৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰসঙ্গ : বান

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ৩১ জুলাই, ২০২৬
৪ মিনিট পঠন • ১৮৮৯ বাৰ পঢ়া হৈছে


(সাম্প্ৰতিক বানত মৃত্যুমুখত পৰা শিৱসাগৰ-চৰাইদেউ-যোৰহাট জিলাৰ চিনাক্ত হোৱা আৰু নোহোৱা তথা নিৰুদ্দিষ্ট হৈ থকা প্ৰতিজন লোকৰ নামত ‘অন্যযুগ’ৰ এই সংখ্যাটো শ্ৰদ্ধাৰে উৎসৰ্গা কৰিলোঁ৷)

 

অতিসম্প্ৰতি শিৱসাগৰ-চৰাইদেউৰ পৰিৱেশ-পৰিস্থিতি সাধাৰণ বান-পৰিস্থিতি নহয়৷ ই আছিল বানৰ নামত ৰাক্ষস৷ ইমান দিনে বানপানীৰ অভিজ্ঞতা যিসকলৰ আছিল সেইসকলৰ অভিজ্ঞতাতকৈও এই বানৰ অভিজ্ঞতা বৰ্ণনাতীতভাৱে শোচনীয়৷ কাৰণ এই বন্যাক্ৰান্তসকলৰ বানৰ সৈতে খেলাৰ অভিজ্ঞতা নাছিল, নাছিল প্ৰস্তুতিও৷ তাতোকৈ ডাঙৰ কথা, এই বান লাহে লাহে নদীৰ বুকুৰ পৰা বাঢ়ি অহা বান নাছিল৷ ই আছিল পাহাৰৰ পৰা ধ্বংসাত্মকভাৱে বাগৰি অহা বান৷

এতিয়া ৰাইজক সহযোগ কৰাৰ সময়৷ তুচ্ছ ৰাজনীতি কৰাৰ সময় এয়া নহয়৷ এয়া ব্যৱসায় কৰাৰ সময়ো নহয়৷ এয়া মানুহ হৈ দেখুউৱাৰ সময়৷

একে সময়তে এয়া বিশ্বাসৰ পৰিৱেশ এটা ৰচনা কৰাৰ সময়ো৷ বান সাহায্যৰ নামত বিভিন্ন মঞ্চই ৰাইজৰ ধন সংগ্ৰহ কৰিছে৷ সকলো ধনৰ সদ ব্যৱহাৰ নিশ্চিত কৰাৰ সময় এয়া৷

বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়ন যাতে বাধাগ্ৰস্ত নহয় তালৈ যেন সংশ্লিষ্ট বিভাগৰ কৰ্তৃপক্ষই চকু দিয়ে৷

পানী শুকোৱাৰ লগে লগে মানুহৰ বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হয়৷ ইতিমধ্যে চাউল-দাইল, কাপোৰ-কানিৰ লগতে পৰিৱেশ তথা শাৰীৰিক স্বাস্থ্যৰ পৰিচ্ছন্নতাৰ বাবে দৰকাৰী সামগ্ৰীও ৰাইজক যোগান ধৰা উচিত৷ একে সময়তে বিপন্ন ৰাইজৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ অভাৱ-অনুভূতিক লৈ কোনো তুচ্ছ-তাচ্ছিল্যজাতীয় ব্যক্তিগত বা ৰাজনৈতিক স্বাৰ্থজড়িত কথা-কাণ্ড নঘটাটো আটায়ে আশা কৰে৷

আমি সামান্য মানুহ৷ বহুত কিবাকিবি দিবলৈ মন থাকিলেও দিব নোৱাৰোঁ৷ কিন্তু এটা কথা ভাবি নিজকে আনন্দিত কৰি ৰাখোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যি দিছে বা মহবুবুল হক ডাঙৰীয়াই যিখিনি কৰিছে সিমানখিনিয়ে আমিও কৰিছোঁ৷ কাৰণ তেখেতলোকেও নিজে পৰাখিনি কৰিছে, ময়ো নিজে বলে পৰাখিনি কৰিছোঁ৷ আটায়ে এনেকৈ ভাবক আৰু ৰাইজক সহায় কৰক৷ মন কৰিব, বন্যাক্ৰান্তৰ সহায়ৰ বাবে আগ বঢ়োৱা আপোনাৰ দহ টকাটোৰ মূল্য ধনকুবেৰবোৰে সাঁচি থোৱা হাজাৰ হাজাৰ কোটি টকাতকৈ অধিক৷

আনহাতে ৰাজ্য চৰকাৰে এই দুৰ্যোগত ক্ষতিগ্ৰস্তসকলক লৈ যিমান মানৱীয়তা প্ৰদৰ্শন কৰিব লাগিছিল সিমান কৰা দেখা নগ’ল৷ আনহে নালাগে বিধান সভাৰ অধিৱেশনতো বিষয়টোৱে গুৰুত্ব লাভ নকৰিলে৷ ইফালে সকলো সময়তে অসমৰ প্ৰতি মৰমৰ ধল বোৱাই ৰখা কেন্দ্ৰীয় চৰকাৰখনে আজি পৰ্যন্ত বানত ক্ষতিগ্ৰস্তসকলক লৈ কোনো ৰাষ্ট্ৰীয় সাহায্য ঘোষণা নকৰাটো লক্ষ্যণীয় দিশ৷

সাধাৰণ লোকৰ ক্ষতিক আজিকালি ক্ষতি বুলি ধৰা নহয়৷ যদিহে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী বা বৰঝাৰৰ বিমান বন্দৰ বানৰ তাণ্ডৱত ক্ষতিগ্ৰস্ত হ’লহেঁতেন তেন্তে নিশ্চয় ৰাষ্ট্ৰীয় চৰকাৰৰ লগতে ডাঙৰ ডাঙৰ পুঁজিপতিসকলেও অসমৰ বানক গুৰুত্ব প্ৰদান কৰিলেহেঁতেন৷ 

কিন্তু পাঞ্জাব, দিল্লী, মুম্বাই, অন্ধ্ৰপ্ৰদেশ আদিৰ পৰা অসমৰ বন্যাক্ৰান্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে এখিনি মানৱীয় আৱেগ-অনুভূতিসম্পন্ন লোক আহি প্ৰমাণ কৰিছেহি যে পৃথিৱীত এতিয়াও মানুহ আছে৷ 

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

কোম্পানীকথা
অন্যযুগ সাহিত্য পৰিষদ • ১ নৱেম্বৰ, ২০২৬
পৃথিৱীৰ অসুখ : সম্ভৱত: কেঞ্চাৰ
অন্যযুগ সাহিত্য পৰিষদ • ৩০ ছেপ্টেম্বৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)