ড° বুলজিৎ বুঢ়াগোহাঁই
বৰ্তমান যুগত ইলেকট্ৰিচিয়ান (Electrician) এটা আকৰ্ষণীয় কেৰিয়াৰ৷
এজন ইলেকট্ৰিচিয়ান হোৱাৰ বাবে ইলেকট্ৰিচিয়ানৰ পাঠ্যক্ৰম পঢ়িবই লাগিব বুলি কোনো ধৰাবন্ধা কথা নাই, এজন সুদক্ষ ইলেকট্ৰিচিয়ানৰ ওচৰত প্ৰশিক্ষণ
গ্ৰহণ কৰিও এজন ইলেকট্ৰিচিয়ান হ’ব পাৰি৷ কিন্তু এজন সুদক্ষ
ইলেকট্ৰিচিয়ান হ’বৰ বাবে ইলেকট্ৰিচিয়ানৰ পাঠ্যক্ৰম অধ্যয়ন
কৰা আৱশ্যকতা আছে৷ তাৰ উপৰি কোনো উদ্যোগ তথা প্ৰতিষ্ঠানত নিয়োগ লাভ কৰিবৰ বাবে
ইলেকট্ৰিচিয়ান পাঠ্যক্ৰম গ্ৰহণ কৰাৰ প্ৰমাণ পত্ৰও প্ৰয়োজনীয়।
ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান বা আই. টি. আই.-ত ইলেকট্ৰিচিয়ান পাঠ্যক্ৰম
অধ্যয়ন কৰিব পৰা সুবিধা আছে৷ এই পাঠ্যক্ৰম দুবছৰীয়া৷ ইলেকট্ৰিচিয়ান
পাঠ্যক্ৰম অধ্যয়ন বাবে ছাত্ৰ-ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু বিজ্ঞান
বিষয়সহ উত্তীৰ্ণ হ’ব লাগে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰৰ ভিত্তিত
পোনপটীয়াকৈ নামভৰ্তিৰ সুবিধা আছে৷ সাধাৰণতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
ঘোষণা কৰা পাছত এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ হয়৷ আই. টি. আই.-ত নামভৰ্তিৰ বাবে আৱেদন অনলাইন মাধ্যমত কৰিব লাগে৷
ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল— www.itiassam.nic.in। আৱেদন কৰোঁতে এটা ই-মেইল
আই. ডি. আৱশ্যক হয়৷ গতিকে, প্ৰাৰ্থীসকলে এটা ই-মেইল আই. ডি.
খোলা প্ৰয়োজন। এই পাঠ্যক্ৰমত নামভৰ্তিৰ হোৱা বৰ্ষৰ ১
আগষ্টত প্ৰাৰ্থীৰ বয়স ১৪ বছৰৰ কম হ’ব নালাগে৷
ইলেকট্ৰিচিয়ান পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা অসম চৰকাৰৰ অধীনৰ কেইখনমান
ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান হ’ল— যোৰহাট, তেজপুৰ, তিনিচুকীয়া, ধনশিৰি, নগাঁও, বৰপেটা, নলবাৰী, বঙাইগাঁও, গুৱাহাটী, গোৱালপাৰা,
গড়গাঁও, ভেৰগাঁও, মৰিগাঁও,
শ্ৰীকোণা, হাইলাকান্দি, দক্ষিণ শালমাৰা, মাজুলী আদি।
National Council for Vocational Training (NCVT)-ৰ অধীনত ইলেকট্ৰিচিয়ান পাঠ্যক্ৰমত উত্তীৰ্ণ প্ৰাৰ্থীসকলক এনচিভিটি (NCVT) প্ৰমাণপত্ৰ প্ৰদান কৰে আৰু State Council for Vocational Training (SCVT)-ৰ অধীনত ইলেকট্ৰিচিয়ান পাঠ্যক্ৰমত উত্তীৰ্ণ প্ৰাৰ্থীসকলক এছ. চি. ভি. টি. (SCVT) প্ৰমাণপত্ৰ প্ৰদান কৰে৷ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ পৰা ইলেকট্ৰিচিয়ানৰ প্ৰশিক্ষণ গ্ৰহণ কৰিলে সেই প্ৰতিষ্ঠানখন National Council for Vocational Training (NCVT) বা State Council for Vocational Training (SCVT)-ৰ স্বীকৃতিপ্ৰাপ্ত হ’ব লাগে। গতিকে পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ পূৰ্বে শিক্ষণ প্ৰতিষ্ঠানটোৰ মৰ্যাদাৰ সবিশেষ জানি ল’লে ভাল হয়৷ সবিশেষ তথ্য জানিবৰ বাবে www.itiassam.nic.in ৱেবছাইটত চাব পাৰে৷
বি.দ্ৰ. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০)-ত যোগাযোগ কৰিব পাৰে৷
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)