৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

দ্বিতীয় আৱিৰ্ভাৱ (অনুবাদ কবিতা)

লেখকঃ অনুবাদ: যশোৱন্ত নিপুণ • প্ৰকাশিতঃ ৩০ নৱেম্বৰ, ২০২০
২ মিনিট পঠন • ৪৪৬৬ বাৰ পঢ়া হৈছে

মূল: ৱি‍লিয়াম বাটলাৰ য়িট্‌ছ্‌ (William Butler Yeats)

অনুবাদ: যশোৱন্ত নিপুণ

ক্ৰমশঃ বৰ্ধমান চাকনৈয়াত ঘূৰি ঘূৰি
শেনটোৱে আৰু শুনিবলৈ নাপায় তাৰ গৰাকীৰ কণ্ঠ;
সকলো খহি পৰে; কেন্দ্ৰই আৰু ধৰি ৰাখিব নোৱাৰে;
মাত্ৰ সীমাহীন বিশৃংখলতাই ঘেৰি ধৰে পৃথিৱীখন,
ৰক্তাক্ত বাধাহীন জোৱাৰে আৱৰে, আৰু সৰ্বত্ৰ
প্লাৱনে গ্ৰাস কৰি আনে নিষ্কলুষ সৰলতাৰ উৎসৱ;
সৰ্বোত্তমসকলৰ কোনো দৃঢ়তা নাই, কিন্ত পাষণ্ডবোৰ
তীব্ৰতম আৱে‍গেৰে উচ্ছ্বসিত৷


নিশ্চয় কিবা সত্যৰ উন্মোচন হ’ব অচিৰেই;
নিশ্চয় দ্বিতীয় আৱিৰ্ভাৱ অতি সন্নিকট৷
দ্বিতীয় আৱিৰ্ভাৱ! সেই শব্দবোৰ শুনা-নুশুনাতেই
বিশ্বৰ চিৰন্তন আত্মা আৰু চেতনাৰ গৰ্ভৰ পৰা এটা ছায়াই
মোৰ চকু চাট মাৰি ধৰে; মৰুভূমিৰ বালিময় বক্ষৰ ক’ৰবাত
এটা সিংহৰ শৰীৰ আৰু মানৱ মস্তকৰ অৱয়ৱে,
সূৰ্যৰ দৰে ভাবলেশহীন আৰু নিৰ্দয় এটা চাৱনিয়ে,
তাৰ মন্থৰ উৰু লৰচৰ কৰে, আৰু তাৰ চাৰিওফালে
ঘূৰি ৰয় খঙাল মৰুপক্ষীবোৰৰ ছাঁ৷ 
আকৌ নামি আহে অন্ধকাৰ; কিন্তু মই এতিয়া জানো
কুৰিটা শতিকাৰ শিলৰ দৰে গভীৰ নিদ্ৰাক
এখন প্ৰলয়ংকৰী দোলনাই বিক্ষুব্ধ কৰি তুলিলে দুঃস্বপ্নলৈ,
আৰু কি দুৰ্দমনীয় পশু, তাৰ সময় আহিল অৱশেষত,
বেথেলহেমলৈ ধীৰে ধীৰে আগ বাঢ়ে পুনৰ জনম ল’বলৈ?

অ
লেখকৰ পৰিচয়

অনুবাদ: যশোৱন্ত নিপুণ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)