ড° বুলজিৎ বুঢ়াগোহাঁই
বৰ্তমান এটা জনপ্ৰিয় পাঠ্যক্ৰম হ’ল— গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্ৰম। এটা কথা উল্লেখ কৰা লোৱা ভাল হ’ব যে সাংবাদিক হোৱাৰ বাবে গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্ৰম পঢ়িবই লাগিব বুলি কোনো ধৰা-বন্ধা কথা নাই৷ গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্ৰম প্ৰথাগত পদ্ধতি অথবা দূৰ শিক্ষাৰ জৰিয়তে পঢ়িব পাৰি৷ এতিয়া কথা হ’ল— যি পদ্ধতিৰে গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰক বা নকৰক কিয়, সাংবাদিক হ’ব বিচৰাগৰাকীয়ে প্ৰমাণ কৰি দেখুৱাব লাগিব যে তেওঁ তেনে ধৰণৰ কাম কৰিবৰ বাবে যোগ্য।
এজন সফল সাংবাদিক হবলৈ কিছুমান দক্ষতা থকা দৰকাৰ,
যেনে— ভাল যোগাযোগ দক্ষতা থকা, বিভিন্ন ধৰণৰ বাতৰিৰ উৎসৰ লগত সংস্পৰ্শ থকা, নেতৃত্বসুলভ গুণ থকা, সকলো ধৰণৰ ৰাজনৈতিক তথা সাম্প্ৰতিক ঘটনা প্ৰবাহৰ বিষয়ে সচেতন হোৱা,
সঠিক আৰু চমুকৈ লিখাৰ দক্ষতা, প্ৰখৰ বুদ্ধি, উন্নত চিন্তাধাৰা, গভীৰ অধ্যয়ন, সাহসী বিশ্লেষণ ক্ষমতা, কষ্ট কৰাৰ মানসিকতা আদি৷
বিভিন্ন বিভাগৰ জাৰ্নেলিজ্ম বা সাংবাদিকতাৰ পাঠ্যক্ৰম আছে৷ এইবোৰৰ ভিতৰৰ কিছুমান হ’ল— পলিটিকেল জাৰ্নেলিজ্ম, ছাইন্স জাৰ্নেলিজ্ম, বিজিনেচ জাৰ্নেলিজ্ম, স্প’ৰ্টছ জাৰ্নেলিজ্ম, ফট’ জাৰ্নেলিজ্ম, মাৰ্কেটিং জাৰ্নেলিজ্ম, ক্ৰাইম্ জাৰ্নেলিজ্ম, ইনভেষ্টিগেট জাৰ্নেলিজ্ম, ইক’ন’মিক্স জাৰ্নেলিজ্ম, লাইফ্ষ্টাইল জাৰ্নেলিজ্ম
ইত্যাদি৷
উচ্চতৰ মাধ্যমিক (কলা/বাণিজ্য/বিজ্ঞান) চূড়ান্ত
পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত সাংবাদিকতাৰ পাঠ্যক্ৰমত নামভৰ্তি
কৰিব পাৰে। সাংবাদিকতাৰ চাৰ্টিফিকেট, ডিপ্ল’মা, স্নাতক, স্নাতকোত্তৰ
আৰু পিএইচ.ডি. পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰি৷
দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো গণসংযোগ আৰু
সাংবাদিকতা শিক্ষাগ্ৰহণ কৰিব পৰা বহুত শিক্ষানুষ্ঠান আছে৷ গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্ৰম তথা
প্ৰশিক্ষণ আগবঢ়োৱা অসমৰ শিক্ষানুষ্ঠান কেইখনমান হ’ল— গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in),
তেজপুৰ বিশ্ববিদ্যালয় (www.tezu.ernet.in), অসম
বিশ্ববিদ্যালয় (www.aus.ac.in), ডিব্ৰুগড় বিশ্ববিদ্যালয় (www.dibru.ac.in),
অসম মহিলা বিশ্ববিদ্যালয় (www.awu.ac.in), কৃষ্ণকান্ত
সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (www.kkhsou.in),
ড° ভূপেন হাজৰিকাৰ গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰ, কটন বিশ্ববিদ্যালয় (https://cottonuniversity.ac.in), Turning Point Institute of Media & Creative
Skills, অসম
সাংবাদিকতা বিদ্যালয়, গুৱাহাটী আদি৷
গুৱাহাটী বিশ্ববিদ্যালয়ত Master of Arts in Mass Communication (MAMC) পাঠ্যক্ৰমত আসনৰ সংখ্যা ৩৬৷ লগতে M.Phil in Mass Communication আৰু
PhD in Mass Communication পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা সুবিধা আছে৷
তেজপুৰ বিশ্ববিদ্যালয়ত MA in Mass Communication &
Journalism (MA MCJ) পাঠ্যক্ৰমত
আসনৰ সংখ্যা ৩৯ খন আৰু MA in
Communication for Development (MA C4D) পাঠ্যক্ৰমত আসনৰ সংখ্যা
১৩৷ লগতে PhD পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা সুবিধা আছে৷
অসম বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত আসনৰ সংখ্যা ৪৬ আৰু সাংবাদিকতাৰ প’ষ্ট গ্ৰেজুৱেট ডিপ্ল’মা পাঠ্যক্ৰমত আসনৰ সংখ্যা ১৫। লগতে M.Phil, PhD আৰু D.Litt পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা সুবিধা আছে৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত MA in Mass Communication পাঠ্যক্ৰমত আসনৰ সংখ্যা ৫০৷
অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল— ইণ্ডিয়ান ইন্ষ্টিটিউট অৱ মাছ কমিউনিকেছন (www.iimc.nic.in),
ছিমবায়’ছিছ ইন্ষ্টিটিউট অৱ মিডিয়া এণ্ড
কমিউনিকেছন (www.simc.edu), পুনে বিশ্ববিদ্যালয় (www.unipune.ac.in),
কলকতা বিশ্ববিদ্যালয় (www.caluniv.ac.in),
বেনাৰস হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in), ইন্দিৰা গান্ধী
ৰাষ্ট্ৰীয় মুকলি বিশ্ববিদ্যালয় (http://rcguwahati.ignou.ac.in),
এছিয়ান কলেজ অৱ জাৰ্নেলিজ্ম (www.asianmedia.org ), ইণ্ডিয়ান ইন্ষ্টিটিউট অৱ জাৰ্নেলিজ্ম এণ্ড নিউ মেডিয়া (http://www.iijnm.org),
ছফিয়া ইন্ষ্টিটিউট অৱ ছ’চিয়েল
কমিউনিকেছন (http://www.scmsophia.com),
লেডি শ্ৰীৰাম কলেজ (http://lsr.edu.in), খ্ৰীষ্ট
বিশ্ববিদ্যালয় (www.christuniversity.in),
ইন্দ্ৰপ্ৰস্থ কলেজ ফৰ ৱ’মেন (http://ipcollege.ac.in), জেভিয়াৰ
ইন্ষ্টিটিউট অৱ কমিউনিকেছন (www.xaviercomm.org), হায়দৰাবাদ
বিশ্ববিদ্যালয় (www.commuoh.in), মনোৰমা স্কুল অৱ কমিউনিকেছন (www.manoramajschool.com), এমিটি স্কুল অৱ কমিউনিকেছন (https://amityonline.com),
মুদ্ৰা ইন্ষ্টিটিউট অৱ কমিউনিকেছন (www.mica.ac.in), ভাৰতীয়
বিদ্যা ভৱন (http://bhavansvc.org)
আৰু লগতে উল্লেখ কৰা ভাল হ’ব যে পঞ্জাৱ কৃষি বিশ্ববিদ্যালয় (www.pau.edu)-ত মাথোঁ বিজ্ঞানৰ
স্নাতকৰ বাবে সাংবাদিকতাৰ দুবছৰৰ বাবে পাঠ্যক্ৰম আগবঢ়োৱা হয়।
এই শিক্ষানুষ্ঠানবোৰৰত গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্ৰমত নামভৰ্তি
কৰিব বাবে প্ৰয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব
পাৰে৷ লগতে নাম ভৰ্তি বাবে
বিজ্ঞাপন বাতৰি কাকতত প্ৰকাশ হয়৷
গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্ৰম
সমাপ্ত কৰাৰ পাছত ছপা আৰু ইলেক্ট্ৰনিক— দুইটা মাধ্যমতে
চাকৰি পায়৷ সাংবাদিকতাৰ পাঠ্যক্ৰম শেষ কৰাৰ পাছত চৰকাৰী-বেচৰকাৰী সংবাদ সংস্থা, ভিন্ন
প্ৰতিষ্ঠানৰ জনসংযোগ বিভাগ, বাতৰি কাকত, আলোচনী, ৰেডিঅ’, টি.ভি.
চেনেল আদিত চাকৰি পায়৷
মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে৷
ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)