৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

স্বাধীনোত্তৰ কালৰ অসমীয়া চিনেমা - ৩

লেখকঃ নিজৰা ৰাজকুমাৰী • প্ৰকাশিতঃ ২৪ আগষ্ট, ২০২৪
৭ মিনিট পঠন • ৩০৪৮ বাৰ পঢ়া হৈছে

 (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)

নিজৰা ৰাজকুমাৰী



ব্ৰজেন বৰুৱাই সঙ্গীত দিয়া চিনেমাখনৰ বাবে গীত লিখিছিল কেশৱ মহন্তই— “কিনো শুৱনি তোৰে মুখনি/ পদুমৰে ঠাৰি যেন হাত দুখনি/ তোৰে চকুযুৰি যায় উৰি উৰি/ বিচাৰি বিচাৰি কোন মায়াপুৰী/ কোন সৰগ জিনো বুলি/ মনৰ পাখি মেলি দিলি/ উজলি জিলিকে সৌ দূৰ-দূৰণি…৷” চিনেমাখনৰ নাম ‘ভক্তপ্ৰহ্লাদ’৷ মুক্তিৰ তাৰিখ ১৪ নৱেম্বৰ, ১৯৫৮৷ চিনেমাখনৰ বিশেষত্ব হ’ল এইখন প্ৰথম অসমীয়া ধৰ্মমূলক চিনেমা৷ নিপ বৰুৱা প্ৰযোজিত, পৰিচালিত ‘ভক্তপ্ৰহ্লাদ’ৰ চিত্ৰগ্ৰহণ কৰিছিল কেষ্ট মুখাৰ্জীয়ে৷ ইভা আচাও, ফণী শৰ্মা, দ্বিবন বৰুৱা, সৰ্বেশ্বৰ চক্ৰৱৰ্তী, অমলেন্দু বাগচী, ৰেবেকা আচাও আদিয়ে অভিনয় কৰা ক’লা বগা চিনেমাখনৰ অ’ হৰি চৰণ দিয়াহে/ জলধিৰ মাজে তুমি হৈয়া অৱতৰি/……ব্ৰহ্মাণ্ডৰ ভূমি ভাৰ কান্ধতে প্ৰভূ / ভকতৰ প্ৰাণধন তুমি নাৰায়ণ …গীতটি আমি সৰুতে কাৰোবাৰ কাৰোবাৰ মুখত শুনা মনত পৰে৷  

চিনেমা এখনৰ পৰিচয় ইয়াত সন্নিবিষ্ট গীতে বহন কৰে নে গীতটিক চিনেমাখনেহে বিশেষ কৰি তোলে? এই বিষয়ে কথা পাতিবলৈ আমাৰ হাতত অনেক উদাহৰণ আৰু যুক্তি আছে৷ ভূপেন হাজৰিকাই লিখা “ৰিমঝিম ৰিমঝিম বৰষুণে নেপুৰ বজায় ক’ত/ ক’ত?/ গিৰগিৰ গিৰগিৰ ডাৱৰেনো/ মাদল বজায় ক’ত?/ ক’ত?/ অমোৰ অসম দেশত, অসম দেশত/ মাইহাং বাটিৰ সোৱাদ পানী / যাচে কোনে ক’ত? ক’ত?/ কাৰ পদূলিৰ কেতেকীনো/ মলেমলায় ক’ত?/ অমোৰ অসম দেশত, অসম দেশত…” গীতটি অসমীয়াৰ অতি চিনাকি৷ কিন্তু গীতটি থকা চিনেমাখনৰ নাম জানে কেইজনে! ১৯৫৯ চনৰ প্ৰথম ভাগতে অহা এই চিনেমাখনৰ নাম ‘কেঁচাসোণ’৷ চন্দ্ৰধৰ গোস্বামী, ইভা আচাও আদিয়ে অভিনয় কৰা ‘কেঁচাসোণ’ৰ কাহিনী চাহবাগিছাকেন্দ্ৰিক৷ তেজপুৰ জিলা চাহ মজদুৰ সংঘৰ হৈ হৃদয় আগৰৱালাই ‘কেঁচাসোণ’ প্ৰযোজনা কৰিছিল৷ পৰিচালনা কৰিছিল ফণী শৰ্মাই৷ ড° ভূপেন হাজৰিকাই সঙ্গীত দিয়া চিনেমাৰ গীতবোৰ সাধাৰণতে শ্ৰোতা-দৰ্শকৰ মনত ৰৈ গৈছিলেই৷ ‘কেঁচাসোণ’ৰ মণ্টু ঘোষ, ভূপেন হাজৰিকা, ইলা চক্ৰৱৰ্তী আদিয়ে গোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ অ’ আমাৰ গাঁও/ অ’ আমাৰ গাঁও/ আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ/ আমি মৰিবলৈ যাওঁ/ গীতটিয়ে তাহানিৰে পৰা আমাক মুগ্ধ কৰি আহিছে৷ চিনেমাখনৰ চিত্ৰগ্ৰহণ কৰিছিল নলীন দুৱৰাই৷ এইটো বছৰতে মুক্তি লভিছিল কামৰূপ কলা মন্দিৰৰ বেনাৰত নিৰ্মিত নিপ বৰুৱাৰ আমাৰ ঘৰ, কথাকলি চিনে প্ৰডিউচাৰ্চ নগাঁৱৰ বেনাৰত নিৰ্মিত প্ৰভাত মুখাৰ্জীৰ পূবেৰুণ, দেবা ফিল্মছৰ বেনাৰত নিৰ্মিত শৈল বৰুৱাৰ ‘চাকনৈয়া’ই৷ ‘চাকনৈয়া’ৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ লিখিছিল দুৰ্গেশ্বৰ বৰঠাকুৰে৷ জনপ্ৰিয় লেখক চৈয়দ আব্দুল মালিকে এইখন চিনেমাৰ বাবে এটি গীত লিখিছিল— মছগুল দুনিয়াত হায়ৰে হায়ৰে হায়ৰে/ দিল আছে দিলদাৰ নাইৰে নাইৰে/ দিল আছে মিল নাই/ যাৰ নাই/ তাৰ নাই/ যাৰ আছে সি চব পায়ৰে পায়ৰে আৰু গীতটিত কন্ঠদান কৰিছিল ভূপেন হাজৰিকা, মিহিৰ বৰদলৈ, মুকুল বৰুৱা আদিয়ে৷ ‘পূবেৰুণ’ আৰু ‘চাকনৈয়া’ – এই দুয়োখনতে জ্ঞানদা কাকতিয়ে অভিনয় কৰিছিল৷ ‘পূৱেৰুণ’ক আমি মনত ৰাখোঁ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথম অসমীয়া চিনেমা হিচাপে৷ ‘আমাৰ ঘৰ’ত অভিনয় কৰিছিল ফণী শৰ্মা, বিজয় শংকৰ, ক্ষীৰদা কান্ত বিষয়া, বীণা বৰুৱা আদিয়ে৷ এইখন চিনেমাৰ সংলাপ লিখিছিল লক্ষ্যধৰ চৌধুৰীয়ে৷ 

১৯৬৩ চনৰ নৱেম্বৰ মাহ৷ জোনপ্ৰভা বৰুৱানীৰ প্ৰযোজনাৰে সেই মাহতে অসমে লাভ কৰিছিল প্ৰথমখন অসমীয়া কমেডি – ‘ইটো সিটো বহুতো’৷ ফণী শৰ্মা, ব্ৰজেন বৰুৱা, সুতপা মজুমদাৰ আদিয়ে অভিনয় কৰা ‘ইটো সিটো বহুতো’ৰ চিত্ৰনাট্য লিখিছিল আৰু পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই৷ 

যশস্বী কবি নৱকান্ত বৰুৱাই গীত লিখিছিল ‘মাটিৰ স্বৰ্গ’ নামৰ চিনেমাখনৰ বাবেও৷ সেয়াও আছিল ১৯৬৩ চন৷ মুক্তি পাইছিল অনিল ভূঞা পৰিচালিত তথা চৌধুৰী চিত্ৰায়নৰ বেনাৰত গিৰিশ চৌধুৰী, অনিল চৌধুৰীয়ে প্ৰযোজনা কৰা ক’লা-বগা চিনেমা ‘মাটিৰ স্বৰ্গ’৷ জিতেন দেৱ, বীৰেন্দ্ৰ কুমাৰে সঙ্গীত দিয়া চিনেমাখনৰ বাবে নৱকান্ত বৰুৱাই লিখিছিল— “জীৱনৰ এই সাঁকোত কিয়নো সাজিব খুজিলি ৰংমহল/ অত হেঁপাহেৰে কিয়নো গোটালি/ মিছা মৰমৰ কেঁচা সমল/ এয়া মাথো অহা-যোৱা বাট/ নাই ক’তো থল জিৰণিৰ/ মৃগতৃষ্ণাৰ সিপাৰে বালিৰ / শেষ নাই তিৰবিৰণিৰ/”৷ ‘মাটিৰ স্বৰ্গ’ৰ বাবে কবিয়ে দুটি গীত লিখিছিল, যি গীতত কন্ঠদান কৰিছিল অসিত কুমাৰ আৰু শৰদিন্দু দাসগুপ্তই৷ 

 ১৯৬৪-ত আহিল ‘মণিৰাম দেৱান’ যিখন চিনেমাৰ সঙ্গীত ব্যক্তিগতভাৱে মোৰ অতি প্ৰিয়৷ সুধাকণ্ঠ ভূপেন হাজৰিকা সঙ্গীতৰ দায়িত্বত থকাৰ পাছত সেইখন চিনেমাৰ গীতে আমাক যুগ যুগ ধৰি আপ্লুত কৰি নাৰাখিবনে! ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা ‘মণিৰাম দেৱান’ৰ বুকু হম হম কৰে মোৰ আই/ কোনে নিদ্ৰা হৰে মোৰ আই, তপ্ত তীখাৰে অগ্নি শক্তি/ ৰক্ত বৰ্ণে জ্বলে/ এ জ্বলিলে/ মুক্তি পিয়াসী সুপ্ত মানুহৰ/ বক্ষ তীখা হৈ গল/ এ গলিলে…, হে মাই যশোৱা এ/ মাই হেৰে যশোৱা আমাক লাগিয়া/ অলপ তোৰ মৰমো নাই/, সংগ্ৰামলগ্নে আজি শংকা ত্ৰাস ত্যাজি…আদি গীতবোৰ পাহৰিব নোৱাৰি৷ এইখন চিনেমাত ৰঞ্জনা বৰদলৈৰ বিহুনৃত্যটিও নিশ্চয়কৈ বহুতৰ প্ৰিয়৷ মণিৰাম দেৱান পৰিচালনা কৰিছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে৷ চিত্ৰগ্ৰহণ বিজয় দেৰ, প্ৰযোজনা অপূৰ্ব চৌধুৰীৰ৷ হলৰইডৰ চৰিত্ৰত অভিনয় কৰিছিল বাংলা চিনেমাৰ বিশিষ্ট অভিনেতা উৎপল দত্তই আৰু মণিৰাম দেৱানৰ চৰিত্ৰত অভিনয় কৰিছিল ফণী শৰ্মাই৷  

‘মণিৰাম দেৱান’ত ভূপেন হাজৰিকাৰ সঙ্গীতৰ কথা কৈছিলোঁহে৷ ইয়াৰ পাছৰ বছৰতে মুক্তি পালে খাছী কিংবদন্তিৰ আধাৰত নিৰ্মিত, বিষ্ণু ৰাভা, ফণী শৰ্মা, ইভা আচাও, বিদ্যা ৰাও, ৰঞ্জনা বৰদলৈ, কমল চৌধুৰী আদি অভিনীত চিনেমা ‘প্ৰতিধ্বনি’৷ ‘প্ৰতিধ্বনি’ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যৰ ৰচক, সংলাপ-সঙ্গীত দিওঁতা তথা গীতৰ ৰচকো একেজন মানুহেই— সেইজন হ’ল ভূপেন হাজৰিকা৷ ‘প্ৰতিধ্বনি’ক ‘কা শ্বৰাতি’ নামেৰে খাছি ভাষালৈ ডাব কৰা হৈছিল৷ ভূপেন দাৰ ৰচনা আৰু কণ্ঠই শ্ৰোতাৰ কাণত মৌ বৰষিছিল — লিয়েনমাকাও/ কোন পাহাৰৰ শিখৰতে বাট চাইছা/ সুৰৰ পঁজা কিয় উদং ৰাখিম/ অকলশৰে মই কিমান কান্দিম/ তাকে একমনে ভাবিছা?’(প্ৰতিধ্বনি, ১৯৬৫)৷

 

(আগলৈ)

ন
লেখকৰ পৰিচয়

নিজৰা ৰাজকুমাৰী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)