৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বচা বকুল

লেখকঃ ৰমানন্দন বৰা • প্ৰকাশিতঃ ১৮ জানুৱাৰী, ২০২২
১৯ মিনিট পঠন • ৩৪১০ বাৰ পঢ়া হৈছে

 ৰমানন্দন বৰা

সাত

ন-খোৱা বছা গাঁৱৰ এটা ডাঙৰ উৎসৱ৷ বছৰটোৰ বাবে লখিমী কেইমুঠি ভঁৰালত সুমুৱাই ল’ব পৰাটো অলপ ডাঙৰ কথা নহয়৷ বাত-বৃষ্টি, নৰীয়া-পৰীয়া, এন্দুৰ-নিগনি, চৰাই-চিৰিকতি কত অপসৰ্গৰ মাজেৰে গুটি ধানকেইটা নজহা-নপমাকৈ আনিব লগা হয় খেতিয়কৰ বাহিৰে আনে নুবুজে৷ এই সফলতাত আটাইৰে মন থৌকি-বাথৌ হয়৷ তাৰ প্ৰকাশ ঘটে ন-খোৱাত৷ প্ৰথম কঠীয়া লওঁতেই কোৱা হয় প্ৰথম মুঠি গুৰুলৈ, দ্বিতীয় মুঠি দেৱলৈ, তৃতীয় মুঠি ভকতলৈ, চতুৰ্থ মুঠিহে নিজলৈ প্ৰাণ ৰাখিবৰ কাৰণে৷ সেইবাবে নামঘৰতে প্ৰথম ন-খোৱা হয়৷ গৃহস্থী প্ৰত্যেকে নিজৰ ভঁৰালৰ পৰা ন-ধানৰ মৰণা মাৰি ঢেঁকীত এখুবলি খুন্দে৷ ন-চাউল কেইটামানকৈ সমূহীয়া চৰুলৈ আগবঢ়ায়৷ প্ৰতি ঘৰে জোখতকৈ বেছিকৈয়ে দিয়ে৷ গাঁওখন ধানৰ গোন্ধেৰে আমোলমোল হৈ থাকে৷ বিধে বিধে শালি, লাহি খেতি কৰা হয়৷ নেকেৰা ধানে ভঁৰাল হেঁকেৰা কৰে৷ এইবাৰ এইবিধ ধানৰ কঠ বৰ ঘনকৈ হৈছে৷ বেতগুটিও বেছি৷ বৰা, চকোৱা বছা গাঁৱৰ মানুহে কমকৈ কৰে৷ পিঠা-পনা, জা-জলপানৰ যোগাৰটো হ’লেই হয়৷

নামঘৰত ন-খোৱাতো ডেকাহঁতে বৰকৈ পচন্দ নকৰে, বুঢ়া-মেথাৰ কাম৷ ইয়াত সিদ্ধ অন্নৰ লগত মাছ-মাংস নোলায়৷ একো বিশেষ মোহিনী নাই৷ নাম গাব লাগে৷ খাব লাগে৷ তাকো আকৌ নাম গাওঁতে গাওঁতে ৰন্ধা ভাত চেঁচা হয়গৈ৷ সেইবাবে নামঘৰত গোসাঁইক সাক্ষী কৰি ন-মুঠি লগোৱাৰ পিছত ঘৰে ঘৰে ন-খোৱা পৰ্ব চলে৷ আঘোণমহীয়া পাতল জাৰত, পাতলীয়া জুইৰ উমত, পাতলীয়া এৰী চাদৰ একোখন গাত মেৰিয়াই কথাৰ মহলা বহে৷ ঘৰে প্ৰতি দুই তিনিটা চাৰিটা হাঁহ মাৰে৷ কত পাহৰা কথাৰ উম পাই ওলাই আহে৷ গাঁওখনৰ বুঢ়া ডাঙৰীয়া, ভূত-প্ৰেত, যখবোৰেই উম লয়হি ন-খাওঁতাৰ কথাৰ মহলাত৷

বছা গাঁৱৰ বৰ নামঘৰত চাৰিওটা খেলৰ ভিতৰত নৰহৰি পৰমসিদ্ধৰ খেলটোৱেই ডাঙৰ৷ প্ৰায় তিনিকুৰি ঘৰ মানুহ৷ বাকী তিনিটাত একুৰি ডেৰকুৰিকৈ আছে৷ গতিকে নামঘৰৰ প্ৰতিটো কথাতে তেওঁৰ খেলৰ প্ৰাধান্য ৰজে৷ সেই সুযোগতে নৰহৰি পৰমসিদ্ধৰ কথাই গাঁওখনত ৰজে বুলিব পাৰি৷ কাৰণ বাকী দুটা খেলত ইমান তৰ্ক কৰিব পৰা, শাস্ত্ৰ মাতিব পৰা মানুহ নাই৷ মূল খেলৰ পৰা বিভিন্ন কাৰণত ফাটি কোনো মতে একোটা খেল পাতি খাই থকাৰ নিচিনা৷ ঘাই সুঁতিটো পৰমসিদ্ধৰ খেলটোৱেই৷ নৰেনৰ খেল আৰু কাতিৰামৰ খেলৰ উমৈহতীয়া নামতী হৰেন কলিতা৷ গতিকে নিজা যোত্ৰ নাই৷ আনৰ লেজুত ধৰা, ভটিয়াই নাৱত যোৱা৷ তিকিৰাই নামতীৰ খেলটোৰ গৃহস্থী সংখ্যা একুৰি৷ বাকী পাঁচ কুৰিৰ জোৰ পায় ক’ৰ পৰা? তথাপি প্ৰতিটো খেলে নিজা নিজা পৰিচয় বৰ্তাই ৰাখি তিথি-পাৰ্বনবোৰ বেলেগে বেলেগে পাতে৷ তিথিবোৰত দিনটো চাৰি ভাগত ভগাই সময়মতে একোটা খেলে একেজন ভগৱানক মাতে, একেখিনি নাম গায়, কীৰ্তন পাঠ কৰে৷ আটাইতকৈ ওজন থকা খেল হিচাপে পৰমসিদ্ধৰ খেলটোৱে আটাইতকৈ সুবিধাজনক সময়খিনি পায়৷ গণেশ নামঘৰীয়াক সময়খিনি তেৱেঁই বান্ধি দিয়ে আৰু নামঘৰীয়াই বাকী খেল কেইটাক তেনেদৰেই জনায়৷

হেন জানি নক’লেও চলে নৰহৰি পৰমসিদ্ধ বছা গাঁৱৰ এগৰাকী মুখিয়াল মানুহ৷ তেওঁৰ নামৰ লগত পৰমসিদ্ধৰ উপাধিটোও উলামূলা নহয়৷ এবাৰ ভাটি ফালৰ পৰা দড়িয়া সন্ন্যাসী এজনে আহি বছা গাঁৱৰ চাৰিআলিত কেনেবাকৈ পদাৰ্পণ কৰিছিলহি৷ সন্তই সন্তৰ আৰু চোৰে চোৰৰ লগ লগাৰ দৰে সন্ন্যাসীজন আহি নৰহৰিৰ লগ লাগিলহি৷ তেতিয়া নৰহৰিয়ে নাম গাবলৈ শিকিছে মাত্ৰ৷ সন্ন্যাসীজনে তেওঁৰ নতুনকৈ সজা গোসাঁই ঘৰৰ লগতে লাগি থকা বাৰান্দাখনতে থাকিবলৈ ল’লে৷ সন্ন্যাসীয়ে দিনে-ৰাতিয়ে নৰহৰি আৰু তেওঁৰ ঘৈণীয়েক বিহুতিক ধৰ্ম শিক্ষা দিবলৈ ল’লে৷ নৰহৰি দিনত নাথাকিলে কিবা কাৰণত বিষয় অসুখত হৰি সেৱা সুখৰ পৰা বঞ্চিত হ’লে, সন্ন্যাসীয়ে বিহুতিকে অকলে শিক্ষা দিয়ে৷ বাওঁ ভৰিত এডোখৰ প্ৰকাণ্ড খৰ নে বেচু লৈ ফুৰা সন্ন্যাসীৰ সেই ৰোগ এমাহৰ ভিতৰত নৰহৰিয়ে গাঁৱলীয়া ঔষধ দি ভাল কৰিলে৷ সেৱাত ধন্য হৈ সন্ন্যাসীয়ে নৰহৰিক পৰমসিদ্ধ উপাধি প্ৰদান কৰিলে৷ এদিন সন্ন্যাসী গ’ল৷ তেওঁ দিয়া উপাধি বছা গাঁৱত ৰৈ গ’ল৷ গতিকে নৰহৰি হ’লগৈ নৰহৰি পৰমসিদ্ধ নামাচাৰ্য৷ ‘নামতী’ উপাধিৰ প্ৰতি তেওঁৰ বিতৃষ্ণা বাবেই নামাচাৰ্য লগ লাগিল৷ সন্ন্যাসী যোৱাৰ এমাহ মানৰ পাছৰ পৰা বিহুতিৰ মনটো উদাস হ’বলৈ ধৰিলে৷ ইটো সিটো উপসৰ্গই দেখা দিবলৈ ধৰিলে৷ সন্ন্যাসীয়ে কিবা কৰিলে নেকি? চোৰ গ’লে বুদ্ধি দিয়াত বছা গাঁৱৰ মানুহ বৰ পটু৷ আচলতে বাহিৰৰ মানুহ এটাৰ এনেকৈ গাঁৱৰ ভিতৰত সোমাবলৈ দিবই নালাগিছিল৷ গোসাঁই ঘৰৰ কাষতে বিজতৰীয়া মানুহ এটাক থাকিবলৈ দি নৰহৰিয়ে ভুল কৰিছিল৷ সন্ন্যাসীয়ে যাদু কৰিলে নেকি? নামঘৰত চাকি এগছি দিয়া উচিত... অনেক কথা বছা গাঁৱৰ চোতালে চোতালে, জুহালে জুহালে উৰি ফুৰিল৷ নৰহৰিৰ পদূলিমুখৰ ডাঙৰ আহঁতজোপা পাৰ হৈ তেওঁৰ ঘৰৰ চৌহদত কিন্তু কথাবোৰ সোমাব নোৱাৰিলে৷ তথাপি কথাৰ যিহে পাক লাগিছিল, নৰহৰিৰ বাৰীৰ জেওৰা ভঙাই নহয়, বৰঘৰৰ মূধতেই উৰুৱাই নিলেহেঁতেন যদিহে বগীবায়ে মাজতে ভেটা নিদিলেহেঁতেন৷ বেৰৰ জেঠী এটায়ো গম নোপোৱাকৈ বগীবায়ে কামবোৰ কৰিছিল৷ নৰহৰিৰ ঘৰত আগৰ পৰা বোৱা-তোলা কৰা, ধান, চাউল জৰা কাম কৰি থকা বাবে বগীৰ ওপৰত কোনেও একো সন্দেহ কৰিবলৈ থল নাছিল৷ আনকি নৰহৰিৰো৷ তিৰোতাৰ মাহেকীয়া হোৱাৰ আচিলাতে বগীয়ে বিহুতিক উদ্ধাৰ কৰিছিল৷ অন্যথা বগীবাইৰ কাৰোবাৰ ঘৰলৈ আগমন সকলোৰে বাবে গোপন চৰ্চাৰ বিষয়৷ বগীবাইৰ কথামতে সন্ন্যাসীয়ে ধৰ্মৰ লগতে বিহুতিৰ গৰ্ভত নিজৰ বীজ এটাও দিছিল৷ লগতে অসুখ এটাও৷ অসুখটোৰ পৰা পৰিত্ৰাণৰ উপায় বগীবাইৰ বাহিৰে আনৰ হাতত নাই৷ যি কি নহওক এইবাৰ পোতা গূ কোনেও খুচৰিবলৈ নাযায়৷ নৰহৰি পৰমসিদ্ধ নামাচাৰ্যৰ জীৱন চলি গৈছে, বছা গাঁৱৰ জীৱনো চলাই নিছে৷

এইবাৰ ন-লগোৱাৰ নামষাৰো নৰহৰি পৰমসিদ্ধৰ ভাগৰ বস্তু৷ ধৰ্মৰ নামত কোনো দিন পিছ হুঁহকি নহা৷ ন্যায় ৰক্ষা কৰি ভক্তি অব্যভিচাৰী কৰি ৰখা পৰমসিদ্ধই এইবাৰ এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল৷ সেইটো হ’ল ভালীৰাম, ক’লাই মহাজনৰ ঘৰৰ কেলেংকাৰীটো৷ কথাবোৰ এনেকৈ এৰি দিব নোৱাৰি৷ আনহাতে দুঘৰ প্ৰতিপত্তিশীল পৰিয়ালক প্ৰত্যাহ্বান জনোৱাটোও বৰ সহজ নহয়৷ যেই নহ’লেও কেলেংকাৰী কেলেংকাৰীয়েই৷ গাপ দি থ’লে পাপ লাগিব৷ নৰহৰি পৰমসিদ্ধ নামাচাৰ্যই অপবিত্ৰ পাত্ৰত, অপবিত্ৰ ক্ষেত্ৰত নাম-প্ৰসংগ নকৰে৷ নামঘৰৰ পবিত্ৰ মজিয়াত গোসাঁই আসন আগত লৈ কাৰোবাৰ প্ৰতিপত্তিলৈ ভয় কৰি চুপ হৈ থকা মানুহ তেওঁ নহয়৷ নামঘৰৰ প্ৰথম শাৰীত লাই খুঁটাৰ ফালে গোলোক হাজৰিকাৰ কাষতে বহি থকা ভালীৰাম হাজৰিকাক উদ্দেশ্য কৰি পৰমসিদ্ধই কৈ উঠিল, “প্ৰভুসকল, আপোনালোক পৰম জ্ঞানী৷ এই অধমে কথা এটা নকৈ নোৱাৰিছোঁ৷ দোষ হ’লে খেমিব৷ আমাৰ ভালীৰাম হাজৰিকা প্ৰভুৰ কথাই কৈছোঁ৷ তেখেতৰ ছোৱালীজনীৰ ঘটনাতো মীমাংসা হ’লগৈ নেকি? ল’ৰাটো বংশৰে বুলি শুনিছোঁ৷”

ইমান ভকতীয়া বিনয়ীভাৱে ভালীৰামৰ কলিজাত শেল মৰা হ’ল যে কথাৰ সুৰ কেনি গৈছে হাজৰিকাই পোনচাটে ধৰিবই পৰা নাছিল৷ ক্ষন্তেক পিছতহে তেওঁৰ গাত বিন্ধিলে৷ তেওঁ গৰগৰাই উঠিল, “গৰু মৰিল পোক সৰিল৷ যোৱা গ’ল৷ এতিয়া আমাৰ লগত কোনো সম্পৰ্ক নাই৷ আগলৈও নাথাকিব৷” অপমানত তেওঁৰ মাতটো যেন কিবা ভাগি-ছিগি ওলাল৷

“হওঁতে হয়, আগৰ কথা আগলৈ থাকিল৷ পিছে কেলেংকাৰী লগোৱা নাৰকীয়ে গৰকি থৈ যোৱা ঘৰখন পা-পৰিষ্কাৰ হ’ল জানো? আপোনাসকলে পাপতে খাই আছে নেকি বাৰু?”

“তাৰ মানে?”

‘শুচি হ’ল জানো? নাই৷ গতিকে...”

“গতিকে কি?”

“বেয়া নাপাব আপুনি থাকিলে ভগৱন্তৰ পৱিত্ৰ নামষাৰ...”

আৰু ক’ব লগা নহ’ল৷ ভালীৰাম একে কোবে বহাৰ পৰা উঠি ‘তোক চাই ল’ম’ বুলি গো-গোৱাই নামঘৰৰ পৰা ওলাই আহিল৷ জীৱনত এনে অপমান তেওঁ পোৱা নাই৷ এই পাপিনীয়ে তেওঁৰ মান-সন্মান চব শেষ কৰিলে৷ আৰু এই নৰহৰি? বিপদে-আপদে কুৰি টকা বিচাৰি কাৰ ওচৰলৈ আহ? তাল কোবাব পাৰিলে যেতিয়া চব পাহৰিলি? সমাজত অপমান দিয়৷ তোক এসেকা দিম৷’

ভালীৰাম পোনে পোনে ক’লাই মহাজনৰ ঘৰলৈ গ’ল৷ ‘বালিলৈ যিপাট শৰ, সুগ্ৰীৱলৈও সেই একেপাট শৰেই৷’ আজি ভালীৰামক অপমান কৰিছে কাইলৈ ক’লাইক কৰিব৷ দুই ককাই-ভায়ে যুগুতি কৰিলে৷ পৰমহংসৰ খেলত তেওঁলোক দুয়োটা পৰিয়াল নাথাকে৷ সুকীয়া খেল হ’ব৷ এনে উলহ-মালহ, উৎসৱ-পাৰ্বন কৰিব যে নৰহৰিয়ে ভিতৰি ভিতৰি জ্বলি-পুৰি মৰিব৷

কাৰ খেল লোৱা হয়? জ্ঞাতি বুলিলেই গঙ্গা৷ পিছে এতিয়া কোনখন গঙ্গাই তেওঁলোকক তৰিব? নৰেনৰ খেল, কাতিৰামৰ খেল- নামতী এজনেই হৰেন কলিতা৷ দুয়োটা খেল মিলাই মানুহ পঞ্চাছ-ষাঠি ঘৰ হ’ব৷ তিকিৰাই নামতীৰ খেলটো স্বয়ং সম্পূৰ্ণ, নামতী নিজৰ আছে৷ তথাপি মানুহ কম৷ কম মানুহৰ সমাজত উৎসৱ পাতি কি মজা পাব৷ আনহাতে বাকী খেলকেইটাত ধাৰ কৰা নামতী৷ কি কৰিব পাৰি? এটা কথা কৰিব পাৰি নেকি? তিনিওটা খেল মিলাব পাৰি নেকি? তেতিয়া নৰহৰিৰ পিত্‌ শুকাই যাব৷ ঠিক কথা৷

এই কামটো ভালীৰাম বা ক’লাই শইকীয়াই নিজে কৰিলে ভাল নেদেখাব৷ নৰেন, কাতিৰাম, তিকিৰাইৰ ঘৰলৈ সাধাৰণতে গৈ নোপোৱা মানুহজনে অহা-যোৱা আৰম্ভ কৰিলে, দেখিবলৈ বেয়া৷ কওঁতাই কিবা এষাৰ ক’বলৈ সুবিধা পাব৷ এনেকুৱা এজন কটকী লাগে যিজনে মহাজনৰ হৈ কথা ক’ব পাৰিব, ইপক্ষক মান্তি কৰাব পাৰিব৷

বাপীৰাম বৰুৱাতকৈ এনে এজন ভাল কটকী জিলাখনতে নোলাব৷ বাপীৰামক ভালীৰামে ক’লাই মহাজনৰ ঘৰলৈ মতাই আনিলে৷ কথন-মথন, আলোচন-বিলোচন, যন্ত্ৰ-ষড়যন্ত্ৰ বহুত হ’ল৷ বাপীৰামৰ মাটি কেইডৰা আগতীয়াকৈ ট্ৰেক্টৰেৰে সমাৰ বাই দিয়াৰ কথা দিলে ক’লাই মহাজনে৷

গাঁওখন ‘একতাপতি কৰা’ৰ মহান কৰ্মত বাপীৰাম অগ্ৰসৰ হ’ল৷ অৱশ্যেই নৰহৰি পৰমসিদ্ধ আৰু তেওঁৰ অনুগামীসকল এই ‘একতাপতি’ত নপৰে৷ স্বয়ংসিদ্ধভাৱে তেৰাসৱ পতিত৷ বাকী সেৱকীসকল পৰম পবিত্ৰ কিন্তু উপযুক্ত পথৰ সন্ধানত আছে৷ ক’লাই শইকীয়াৰ বিশ্বাসৰ খোপনি দলৈ পোত খালে- বাপীৰামে পাৰিব৷ পানীৰে নাও আটায়ে বাব পাৰে, বাপীৰামৰ নাও চপৰানি পথাৰেও চলে৷

প্ৰথমে নৰেন, তাৰ পিছত কাতিৰামক লগ ধৰি বাপীৰামে সেইদিনা নামঘৰত নৰহৰিয়ে ভালীৰামক কৰা ব্যৱহাৰ যে উচিত নাছিল সেইটো ব্যাখ্যা কৰিলে৷ ‘বংশৰ বুলিছ? হেৰ’ কিহৰ বংশৰ? কিহৰ সম্বন্ধৰ? বেণুৰ মাকক দেখিছ নে বাপেকক? চিনি পাৱ নে জানি পাৱ? হেৰ’ এলেকৰ পেলেক কুকুৰা চৰাইৰ ভাগিনীয়েক৷ ক’ৰ মাহীয়েকৰ পুতেক ভায়েকডাল? ক’লাইৰ মাক দৰিকিৰ মোমায়েকৰ জীয়েক ভনীয়েকৰ ননদৰ পুতেক বেণু৷ কচোন এলেকৰ পেলেক নহয়নে? কোনডাল বংশলতাই পায় দেখুৱাই দেচোন? নাপায় বুইছ৷ এনেকৈ হানিব নাপায়৷ ভালীৰাম নহয় যেনিবা মোকেই বা তোকেই, কথাৰ ওৰ নোলোৱাকৈ সমাজৰ মাজত এনেকৈ অপমান কৰিব পায়নে? ঘোৰ কলি কাল হ’ল৷ তাল কোবোৱা নামতীৰ এনে অসূয়া ভাল নহয় দেই৷ ঈশ্বৰৰ নাম দুফালে ধাৰ থকা তৰোৱাল, যালৈ টোঁৱায় তাক নাকাটি তোকো কাটিব পাৰে৷’

লাহে লাহে সুৰ সলাই, লহৰ সলাই, শুনোতাৰ মন গলাবলৈ বাৰীৰাম বৰুৱাৰ বেছিপৰ নালাগে৷

‘নৰহৰিয়ে যি কাম কৰিলে তেনেকৈ সমাজ নৰয়, গাঁওখনো নৰয়৷ পাৰোঁতে তহঁতে ওলাই আহিছ জানো৷ নোৱাৰ৷ তেনেকুৱা মানুহৰ লগত তহঁতৰ দৰে দুটা কথা জনা মানুহ থাকিব নোৱাৰ৷ এইবাৰ ক’লাই মহাজন আৰু ভালীৰামো নাথাকে৷ ওলাই আহিব৷ মনত বৰ দুখ পাইছে৷ ক’লাই মহাজনৰ কথা ভাবচোন৷ নামঘৰটো তিনি বান্দোল টিনপাত তেৱেঁই দিয়া নহয়নে? ভালীৰামে এবাণ্ডোল দিয়া নাইনে৷ বাপেকৰ নামত এটা খুঁটা দিছে৷ এইবোৰ পাহৰিলে নচলিব নহয়৷ হস্কিলে-মস্কিলে মহাজনে তহঁতক সহায় নকৰাকে আছেনে? ট্ৰেক্টৰখনে তহঁতৰো হাল নোবোৱাকে আছেনে? তেওঁ নিজে কৈছে এইবাৰ বোলে এবিঘাকৈ মাটি বিনামূলীয়াকৈ বাই দিব৷ তহঁতৰ কথা কৈছে৷’

‘এনেকুৱা গুৰি শকত মানুহ খেলত সুমুৱাই ল’ব পাৰিলে তহঁতৰে ভাল অ’৷ মই কথাটোহে কৈছোঁ৷ পিছে এটা কথা- তহঁতে এক হ’ বুইছ৷ খেল খেল হৈ লাভ নাই৷ কিমান আৰু আনৰ গাঁৱৰ নামতী আনিবি৷ তহঁতৰ খেলৰ ল’ৰাবোৰে ভাগৱত গাবলৈ শিকিছে বোলে৷ মহাজনে কৈছে এইবাৰ গাঁৱত দুদিনীয়া অবিৰত ভাগৱত পাঠ হ’ব৷ নৰেন, তই মূল পাঠেকী হ’বি, কাতিৰাম হ’বি দেউৰী আৰু আমাৰ তিকিৰায়ে নামষাৰ লগাই দিব৷ ধন-বিতৰ চিন্তা নাই৷ মহাজনে সেৱকী হৈ আগবঢ়াব৷ ৰাইজৰ পৰা চান্দা বৰকৈ তুলিব নালাগে৷ ভাল হ’ব, বঢ়িয়া৷ বছা গাঁৱৰ একতা দেখুৱাব লাগে৷ দহখন ৰাইজে ভাল বুলিব লাগে৷’

নৰেন, কাতিৰামে কোৱা কথাখিনিকে অলপ সালসলনি কৰি তিকিৰাইক ক’লেগৈ৷ বোপাইকণে কওঁতে মাজে মাজে তিকিৰাইৰ সুৰ সঞ্চাৰ ৰাগ-মাতৰ প্ৰশংসা কৰি যাবলৈ নাপাহৰিলে৷

সফল হ’ল৷ বোপাইকণ এনে মহৎ কৰ্মত বিফল হোৱাৰ কথাই নুঠে৷ তিনিও খেল এক হ’ল৷

একেলগে ভাগৱত পাতিব৷ গাঁওখনত তিনি খেলৰ মানুহৰ মাজত উলাহে নধৰা হ’ল৷ আহ-যাহ সঘন হ’ল৷ পুৱা-গধূলি, দুপৰীয়া বুলি কথা নাই সুবিধা মিলিলেই নৰেন, কাতিৰাম, তিকিৰাই মহাজনৰ চ’ৰা ঘৰত আলহী হ’লহি৷ তামোল, ধঁপাতৰ শৰাধ হ’ল৷

এই বিপৰ্যয়ৰ বাবে নৰহৰি পৰমসিদ্ধ সাজু নাছিল৷ হওঁতে শিয়াল বুধিৰ ভঁৰাল ধনেশ্বৰে ঘটনাটোৰ দিনা সন্ধিয়া নৰহৰিক সঁকীয়াই ক’লে, ‘কামটো ভাল নহ’ল৷ ক’লাই মহাজনক জোকাই লোৱা হ’ল৷ মহাজনক নিজৰ ফালে ৰাখাঁ৷ তেতিয়া ভালীৰামে অকলে একো কৰিব নোৱাৰে৷’

এসপ্তাহৰ পিছত ছল উলিয়াই পৰমসিদ্ধই মহাজনৰ ফালে পাক এটা মাৰিছিল৷ কথাৰ লাচতে কৈছিল, ‘জানো সেইদিনা কি হ’ল, মোৰো মুখত আহিল কৈ দিলোঁ৷ বেয়াই কৰিলোঁ হ’বলা৷ ভালীৰামে বেয়া পাইছে৷ মহাজন তুমি হ’লে বেয়া নাপাবা৷ তোমাৰ ছিদ্ৰ নাই৷ সেই জহনীটোৱে তোমাৰ পাকঘৰ গচকাগৈ নাই নহয়৷ তুমি শুচি হোৱাৰ কথা নাই৷ আগৰ দৰেই থাকিবা৷ সমাজত তোমাৰ আসন সদায় আগত৷ ভালীৰামৰ উপায় নাই৷ নাৰকীজনীয়ে পাকঘৰ চুৱা কৰি গ’ল৷ পৰাচিত নোহোৱালৈকে ভালীৰামৰ লগত আহ-যাহ নকৰিলেই হ’ল৷ সি তাৰ ভাগে থাকক, তুমি তোমাৰ ভাগে৷’

পিছে পৰমসিদ্ধৰ বিভাজনৰ ঔষধ পালিয়ে কামত নিদিলে৷ ইতিমধ্যে বহুত পলম হৈছিল৷ মুখেৰে একো নকৈ ক’লাই মহাজনে এখিলা ষ্টাম্প কৰা কাগজ তেওঁৰ আগত দাঙি ধৰিলে- বৰ আই বৰ সত্ৰৰ সত্ৰাধিকাৰৰ ষ্টাম্প মৰা কাগজ৷ তেওঁ শ্ৰুতি চাই লিখি দিছে- ক’লাই শইকীয়া, তস্য ভ্ৰাতা ভালীৰাম শইকীয়াৰ সৈতে বেণুধৰ শইকীয়াৰ কোনো তেজৰ সম্বন্ধ নাই৷ গতিকে বৈবাহিক সম্বন্ধাদি হ’ব পাৰে৷

বঁটাৰ পৰা হাতত তুলি লোৱা তামোলখন মুখত নভৰোৱাকৈয়ে নৰহৰি পৰমসিদ্ধ মহাজনৰ ঘৰৰ পৰা খৰ খোজেৰে আঁতৰ হ’ল৷

*       *       * 

ভবা মতেই কামবোৰ হ’লগৈ৷ মাঘৰ বিছ আৰু একৈছ তাৰিখে দুদিনীয়াকৈ বছা গাঁৱত পোন প্ৰথম বাৰৰ কাৰণে অবিৰত ভাগৱত পাঠ হ’ল৷ ক’বলৈ গ’লে নতুন ইতিহাস৷ একুৰি ডেকা ল’ৰাই শৰণ লৈ ভাগৱত পাঠ কৰিলে৷ বৰ আই বৰ সত্ৰৰ অধিকাৰ প্ৰভু নিজে আহি শ্লোক মাতি প্ৰসঙ্গ কৰি ভাগৱত প্ৰতিষ্ঠা কৰি শুভাৰম্ভ কৰিলে৷ নৰেন বৰকাকতিয়ে মূল পাঠেকীৰ আসনত বহিবলৈ গোঁসাইৰ পৰা অনুমতি ল’লে৷ নতুনকৈ শিচ হোৱা একুৰি ডেকাই গুৰুক সেৱা জনাই পাঠৰ আজ্ঞা ল’লে৷ এই দুদিন গোঁসাই নামঘৰতে থাকিব৷ মণিকূটৰ দক্ষিণে লাই খুঁটাৰ পূবলৈ বাৰান্দাত গোঁসাই থাকিবৰ দিহা কৰা হ’ল৷ লগত লিটিকাই৷ শিচসকলে গোঁসাইলৈ দিব লগা বছৰেকীয়া কৰভাৰ লিটিকায়ে সামৰি-সুতৰি গত লগাই থৈছে৷ যজ্ঞোৰামৰ গৰুগাড়ীখনত পৰহিলৈ পুৱা বোজাই কৰিব লাগিব৷ শৰাই সজোৱাকে ধৰি দাইচালি কামৰ উপৰি পুৱা-গধূলি ভাগৱতৰ সন্মুখত জ্বলি থকা চাকিগছিত তেল-শলাকানি যোগানৰ দায়িত্ব কাতিৰামৰ ওপৰতে আৰোপিত হ’ল৷

নামঘৰৰ মণিকূটৰ পৰা ভাগৱত স্থাপনৰ ঠাইলৈকে নৈমিষাৰণ্য সজোৱা হৈছে৷ দুশাৰী মাটি চাকি বাঁহৰ খুঁটাৰ ওপৰত সজোৱা হৈছে৷ মাটি ভেটি তুলি তাতে এবেগেত দ কৰি নীল ছটিয়াই, প্লাষ্টিক দি নদী সজোৱা হৈছে৷ তাতে নাৰিকলৰ কোৰোকাৰে মাখনে ঋষি-মুনি বাৰজন সাজি বহুৱাই থৈছে৷ নদীৰ পাৰত এটা বগলীও সজোৱা হৈছে৷ দুজোপা লাগনী কল থোকেৰে সৈতে আনি বহুওৱা হৈছে৷ মুঠতে বিতোপন নৈমিষাৰণ্যখন মাখনে নিজৰ চিন্তাৰে সজাই তুলিছে৷ সকলোৱে শলাগিছে৷

নামঘৰটো চাৰিওফালৰ পৰা টিনপাত আৰু কাপোৰেৰে বেঢ়ি দিয়া হৈছে যাৰ বাবে বতাহ আৰু ঠাণ্ডা সোমাই ভকতসকলক আমনি কৰিব নোৱাৰে৷ ভিতৰখন আন্ধাৰ হোৱাত মেণ্টল লাইট জ্বলাই ভাগৱত পাঠৰ বেদী উজলাই থোৱা হৈছে৷ বাকী নামঘৰ মাটি চাকিৰ কোমলতপোহৰ আৰু ধূপৰ গোন্ধত বৈকুণ্ঠপুৰী যেন মায়াময় হৈ আছে৷ লাইটৰ দায়িত্ব খগেনৰ৷ নামঘৰৰ নিজা লাইট দুটা আৰু তাৰ নিজা দুটা৷ এনেয়ে সি ভাড়া দিয়ে৷ কিন্তু এই হেন পবিত্ৰ কামত সি ভাড়া নলয়৷ কেৰাচিনখিনি ৰাইজে ভৰালেই হ’ল৷ মেণ্টল জ্বলোৱা, পাম দিয়া, ফ্লাছ কৰা আদি তাৰ একচেতিয়া দায়িত্ব৷ আন কাৰো হস্তক্ষেপ সি সহস্য নকৰে৷ নামঘৰৰ ভিতৰত অতিৰিক্ত এটা, খোৱা ঘৰত এটা আৰু মূল বাটচ’ৰাত এটা মেণ্টল সি ওৰে ৰাতি জ্বলাই ৰখাৰ পণ লৈছে৷ দুপেকেট মেণ্টল সি আগতীয়াকৈ যোগাৰ কৰি থৈছে৷

ভাগৱত পাঠৰ যোগেদি যিসকলৰ জীৱন ধন্য হৈছে বুলি ভাবিছে তাৰ ভিতৰত ৰত্নৰ নাম পহিলা আহিব৷ কাৰণ এই দুদিন এৰাতি তাৰ মাইকটোৰ যোগেদি বৈকুণ্ঠৰ পৰম অমৃত ভাগৱত ৰাইজৰ শ্ৰৱণ হ’ব৷ তাৰ জন্ম সাৰ্থক, তাৰ মাইকটোৰ জন্মও সাৰ্থক৷ ইমান দিনে মাইকটোৰ গাঁৱৰ বিয়া-বাৰুতহে বাজিছিল৷ কোনো কোনো চকু চৰহাই সেইটোক ম’হৰ শিঙৰ পেঁপা বুলিও হাঁহিছিল৷ তথাপি এটা মাইকৰ গৰাকী হিচাপে সি নিজক সুখী বুলি ভাবে৷ ৰত্ন আৰু ডাঙৰ পুতেক নৰোত্তমে পাল পাতি চৌবিছ ঘণ্টা মাইকৰ যত্ন লৈছে৷

আপ্যায়নত ক’লাই মহাজনে কোনো ক্ৰুটি ৰখা নাই৷ সপ্তাহৰ আগৰ পৰা মহাজনৰ পাকঘৰ ভকত-ভকতনীৰ বাবে মুকলি হ’ল৷ পকা মিঠৈ, চিৰা, মুড়ি, বিধে বিধে পিঠা-পনাৰ যোগাৰ হ’ল৷ কোমল চাউল, ভাপত দিয়া বৰা চাউল যোগাৰ কৰা হ’ল৷ গাখীৰ, গুড় সেই অনুসৰি৷ দুদিন দুৰাতি ভকতক আপ্যায়ন কৰিলে ক’লাই শইকীয়া আৰু ভালীৰাম শইকীয়াই৷ পাল পাতি আয়তীসকলে ভকতসকলক খুওৱাৰ দায়িত্ব ল’লে৷

শেষৰ দিনা ৰাতি ‘সীতাহৰণ বালীবধ’ ভাওনা৷ পৰমসিদ্ধই নিজৰ খেলৰ ডেকা ল’ৰাবোৰক বান্ধি ৰাখিবৰ নোৱাৰিলে৷ ভোগায়ে ভীমৰ ভাওটো পায়েই প্ৰথমে শ’লমাৰি ভাঙিলে৷ তাৰ পিছত সূত্ৰধাৰ হিচাপে মুকুতাই৷ শেষলৈ কাকো ধৰিবলৈ বাট নাথাকিল৷ ল’ৰাহঁত গ’ল যেতিয়া আমি বুঢ়াকেইটানো কেলেই ৰওঁ বুলি পৰমসিদ্ধৰ খেলৰ আটাইকেইঘৰে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰভাগি শ্ৰৱণৰ পুণ্যৰ ভাগ ল’লেগৈ৷ আঢ়ৈ টকাকৈ চান্দাও আগবঢ়ালে৷ নৰহৰি পৰমসিদ্ধ নামাচাৰ্য যেন উপাধিবিহীন হৈ হৈ সৰুতে গৰু চৰাওঁতে লগৰীয়াহঁতে মতা ‘নৰে’লৈ নামিল৷ তিকিৰাই নামতী টংকেশ্বৰ নেওগ নামাচাৰ্য হৈ বছা গাঁৱৰ আকাশত জিলিকি উঠিল৷ 

(আগলৈ)

ৰ
লেখকৰ পৰিচয়

ৰমানন্দন বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)