৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মগজুৰ অপতৃণ

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ২৮ অক্টোবৰ, ২০২৫
৬ মিনিট পঠন • ৩৮৬৮ বাৰ পঢ়া হৈছে

নাতিশীতোষ্ণ জলবায়ুৰ ঠাই হিচাপে অসমৰ সৰ্বত্ৰ সকলো সময়তে অনেক গছ-বন গজে৷ এনে গছ-বনবোৰৰ বহুত সুকাঠী বা ফলৱতী আৰু আন কিছুমান আওকাঠী তথা অপতৃণ৷ গছ-বন প্ৰাকৃতিকভাৱেই গজে, নিজৰ সুবিধা অনুসৰি৷ মানুহৰ সুবিধাজনক কোন ঠাইত  গজিব লাগে গছে নাজানে৷ আচলতে পৃথিৱীৰ মাটি-পানী আদি সকলোতে মানুহতকৈ বেছি অধিকাৰ আছে গছৰহে৷ মানুহেহে গছ কাটি বিভিন্ন নিৰ্মাণৰ উদ্দেশ্যে পৰিকল্পনা কৰাৰ ফলত গছ গজিবলৈ ঠাই নোহোৱাৰ নিচিনা অৱস্থা এটা হৈছে৷ অৱশ্যে পৃথিৱীৰ সকলো দেশৰ মাটি একে নহয় আৰু জলবায়ুৰো প্ৰভেদ আছে৷ সেই বাবেই সকলো দেশৰ সকলো অঞ্চলৰ মাটিতে একেদৰেই যিকোনো গছ-গছনি নগজে৷

সি যি নহওক, গছবোৰ সুকাঠী নে আওকাঠী সেয়াও মানুহেই নিৰ্ণয় কৰে৷ বিশেষকৈ কৃষিসভ্যতাৰ আৰম্ভণিৰে পৰাই গছ-গছনিবোৰৰ মাজৰে মানুহৰ বাবে দৰকাৰী আৰু অদৰকাৰী এই দুই ভাগত ভাগ কৰা হ’ল [তাৰ উপৰি গছ-গছনিৰ বহুতো ভাগ আছে]৷ কৃষকসকলে বিভিন্ন ধৰণৰ মানুহৰ কাৰণে দৰকাৰী গছ কেনেকৈ ৰুব লাগে, অদৰকাৰী তথা অপকাৰী গছবোৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে তাৰ উপায় উলিয়াইছিল নিজৰ অভিজ্ঞতাৰ আধাৰত৷ পিছে বৰ্তমান আমাৰ অসমত কৃষিকৰ্মত নিয়োজিত মানুহৰ সংখ্যা দুখ লগাকৈ কমি অহা দেখা গৈছে৷ নিজৰ পথাৰৰ ভাতমুঠিতকৈ যেন দোকানৰ পৰা কিনি অনা চাউলৰ ভাতকেইটা অধিক মূল্যবান– এনে এক ধাৰণা লাহে লাহে অসমীয়া মানুহৰ মনত গঢ় লৈ উঠিছে৷ কৃষিৰ সৈতে সম্পৰ্ক নোহোৱাৰ কাৰণেই লাহে লাহে আমাৰ মানুহে গছ-বনৰ সৈতে সম্পৰ্কও হেৰুৱাই পেলাইছে৷

সেয়েহে, মন কৰিব লগীয়াকৈ আজিকালি নিজৰ চৌহদটো চাফ-চিকুণকৈ ৰাখিবলৈ যত্ন কৰাৰ বাহিৰে আমাৰ প্ৰায়বোৰ মানুহেই নিজৰ পদূলিৰ মূৰটোকে আনকি চাফ-চিকুণ কৰি ৰাখিব লাগে বুলি নজনা হৈছে৷ এনে হোৱাৰ মূলতে কি? মানুহে গছ চিনি নাপায় কাৰণে হাবি চাফা কৰোঁতে দৰকাৰী গছ-বন কটা যোৱাৰ ভয়ত এনে ঘটনা ঘটিছেনে? নাই ঘটা৷ আচলতে মানুহে নিজৰ চৌহদটোৰ বাহিৰত সেইবোৰ নেদেখা হৈছে৷

নাতিশীতোষ্ণ অঞ্চলৰ মাটিত যেনেকৈ নানান অপতৃণ গজে তেনেকৈয়ে এনে অঞ্চলৰ মানুহৰ মনতো নানান অপচিন্তাই বাহ লয়৷ তেনে চিন্তাই মানুহক নিজৰ চৌহদটোৰ বাহিৰে আন ক’লো লেতেৰা-ময়লা বা হাবি-বন দেখিবলৈ নিদিয়ে৷ কোনোবাই তেনে হাবি-বন দেখিলে দৰকাৰ হ’লে সেইবোৰ চাফা কিয় কৰা নাই বুলি আন্দোলনকে কৰিব, কিন্তু কোৰ-কটাৰী একোখন হাতত লৈ সেইখিনি চাফা কৰিবলৈ নিজে আগ বাঢ়ি নাহে৷

আচলতে আমাৰ স্বভাৱটো বৰ বিচিত্ৰ৷ ক’ৰবাত যদি কিবা কাৰণত লেতেৰা কাগজ-পত্ৰ কেইখনমান পৰি থাকিল, সেইকেইখন কোনেও বুটলি নিনিয়ে৷ বৰং সেইখিনিৰ ওপৰতে আন জাবৰ-জোথৰ কিছুমানো পেলাবহিহে৷ তাতে কিছুমানে পেলাওক তামোল-পাণৰ পিকো! দিন যোৱাৰ লগে লগে সেই ঠাইখন লাহে লাহে পেলনীয়া বস্তুৰে ভৰি কদৰ্য হৈ উঠে৷

এনে ঘটনা যে অসংগঠিত স্তৰত হৈছে তেনে নহয়৷ সংগঠিতভাৱেও এনে ঘটনা ঘটি আছে৷ আমাৰ বজাৰ অঞ্চলবোৰেই এই কথাৰ প্ৰমাণ৷ মাছ-মঙহৰ বজাৰবোৰৰ পেলনীয়া বস্তুবোৰ, চুলি কটা চেলুনৰ পেলনীয়া চুলিবোৰ, দোকানৰ পৰা প্ৰতিদিনেই প্ৰায় সকলোৰে ঘৰলৈ অহা প’লিথিনৰ মোনাবোৰৰ পৰিণতি কি হয়? সেইবোৰৰ ব্যৱস্থাপনাৰ কিবা বিষয়ে আমি গম পাওঁনে? নাপাওঁ৷ সেইবোৰৰ বিষয়ে যে আমি গম পাব খোজা উচিত, এইটোও আমাৰ মনত নেখেলায়৷ যিদৰে আমাৰ সম্মুখতে পৰিস্কাৰ ঠাই এখনত অপৰিস্কাৰ বস্তু পেলাই দিলে বাধা দিয়া উচিত বোলা ধাৰণাটোও আমাৰ মনত নেখেলায়৷

মানুহৰ সভ্যতাৰ পত্তন ঘটি আগ বাঢ়িল যেতিয়া, এতিয়া আৰু উভতি যাব নোৱাৰি৷ এতেকে মানুহে গছ-গছনিৰ সৈতে সহাৱস্থান কৰাই বাঞ্ছনীয়৷ পৃথিৱীৰ বহু আগ বঢ়া দেশেই বহুদিনৰ পূৰ্বেই এই সত্য উপলব্ধি কৰিছে আৰু সেইমতেই মানৱনিৰ্মিতি আৰু গছ-বনৰ সুন্দৰ সহাৱস্থান আজিৰ তাৰিখত বহু দেশতে লক্ষ্য কৰা যায়৷ কিন্তু আমাৰ দেশৰ মানুহে এই সত্য উপলব্ধি কৰিবলৈ আৰু বা কেই হাজাৰ বছৰ লাগিব সি অনিশ্চিত৷ বহু আগ বঢ়া দেশত পেলনীয়া সামগ্ৰীৰ সুন্দৰ ব্যৱস্থাপনাৰে নানান ইতিবাচক কাৰ্য সম্পাদন কৰিছে৷ উদাহৰণস্বৰূপে জাপানে পেলনীয়া সামগ্ৰীৰে কৃত্ৰিম মাটি প্ৰস্তুত কৰি সাগৰ পুতি নিজৰ কাৰণে ব্যৱহাৰযোগ্য ভূমিৰ পৰিমাণ বৃদ্ধি কৰিছে৷ বহু মৰুময় দেশে পেলনীয়া দ্ৰব্যৰে কৃত্ৰিম গছ-গছনি সৃষ্টি কৰি নিজা নিজা চহৰৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে ছাঁৰ ব্যৱস্থাও কৰিছে৷

আমি সেইবোৰ নকৰোঁ৷ আমাৰ মস্তিষ্ক তেনে সৰুসুৰা কামৰ কাৰণে নহয়৷ আমি কৰিবলৈ বহুতো কাম আছে৷ উদাহৰণস্বৰূপে আমি পৰচৰ্চা কৰিবই লাগিব– লাগিলে তেনে চৰ্চাৰ সৈতে আমাৰ দূৰ পৰ্যন্ত সংযোগ নাথাকিবও পাৰে৷ আমি দেশ-ৰাজ্যৰ ৰাজনীতি সম্পৰ্কে পাতলীয়া কথা পাতি বিশেষজ্ঞৰ দৰে নিজৰ মতামত প্ৰকাশ কৰিবই লাগিব, কোন ভাল আৰু কোন বেয়া ৰায়দান দিবই লাগিব৷ লগতে আমি যদি কোনোবা সময়ত কাৰোবাক ভাল বুলি ধৰি লওঁ তেন্তে তেনেজনে বা তেনে দলে কাহানিও বেয়া কাম কৰিব নোৱাৰেই বুলিও ধৰি ল’ব লাগিব৷ আমি নিজকে ভাল বুলি প্ৰমাণ কৰিবলৈ আনক বেয়া বুলি প্ৰমাণ কৰিব খুজিবই লাগিব৷  আমি আমাৰ দুৰ্বলতা ঢাকিবলৈ আনৰ দুৰ্বলতা বিচাৰি ফুৰিবই লাগিব৷ আমি নিজকে বেলুনৰ নিচিনাকৈ ফুলাই আনৰ সম্মুখত দেখনিয়াৰ কৰি ৰাখিবলৈ যত্ন কৰিবই লাগিব৷ আমি অনবৰতে কেৱল ক্ৰয় কৰিবলৈ উদ্‌গ্ৰীৱ হৈ থাকিবই লাগিব... ইত্যাদি৷

কিমধিকমিতি!

এতেকে, আমাৰ মগজুবোৰ অপতৃণই ছানি ধৰা নাই বুলি বিশ্বাস কৰোঁ কেনেকৈ?

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

কোম্পানীকথা
অন্যযুগ সাহিত্য পৰিষদ • ১ নৱেম্বৰ, ২০২৬
পৃথিৱীৰ অসুখ : সম্ভৱত: কেঞ্চাৰ
অন্যযুগ সাহিত্য পৰিষদ • ৩০ ছেপ্টেম্বৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)