৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

দেও

লেখকঃ গুণাৰাম শইকীয়া • প্ৰকাশিতঃ ১৮ আগষ্ট, ২০২১
১ মিনিট পঠন • ৩৭৩৪ বাৰ পঢ়া হৈছে

গুণাৰাম শইকীয়া

ইমানবোৰ দেও-পিশাঁচৰ গল্প বাটে-ঘাটে

চৰুৰ চাউল নিসিজা হ’ল, সন্ধিয়াতে নুমায় দুখৰ লণ্ঠন

পাতিচাইকেল এখনো বাটলৈ নোলোৱা হ’ল

নিমখৰ দাম বাঢ়ি বাঢ়ি - আয়’ডিন কমি যোৱা আইৰ চকুত

বিষণ্ণ হালধীয়া কাহ এটাৰ অস্বস্তি

গোটৈই গাঁওখনতে জ্বৰ - চাৰিওখন এম্বুলেঞ্চতে অক্সিজেন নাই

মাইকণৰ মাকৰ চিঞৰ - বাপকটো ঢুকাব দুমাহ হৈছিল হে’ বিধি

ছিৰিলি- ছিৰিলিকৈ ফলা কেঁচাখৰি- কােনোপধ্যে নজ্বলে িচতাৰ জুই

নৈৰ সিপাৰৰ বাইলুঙে আহি তালফাল লগাইছে

হেনো কোনোবা দেও-ভূত চাপিছে

বিহলঙনীৰ আগ ৰঙা পৰি শুকাই লেৰেলিল

তথাপি বাপুকণৰ নাড়িৰ বিষ নকমিল

বিপন্ন দিনক পোহপাল দিওঁতে দিওঁতে শেষৰ দিনা সি

লঘোণে আছিল

কি দেও চাপিছে  কি দেও চাপিছে

উজাগৰী গঞাৰ চকুলৈ নামিছে কাল ঘুমটি 

------- 

গ
লেখকৰ পৰিচয়

গুণাৰাম শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)