধ বন আৰু প্ৰেমলতাৰ ওৱাদানি৷ বাঁহৰ গাধৈৰ বেৰকেইখন গোবৰে মোচাৰ পিছত ৰঙা মাটিৰ এমোছা দিবলৈ ঘৈণীয়েকৰ সময় হোৱা নাই এথোন৷

 

পৰশুক চোতালত দণ্ডায়মান দেখি জিতুৰ কি কৰোঁ কি নকৰোঁ অৱস্থা৷ সি ঘেঁহাই ঘেঁহাই ক’লে -

“দাদা, কি আচৰিত৷ আহক আহক৷” প্লাষ্টিকৰ চকী এখন বাৰাণ্ডালৈ উলিয়াই সি পৰশুক বহিবলৈ দিলে৷

“এইফালে আহিছিলোঁ৷ মই বোলো তোৰ ঘৰতো সোমাই খবৰ এটা লৈ যাওঁ৷ এই দুদিন তই যোৱা নাই নহয়৷ গা-মূৰ ভালনে সকলোৰে?”

“ভালেই দাদা ভালেই৷” মূৰ খজুৱাই জিতুৱে উত্তৰ দিলে৷ “কিনো ক’ব আৰু৷ এইবোৰ অবুজন ল’ৰা৷ আজি বোলে টিভি এটা লাগে, কাইলৈ বোলে বাইক এখন লাগে...৷”

“দিয়া হ’লনে?”

“কি ক’ব আৰু৷ গোটৰ পৰা ঋণ ল’লোঁ ত্ৰিছ হাজাৰ টকা, তাৰে টিভিটো কিনিলোঁ৷ কিছু তাৰো ৰ’ল৷ মাটি এবিঘা বন্ধক দিলোঁ, গাখীৰতী গাইজনী পৰহি বিক্ৰী কৰি, যেনে তেনে জোৰাটো মাৰি কালি তাক বাইক এখন কিনি দিলোঁ৷ সেই কাৰণে কামলৈ যোৱা নহ’ল৷”

 

ভিতৰলৈ জুমি চাই পৰশুৱে সুধিলে-

“এতিয়া নাই নেকি?”

“ওলাই গৈছে৷”

“কি কাম কৰে সি?”

“ভালে কেইমাহ কৰা নাই৷ পকা মিস্ত্ৰীৰ যোগালী কৰিছিল৷ সময়ত কাম ধৰিব নোৱাৰিলে ঠিকাদাৰে গেট মাৰি দিয়ে৷ বিহাৰী ঠিকাদাৰ৷ বৰ চাৰ, অহা মাহৰ পৰা কামলৈ যাম বুলিছে৷”

 

ভিতৰত উজাৰ খাই অহা প্ৰচণ্ড খঙটো দমাই ৰাখি পৰশুৱে জিতুৰ কথা শলাগি শুনি থাকিল৷ কুহুলিয়াই নতুন সম্ভেদ পাবৰ যত্ন কৰিলে৷

 

“তহঁতৰ গোটটোৱে পশুপালনৰ আঁচনি এখন দিছিলি নহয়? বেংকে যে এক লাখ টকা দিছিল৷ গৰুবোৰ ক’ত ৰাখিছ? ব’লচোন এপাক চাওঁ তহঁতৰ ফাৰ্মখন৷”

 

সৰল বিশ্বাসেৰে জিতুৱে উত্তৰ দি গ’ল -

“নাই দাদা, ক’তনো গৰু কিনিলোঁ৷ লাগি থাকিবলৈ মানুহৰ সময় নাই৷ তাতে জীৱ লগা বস্তুৰ কোনো সঞ্জাত নাই৷”

 

“তেনেহ’লে টকাখিনি কি কৰিলি?”

 

“ভগাই ল’লোঁ, ধাৰলৈ দিলোঁ৷”

 

পৰশু জিতুৰ ঘৰৰ পৰা আহি ভিতৰি ভিতৰি অনুসন্ধান চলালে৷ জিতুৰ গতিয়েই আনৰো গতি৷ বেংকৰ ঋণৰ টকাৰে কোনেও একো উৎপাদনমুখী কাম কৰা নাই৷ প্ৰায়বোৰ আত্মসহায়ক গোটেই টকাখিনি ধাৰলৈ দিছে৷ তাকো মাহেকীয়া সুদত৷ এমাহত দহ শতাংশ সুদ৷ বছৰত এশ বিংশ শতাংশ৷ জিতুৰ মাটি কেইডৰা, গৰুজনী গ’ল৷ বিপিনে গোটৰ পৰা ধাৰ লৈ জীয়েকৰ তোলনি বিয়া পাতলে৷ মিহিৰামে ঘৈণীয়েকৰ চিকিৎসা কৰালে, প্ৰবীনে পুতেকৰ খেচখেচনি সহিব নোৱাৰি ঘৰলৈ চাউণ্ড চিষ্টেম এটা আনিলে ৷ জুনুৱে ঘৰৰ টিনপাত কেইচলা লগালে৷ হেমই মোবাইল ফোন এটা কিনিলে৷

 

বছা, বকুল, নতুন চাপৰিৰ প্ৰতিঘৰ মানুহেই ধাৰৰ নাগপাশত বন্দী হ’ল৷ নগদ টকাৰ মুখ নেদেখা মানুহবোৰে হঠাৎ কোনো পৰিশ্ৰম নোহোৱাকৈ ধন পালে, কেতিয়াও উপযুক্ত ব্যৱহাৰ কৰিব নোৱাৰে৷ এশ এবুৰি প্ৰয়োজনীয়তাৰ হেঁচাত পণ্য সামগ্ৰীৰ আকৰ্ষণ বেছি হয়৷ এই স্বভাৱৰ ওচৰত মানুহ কাবু৷

*

ৰ
লেখকৰ পৰিচয়

ৰমানন্দন বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)