(পূৰ্ণাংগ নাটক)
নাট্যকাৰ –ড০ জ্যোতিপ্ৰসাদ শইকীয়া
চতুৰ্থ দৃশ্য
মঞ্চৰ up mid zone অত বেদনাথ বৰুৱা আৰু নিৰদাই close range-অত বহি থাকে৷ মঞ্চৰ মধ্যভাগত পোহৰ পৰাৰ লগে লগে দুয়োকে দেখা যায়৷ (ভায়’লিন বা বাঁহীত কৰুণ সুৰ ভাহি উঠে)
নিৰদা – সঁচাকৈয়ে কৰো বুলিয়েই নিজৰ মতে কামবোৰ কৰি পেলালে তাই৷ (Music) কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে?
বেদনাথ – পাৰে নিৰদা৷ পৃথিৱীখন নিষ্ঠুৰ মানুহেৰে ভৰি আছে৷ জীৱন দান দিয়া মানুহ যিমান আছে, জীৱন ধ্বংস কৰি দিয়া মানুহো সিমানেই আছে৷
নিৰদা – আলমাৰিত থকা কাপোৰবোৰে জয়াৰ স্মৃতিবোৰ লৈ ফুৰিছিল৷ তাইলৈ মনত পৰিলেই সযত্নে সজাই থোৱা কাপোৰবোৰ চাইছিলোঁ৷
বেদনাথ – নিৰদা!
নিৰদা – দেৱীয়ে কেতিয়াবা মাকৰ চাদৰখনকে মেৰিয়াই মাকৰ উম লৈছিল৷ (Music) সৰুতে কইনা কইনা খেলিছিল৷
বেদনাথ – বহুত সপোন আছিল জয়াৰ! দেৱীক তাই গান গাবলৈ শিকাব! অভিনয় কৰিবলৈ শিকাব৷ সকলো সপোন মাথো কেইটামান ছেকেণ্ডতে শেষ হৈ গ’ল৷ পাষণ্ডবোৰে নিজৰ অস্তিত্ব জাহিৰ কৰিবৰ বাবে য’তে ত’তে ত্ৰাসৰ সৃষ্টি কৰে, মানুহ হত্যা কৰে! বৰ ঘিণ লাগে সিহঁতলৈ৷ ধুনীয়া মনৰ মানুহজনী পাষণ্ডবোৰৰ বলি হ’ল ৷ (Music)
নিৰদা – মৃত্যুৰ পাছত তাইৰ ধুনীয়া মনটোৰ স্মৃতিখিনিও নোহোৱা কৰি পেলালে ৷ (Music/sad) জয়াই ৰুই থৈ যোৱা শেৱালিজোপাও তাই (পলীয়ে) কাটি পেলালে৷
বেদনাথ – ভাল মানুহবোৰক জীয়াই থাকিবলৈতো নিদিয়েই, স্মৃতিবোৰকো শেষ কৰি পেলাব বিচাৰে৷ বেয়া মনৰ মানুহেৰেই পৃথিৱীখন ভৰি আছে৷ ল’ৰা-ছোৱালীবোৰক ইংৰাজীৰ ক্লাছত পঢ়োৱা মনত পৰে –
His path is dark, his end
is cold
A trail of ruin, a story
Untold
He’s a master of deceit
And lies
A bad man, with a heart
That denies …!
বেয়া মানুহ বুইছা৷ এইবোৰ সকলো বেয়া মানুহ৷ এই বেয়া মানুহবোৰে ভাল মানুহৰ
স্মৃতিবোৰকো মোহাৰি পেলাব বিচাৰে৷
(এনেতে বাহিৰৰ দুৱাৰত নক কৰে)
বেদনাথ – কোন? (বাহিৰৰ পৰা মাতে “আমি”)
বেদনাথ – দুৱাৰখন জপাইহে থৈছোঁ৷ হুকটো মৰা নাই৷ আহক সোমাই আহক! (সত্য আৰু বিদ্যা সোমাই আহে)
সত্য +বিদ্যা – নমস্কাৰ৷
বেদনাথ – নমস্কাৰ৷
নিৰদা – বহক
বিদ্যা – বহক বুলি ক’ব নালাগে৷ বহাঁ বুলি ক’লেই হ’ব৷
নিৰদা – হ’ব৷ বহাঁ ! (নিৰদা ভিতৰলৈ সোমাই যায়)
বেদনাথ – মই পিছে চিনি পোৱা নাই৷
সত্য – মোক চিনি নাপাব ৷ মই বৰকৈ আগত নাথাকোঁ৷ ইয়াক পিছে সকলোৱে চিনি পায়৷ বিদ্যাভূষণ শৰ্মা৷ টি.ভি-ত চেহেৰাটো ওলায়েই থাকে৷
বেদনাথ – টি.ভি-ত চাকৰি কৰাঁ?
সত্য – নহয়।
বেদনাথ – চিৰিয়েলত অভিনয় কৰাঁ?
সত্য – নহয়।
বেদনাথ – তাৰমানে সেই টক্ শ্ব’বোৰত ওলাই থাকাঁ?
সত্য – ঠিক ধৰিছে বৰদেউতা৷ ই যেতিয়া টক্ শ্ব’বোৰত ভাগ লয়, কঁপাই দিয়ে৷
বেদনাথ – মানে?
বিদ্যা – যুক্তিৰে সকলোকে থকা-সৰকা কৰি দিওঁ।
বেদনাথ – থকা-সৰকা …?
সত্য – মানে অন্যবোৰক ই কথা ক’বলৈ সুবিধাকে নিদিয়ে৷ ই যেতিয়া চিঞৰি চিঞৰি কথা ক’বলৈ আৰম্ভ কৰে, বাকীবোৰ ফুচ্ হৈ পৰে ৷ (Music)
বেদনাথ – বুজিলোঁ৷ চিঞৰাৰ প্ৰতিযোগিতা৷ Uncivilized discussion.
বিদ্যা – মানে?
বেদনাথ – মনত পৰিছে৷ যুক্তিতকৈ যুদ্ধপ্ৰিয় মানুহৰ আলোচনা৷ হেৰা, মই ইংৰাজীৰ শিক্ষক আছিলোঁ৷ ল’ৰা-ছোৱালীবোৰক বহুত কথা খৈছিলোঁ৷ এবাৰ এখন তৰ্ক-প্ৰতিযোগিতাৰ বিচাৰকৰ ভাষণত কৈছিলোঁ – Some people don’t argue, they just talk while others are listening. তুমি চাগৈ সেই শুনাসকলৰ মাজত নাই৷ Anyway – কোৱাঁচোন কিয় আহিলা?
সত্য – মই দেখোন চিনাকি দিয়াই নাই৷ মই সত্য৷ মানে সত্যধৰ সাউদ৷
বেদনাথ – আপুনি মানে তুমি যে সদাগৰ মই গম পাইছোঁ৷
সত্য – সদাগৰ!
বেদনাথ – সাউদ৷
সত্য – বাঃ আপুনিও ভাল জমনি কৰে৷ ৰসাল (হাঁহে – Direction)।
বিদ্যা – আমি শক্তিশালীভাৱে কথা কওঁ বাবে ৰসবোৰ দেৰিকৈ বুজোঁ৷
বেদনাথ – চিঞৰিলে চকুহাল জাপ খাব বা বেছিকৈ মেল খাব৷ এইবোৰ স্বাভাৱিক৷ এতিয়া মূল কথাটো কোৱাঁ৷
সত্য – আমি ‘স্বদেশ’ৰ পৰা আহিছোঁ৷
বেদনাথ – তোমালোকে যে বিদেশৰ পৰা অহা নাই মই বুজি পাইছোঁ৷ কোৱাঁ-
বিদ্যা – নহয় বৰদেউতা৷ স্বদেশ এটা সংগঠন৷ জাতীয় সংগঠন৷
বেদনাথ – জাতীয় সংগঠন৷
সত্য – জাতিৰ সভ্যতা, সংস্কৃতি, ঐতিহ্য ৰক্ষাৰ বাবে কাম কৰা সংগঠন।
বেদনাথ – জাতি, ভেটি, মাটি ৰক্ষা …
বিদ্যা – আমি জাতিক শোষণ কৰা শক্তিবোৰৰ বিৰুদ্ধে মাত মাতো৷ আমাৰ সভ্যতা-সংস্কৃতি নিৰাপদ কৰিব বিচাৰোঁ! দেশ আৰু জাতি প্ৰেম আমাৰ শ্ল’গান৷
বেদনাথ – আৰু?
সত্য – অন্যায়ৰ বিৰুদ্ধে যুঁজো৷
বিদ্যা – আন্দোলন কৰোঁ, প্ৰতিবাদ কৰোঁ, সভা পাতোঁ৷
বেদনাথ – আৰু Round Table Meeting কৰি চাগৈ চাহ-ভাতৰ জুতিও লোৱাঁ৷
সত্য – এইবোৰ সংগ্ৰামৰ অংশ৷ আন্দোলন হ’লে আলোচনা হ’বই লাগিব৷ (Music) অৱশ্যে মোৰ দৰে অলপ বয়স হোৱা সকলেহে আলোচনাৰ নেতৃত্ব লওঁ৷ বুদ্ধি-ভৰসা দিওঁ৷
বেদনাথ – মানে বুদ্ধিজীৱী৷
সত্য – মানুহে কয়৷ ইছে আমি নিজেই নকওঁ৷ গণতন্ত্ৰ বিশ্বাস কৰোঁ যেতিয়া, আলোচনা কৰি কামবোৰ কৰাৰ পথ বিচাৰোঁ৷
বিদ্যা – এতিয়াও আলোচনাৰ মৰ্মেই আপোনাৰ ওচৰলৈ আহিলোঁ৷
বেদনাথ – কোৱাঁচোন ৷
সত্য – সন্ত্ৰাসৰ বলি হোৱা শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে আমি কিছু দক্ষেপ ল’বলৈ বিচাৰিছোঁ৷
বেদনাথ – মানে মোৰ বোৱাৰীজনীৰ…
সত্য – হয়৷
বেদনাথ – তাইতো শ্বহীদ নহয়৷ দেশৰ বাবে মৰা নাই৷ তাইক সন্ত্ৰাসবাদী তথা পাষণ্ড কিছুমানে হত্যা কৰিলে৷ বিনা দোষত৷
সত্য – সেইবাবেই আমি তেওঁক শ্বহীদ ঘোষণা কৰিব বিচাৰিছোঁ৷
বিদ্যা – চৰকাৰে তেওঁক সুৰক্ষা দিব নোৱাৰিলে৷
বেদনাথ – চৰকাৰে কি সুৰক্ষা দিব?
বিদ্যা – দিব লাগিব৷ প্ৰতিজন মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব চৰকাৰৰ৷
বেদনাথ – হেৰা মানুহবোৰৰ জ্ঞান-বুদ্ধি নোহোৱা হ’লে চৰকাৰে কৰিব কি? তাতে চৰকাৰতো মানুহেই বনায়! জনতাই মূৰ্খক ৰজা বনালে, সেই ৰজাক দোষ দি থাকিলে কি হ’ব? বাৰু, জয়াৰ স্মৃতি কি দৰে ৰক্ষা কৰিবা?
সত্য – আমি নগৰৰ চমুৱা চাৰিআালিৰ কাষত জয়া বৰুৱাৰ এটা স্মৃতি সৌধ বনাম৷
বিদ্যা – মানে এটা প্ৰতিমূৰ্তি।
বেদনাথ – বুজি পাইছোঁ ডেকাল’ৰা৷ স্কুলত ল’ৰা-ছোৱালীবোৰক statue কি কৈছিলো? A figure of a person that is made of stone or metal and usually put in a public place নহয় জানো?
সত্য – হয়, হয়৷ আপুনি ইংৰাজীৰ মাষ্টৰ আছিল৷ ভুল ক’বনে?
বেদনাথ – ভুল নকওঁ বাবেই আৰু এটা শুদ্ধ কথা ক’ব বিচাৰিছোঁ৷
বিদ্যা+সত্য – কওক৷
বেদনাথ – শুনা! জয়াৰ প্ৰতিমূৰ্তিটো তোমালোকে কাৰ পইচাৰে বনাবা? লাখ টকা লাগিব৷ কেইবা লাখো৷ ইয়াৰ বাবে তোমালোকে বেপাৰ-বাণিজ্য কৰি খোৱা মানুহবোৰৰ পৰা দাবী-হুমকি দি পইচা তুলিবা৷
বিদ্যা – আমি ৰাইজৰ দান-বৰঙণিহে ল’ম৷ এটা জাতীয় সংগঠনে সৎ কাম এটাৰ বাবে সহায়হে বিচাৰিব৷
সত্য – আপুনি দাবী-হুমকি বুলি নক’ব আকৌ!
বেদনাথ – কিয় নক’ম? জয়াৰ প্ৰতিমূৰ্তিটো বনোৱাৰ নামত ধন ঘটাৰ ৰাষ্টা মুকলি কৰিবলৈ দিব নোৱাৰোঁ৷ এইবোৰ সঁচা কথা, সকলোৱে জানে৷ মাথো ভয় আৰু শংকাৰ বাবে প্ৰকাশ নকৰে৷ চান্দাৰ ভৰ সহ্য কৰিব নোৱাৰি এইখন দেশত মানুহ মানসিক ৰোগী হোৱাৰ উদাহৰণ আছে৷ উন্নয়ন স্থবিৰ হোৱাৰ তথ্য আছে৷ (Music)
বিদ্যা – আপুনি ভুল কথা কৈছে?
সত্য – আমাৰ সংগঠন তেনেকুৱা নহয়৷ আমি সমাজৰ কল্যাণৰ বাবে কাম কৰোঁ৷ এনেকৈ নক’ব৷
বেদনাথ – ক’ম৷ আৰু শুনা৷ এই প্ৰতিমূৰ্তিবোৰ যে প্ৰতিষ্ঠা কৰাঁ, প্ৰতিষ্ঠা কৰাৰ দিনা জাকজমকীয়াকৈ এটা অনুষ্ঠানো পাতাঁ৷ ডাঙৰ মানুহ মাতি আনি উন্মোচন কৰোৱাঁ৷ উদাত্ত কণ্ঠৰে ভাষণ দিয়াঁ – কিন্তু কিছুদিনৰ পাছত মূৰ্তিটো চাফা কৰি ৰাখিবলৈ মানুহৰ অভাৱ হয়৷ চৰাই-চিৰিকতিৰ মলে প্ৰতিমূৰ্তিটোৰ অৱয়ব সলনি কৰি পেলায়৷ মই জয়াৰ পৱিত্ৰ মুখখন লেতেৰা কৰাটো নিবিচাৰোঁ৷
বিদ্যা – আপুনি কিছুমান বৰ অদৰকাৰী কথা কৈছে৷
সত্য – অসত্য কথা কৈছে৷
বেদনাথ – অপ্ৰিয় সত্য কথাবোৰ শুনিবলৈ কষ্ট হয়৷ অদৰকাৰী যেন লাগে৷ কিন্তু এয়াই সত্য৷ (Music) জাতীয় সংগঠনৰ নামত স্বয়ং জনসাধাৰণকে পণবন্দী কৰা, ত্ৰাসৰ সৃষ্টি কৰি প্ৰতিবাদৰ নামত উদ্ভণ্ডালি কৰা দাবী-ধমকিৰে চান্দা তুলি কৰ্মসংস্কৃতি ধ্বংস কৰা উদাহৰণৰ জানো অভাৱ হৈছে?
বিদ্যা – আপুনি যদি বুঢ়া নহ’লহেঁতেন, শিক্ষক নহ’লহেঁতেন…
বেদনাথ – তেন্তে কি কৰিলাহেঁতেন? তোমালোকে জানো বয়সস্থ মানুহ আৰু শিক্ষকক সন্মান কৰি পাইছা?
সত্য – হেৰি৷ আমি এটা সং কামতহে ইয়ালৈ আহিছিলোঁ৷ পাৰি দিয়া নাৰিকলেৰে মূৰত আঘাত কৰিবলৈ নিবিচাৰিব৷ (Music) প্ৰতিমূৰ্তি বনাবলৈ মানুহৰ অভাৱ হোৱা নাই৷ আপোনাৰ অন্যজনী বোৱাৰী পলীয়ে দেউতাৰ পেঞ্চনৰ পইচাৰে প্ৰতিমূৰ্তি বনোৱাৰ দায়িত্ব ল’ব পাৰে বুলি কোৱা বাবেহে আহিছিলো৷
বেদনাথ – কি? (Music) strange
বিদ্যা – স্বদেশৰ মহিলা গোটৰ নেত্ৰীগৰাকীৰ কথা শুনিহে আপোনাৰ কাষ চাপিছিলোঁ৷
বেদনাথ – মই কেতিয়া ক’লোঁ মোৰ পেঞ্চনৰ পইচাৰে জয়াৰ প্ৰতিমূৰ্তি বনাব বিচাৰিছোঁ বুলি?
সত্য – সেইবোৰ আপোনালোকৰ ঘৰৰ কথা৷ (Music) বিদ্যা, ব’ল আমি যাওঁ৷
বিদ্যা – বহুত হজম কৰিলোঁ৷ আপোনাৰ বোৱাৰী জয়া বৰুৱাক লৈ আমি concern নহয়৷ আমি এটা প্ৰতিমূৰ্তি সাজিব লাগে, সাজিম৷ আমাক পইচা দিয়া মানুহৰ অভাৱ হোৱা নাই৷ (সত্য আৰু বিদ্যা ওলায় যায়)
বেদনাথ – সাজিবা৷ যদি পাৰাঁ গোটেই পৃথিৱীখনৰ মানুহৰে প্ৰতিমূৰ্তি সাজাঁ৷ কিন্তু মোৰ সৎ, নিৰ্মল বোৱাৰী জয়াৰ আত্মাটোক লৈ বেপাৰ কৰিবলৈ দিব নোৱাৰোঁ৷ (খঙত) তঁহতেই দেশখন শেষ কৰিলি৷ সংগঠনৰ নামত দেশ আৰু জাতিক পংগু কৰাৰ ব্যৱস্থা কৰিলি৷ তহঁত গণতন্ত্ৰৰ প্ৰকৃত Pressure Group নহয়৷ তহঁত ভোগৰ পৃথিৱীত দপদপাব বিচৰা একোটাহঁত লেতেৰা এককোষী জীৱ৷
(ক্ষোভ আৰু খঙত বেদনাথ ভাগৰি পৰে৷ নিৰদা সোমাই আহে৷ [Music Progression)]
নিৰদা – আপোনাৰ কি হৈছে?
বেদনাথ – খং উঠিছে৷ বহুত দিনৰ মূৰত তেজবোৰ উথলি উঠিছে (Music) । জাতীয় সংগঠনে জয়াৰ প্ৰতিমূৰ্তি সাজি ধন ঘটাৰ বাট মুকলি কৰিব বিচাৰিছে৷ (ক্ষোভত) আৰু কি জানা নিৰদা?
নিৰদা – আপুনি!
বেদনাথ – পদূলিত জয়াই ৰোৱা শেৱালিজোপা কাটি পেলোৱা, আলমাৰীত সযতনে সাঁচি থোৱা জয়াৰ কাপোৰবোৰ ধনীৰাম বোলা বেপাৰীটোক বিক্ৰী কৰি দিয়াগৰাকীয়ে জয়াৰ প্ৰতিমূৰ্তি বনাবলৈ পৰামৰ্শ দিয়ে৷
বেদনাথ – ‘স্বজাতি’ ৰ নাৰী সংগঠনৰ নেত্ৰী পলী বৰুৱাই সিহঁতক পঠাইছিল৷ মোৰ পেঞ্চনৰ পইচা বিচাৰি সিহঁত আহিছিল৷ পেঞ্চনৰ পইচাৰে প্ৰতিমূৰ্তি বনাব৷ ছিঃ কি নিলাজ !
(বেদনাথ ভাগৰি পৰা দেখি নিৰদা কাষ চাপি যায়৷ দুয়ো এটা zoom ত অৱস্থান কৰাৰ লগে লগে লাইট কমি আহে৷ দুয়ো freeze হয়) (Music)
(আগলৈ)
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)