৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰকৃতি চেতনা সম্পৰ্কীয় গ্ৰন্থ ‘পৃথিৱীৰ মৰম’

লেখকঃ কবিতা ফুকন • প্ৰকাশিতঃ ২৫ নৱেম্বৰ, ২০২২
৮ মিনিট পঠন • ৩৭০৮ বাৰ পঢ়া হৈছে
প্ৰকৃতি চেতনা সম্পৰ্কীয় গ্ৰন্থ ‘পৃথিৱীৰ মৰম’
ডাঙৰকৈ চাওক (Zoom)

 কবিতা ফুকন



       মানুহ প্ৰাকৃতিক জীৱ। সেয়েহে মানুহ আৰু নৈসৰ্গিক প্ৰকৃতিৰ সম্পৰ্ক অতি নিবিড়৷ ঠিক তেনেদৰে সাহিত্যৰ লগতো প্ৰকৃতিৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে৷ সাহিত্যত ‘প্ৰকৃতি’ শব্দটোৱে সাধাৰণতে নৈসৰ্গিক জগতখনৰ কথা বুজায়; অৰ্থাৎ অৰণ্য,  পশু-পক্ষী,  নদ-নদী ইত্যাদি এই বিশাল জগতখনৰ কথা বুজোৱা হয়৷ সপ্তদশ শতিকাত ইংৰাজী সাহিত্যত সৃষ্টি হোৱা প্ৰকৃতি সাহিত্য সম্পৰ্কীয় ধাৰণাই পৰৱৰ্তী সময়ত বিশ্বৰ বিভিন্ন দেশৰ সাহিত্যৰ লগতে ভাৰতীয় সাহিত্যতো গুৰুত্ব লাভ কৰে। সমান্তৰালভাৱে অসমীয়া সাহিত্যতো এই সম্পৰ্কে চিন্তা-চৰ্চাৰ সূচনা হ’বলৈ ল’লে৷ অসমীয়া সাহিত্যত প্ৰকৃতি চেতনা সম্পৰ্কীয় যিকেইখন গ্ৰন্থই বিশেষ গুৰুত্ব পাইছে তাৰে ভিতৰত যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ ‘পৃথিৱীৰ মৰম’ উপন্যাসখন অন্যতম৷

        অসমীয়া সাহিত্যৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ ‘পৃথিৱীৰ মৰম’ উপন্যাসখন মূলতঃ শিশু আৰু কিশোৰৰ উপযোগী উপন্যাস৷ প্ৰথমে এই উপন্যাসখন শিশু আলোচনী ‘মৌচাক’ত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল৷ পৰৱৰ্তী সময়ত অসম পাবলিচিং কোম্পানীৰদ্বাৰা ২০০৫ চনত প্ৰকাশ হয় আৰু তৃতীয় সংশোধিত সংস্কৰণ ২০২০ চনৰ জানুৱাৰি মাহত প্ৰকাশ হৈ ওলায়৷  মুঠ ৯৬ পৃষ্ঠাৰ ৯টা অধ্যায়ত বিভক্ত ‘পৃথিৱীৰ মৰম’ উপন্যাসখনৰ প্ৰতিটো অধ্যায়তেই নিভাঁজ প্ৰকৃতিৰ চিত্ৰণ ঘটিছে৷ উপন্যাসখনত প্ৰধানতঃ কেং ওৰফে কমল আৰু কানাই নামৰ চৰিত্ৰ দুটাই বিশেষ স্থান লাভ কৰিছে৷ এই চৰিত্ৰ দুটাৰ উপৰি ৰাধা, স্বৰ্ণ, ঘনকান্ত, ভদ্ৰকান্ত, নীলকান্ত আদি চৰিত্ৰসমূহেও কম-বেছি পৰিমাণে উপন্যাসখনত স্থান লাভ কৰিছে৷ কেং আৰু কানাই চৰিত্ৰ দুটাৰ জৰিয়তেই প্ৰকৃতিৰ অংশ বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি, গছ-গছনি ইত্যাদিৰ বৰ্ণনা অতি সুন্দৰকৈ উপস্থাপন কৰা হৈছে৷

        ‘পৃথিৱীৰ মৰম’ উপন্যাসখনত প্ৰকৃতিজগতৰ প্ৰতি মানুহ কেনেদৰে সচেতন হ’ব লাগে, বনৰ জীৱ-জন্তুক হত্যা নকৰাকৈও কেনেদৰে সিহঁতৰ আক্ৰমণৰপৰা হাত সাৰিব পাৰি আদি বিষয়সমূহ উপন্যাসখনত প্ৰতিফলন ঘটা চৰিত্ৰসমূহৰ দ্বাৰা ঔপন্যাসিকে উপস্থাপন কৰিছে৷ ইয়াৰ উপৰি বিলুপ্ত হোৱা জীৱ-জন্তুৰ বৰ্ণনা, বন্য জন্তুৱে যে অনাহকত মানুহক আক্ৰমণ নকৰে আৰু কল-কাৰাখানাসমূহৰ পৰাও যে প্ৰকৃতিজগত ধ্বংসস্তুপত পৰিণত হ’ব পাৰে সেই বিষয়ো উপন্যাসখনত প্ৰতিফলিত হৈছে৷ উপন্যাসখনত আদিৰ পৰা অন্তলৈকে প্ৰকৃতিৰ অন্তৰ্গত বিষয়সমূহ বৰ্ণনা কৰাৰ উপৰি ঠায়ে ঠায়ে চৰিত্ৰসমূহৰ যোগেদি প্ৰকৃতি সচেনতা ফুটি উঠিছে৷

         ‘পৃথিৱীৰ মৰম’ উপন্যাসখনত কেং নামৰ চৰিত্ৰটোৰ মাজেৰে প্ৰকৃতি সংৰক্ষণৰ বহু দিশ প্ৰকাশ পাইছে আৰু ঔপন্যাসিকে প্ৰকৃতিক জানিবলৈ প্ৰেৰণা যোগাইছে৷  উপন্যাসখনত কেং আছিল মাছৰ ৰজা৷  উপন্যাসখনৰ প্ৰতিটো অধ্যায়তেই বিভিন্ন সময়ত বিভিন্ন ধৰণৰে কেং নামৰ চৰিত্ৰটোৰদ্বাৰাই ঔপন্যাসিকে বিভিন্ন চৰাই-চিৰিকটি, গছ-গছনি, জীৱ-জন্তু আৰু বিলুপ্তপ্ৰায় প্ৰাণীসমূহৰ বৰ্ণনা দাঙি ধৰিছে৷ উপন্যাসখনৰ দ্বিতীয় অধ্যায়ত এই চৰিত্ৰটোৰ জৰিয়তে প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় চেতনা প্ৰতিভাত হৈছে৷ উপন্যাসখনত উল্লেখ থকা মতে এবাৰ গাভিনী শৰপহু এজনীক গাঁৱৰ ৰাইজে ধৰি কাটিবলৈ লৈছিল যদিও তেওঁলোকৰ বাধা হৈ থিয় দিছিল কেং৷  ফলত কেঙক গাঁৱৰ ৰাইজে নমতা হ’ল৷  এই প্ৰসংগত কেঙে‌‌ এনেদৰে কৈছিল-

“গাভিনী পহুজনী খালেহে তহঁতৰ ভোজটো হ’বনে? মই তহঁতক খাবলৈ মাছ আনি দিম৷” (পৃ:৩০)

“আতুৰত পৰি যদি মানুহ এটা তহঁতৰ ঘৰলৈ আহে তহঁতে কি কৰিবি? তাক ভাত-পানী নুখুৱাবিনে? তাৰ পোহৰ দৰকাৰ হ’লে টিপ চাকিটো নি বাট দেখুৱাই লৈ নাযাবিনে?”( পৃ :৩০) ইয়াতেই প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় এটি সুন্দৰ আদৰ্শৰ প্ৰতিফলন ঘটিছে৷

          ঔপন্যাসিকে বিলুপ্তপ্ৰায় জীৱ-জন্তুৰ কথাও নিখুঁত ৰূপত বৰ্ণনা কৰিছে৷ যিবোৰ পৃথিৱীৰ বুকুৰপৰা একেবাৰেই শেষ হৈ গৈছে যিবোৰ চিকাৰীয়েই শেষ কৰি পেলাইছে৷ এইক্ষেত্ৰত চিকাৰী অৰ্থাৎ মানুহেই প্ৰকৃতি তথা পৃথিৱীৰ ধ্বংসৰ মূল বুলি ক’ব বিচৰা হৈছে৷  বিভিন্ন ধৰণৰ চৰাই, সৰীসৃপ, জীৱ-জন্তু আদি বৰ্ণনা পঢ়ুৱৈসমাজে পৰিচিত হ’ব পৰাকৈ সুন্দৰকৈ দাঙি ধৰা হৈছে৷ কোনো প্ৰাণীয়েই যে বিনা কাৰণত মানুহক হাৰাশাস্তি নকৰে, এই প্ৰসংগত সাপৰ উদাহৰণ দাঙি ধৰি কেঙে কৈছে, “সাপে মানুহ খেদি খেদি নোখোঁটে৷ গচক পৰিলে নাইবা বাধা দিলে কিন্তু শুদাই নেৰে৷” (পৃ:২৫) মাছৰ সংখ্যা ক্ৰমান্বয়ে যে হ্ৰাস পাই আহিছে, এই প্ৰসংগটো উপন্যাসখনৰ পঞ্চম অধ্যায়ত উল্লেখ কৰা হৈছে৷  মানুহ,  চৰাই আৰু  জীৱ-জন্তুৱে খাঁওতে খাওঁতেই যে মাছ কমি আহিছে তেনে নহয়৷  নদী,  ৰাস্তা,  মথাউৰি আদি বন্ধাৰদ্বাৰাও মাছৰ সংখ্যা হ্ৰাস পাবলৈ লৈছে৷ এই ক্ষেত্ৰত মানুহেই যে দায়ী সেয়াও উপন্যাসখনত প্ৰকাশ কৰা হৈছে -“শুন, মানুহে বহু ধৰণে মাছবোৰ নিৰ্বংশ কৰিলে৷ এই ধৰ মানুহে যে নদীত বান্ধ দিছে,  ৰাস্তা বান্ধিছে, মথাউৰি দিছে - এইবোৰে মাছৰ চৰা ঠাই কম কৰি আনিছে নে নাই? আৰু এই যে ধৰ চাহ বাগানৰ চাহগছত দিয়া ঔষধ, কাৰাখানাৰ দূষিত পানী - এইবোৰ আহি নদীৰ পানীত পৰিছে নে নাই? দূষিত পানীত মাছবোৰ মাৰিছে নে নাই?” (পৃ:৬০-৬১) মানুহে নিজৰ সুবিধাৰ বাবে, নিজৰ স্বাৰ্থৰ পূৰণৰ হেতু নদ-নদী ভেটা, ৰাস্তা সজা আদি সকলো মানুহৰ সুবিধাৰ কাৰণেই কৰিছে৷ মানুহে আন আন প্ৰাণীসমূহক ধ্বংসৰ পথলৈ ঠেলি পঠাইছে। ফলত প্ৰকৃতিৰ অংশ প্ৰাণীসমূহ নাইকিয়া হ’বলৈ লৈছে৷

         ‘পৃথিৱীৰ মৰম’ উপন্যাসখনৰ শেষত ঔপন্যাসিকগৰাকীয়ে এক উল্লেখনীয় নিদৰ্শন দাঙি ধৰিছে৷  মাছৰ ৰজা কেং আৰু কানাই বৰশী লৈ মাছ মাৰিবলৈ যায় আৰু কেঙৰ বৰশীত এদিন মাছৰ পৰিৱৰ্তে এটা শিহুহে লাগিল৷ কেঙে সেইটো মাছ বুলি ভাবি উঠাবলৈ সক্ষম হ’ল যদিও মাছৰ পৰিৱৰ্তে যেতিয়া শিহু এটাহে উঠি আহিছিল তেতিয়া কেঙৰ মনটো হতাশ হৈ পৰিছিল৷  কিয়নো শিহু নামৰ প্ৰাণীটো সেই বিলখনত এটাই আছিল সেইটোও কেঙৰ বৰশীত লাগিয়েই মৃত্যু হ’ল৷ সেই কাৰণতে কেঙে “আৰু জীৱনত বৰশী নাবাওঁ বুজিছ” (পৃ:৯৩) বুলি কানাইক কৈ বৰশীডাল পানীৰ মাজলৈ দলিয়াই দিলে৷ ঘটনাটোৰ চাৰিদিনৰ পাছত কেং আহি মৰা শিহুটোক গাঁত খান্দি সুন্দৰকৈ পুতি পেলালে, লগতে অনুভৱ কৰিলে যে তেওঁৰ জীৱনৰ এক অধ্যায় সম্পূৰ্ণ হ’ল৷  তেওঁ মনে মনে শপতো খালে - “দ্বিতীয় অধ্যায়ত আৰু এটাও প্ৰাণী বধ নকৰোঁ৷ “(পৃ:৯৪) সেইদিনৰে পৰা মাছ ধৰাৰ পৰিৱৰ্তে কেঙে এখন সুন্দৰ বাগিচা পতাৰ সিদ্ধান্ত ল’লে৷

         ‘পৃথিৱীৰ মৰম’ উপন্যাসখনৰ আদিৰ পৰা অন্তলৈকে এক সুন্দৰ প্ৰকৃতি চিত্ৰ অঙ্কিত হোৱাৰ লগতে প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় চেতনাও প্ৰতিফলিত হৈছে৷ অতি সহজ-সৰল ভাষাত বৰ্ণনা কৰা উপন্যাসখনৰ চৰিত্ৰসমূহৰ মাজত কেঙৰ যোগেদি পঢ়ুৱৈ সমাজে প্ৰকৃতিজগতক চিনি পোৱাৰ লগতে বিভিন্ন পশু-পক্ষী, জীৱ-জন্তুৰ নাম, বৰ্তমান সময়ত জন্তুবোৰ পোৱা যায়নে ইত্যাদি বিভিন্ন কথা জানিব পাৰিব৷  এই সকলো দিশৰপৰা ‘পৃথিৱীৰ মৰম’ উপন্যাসখন এখন প্ৰকৃতি সাহিত্যৰ উল্লেখনীয় গ্ৰন্থ বুলি ক’ব পাৰি৷  এনে ধৰণৰ প্ৰকৃতি চেতনা সম্পৰ্কীয় গ্ৰন্থৰ অধ্যয়নে ছাত্ৰ-ছাত্ৰী তথা পঢ়ুৱৈ সমাজক যথেষ্ট উপকৃত কৰিব৷  

ঠিকনা : 

ঠিকনা - লখিমপুৰ

ভ্ৰাম্যভাষ : ৯৮৬৪৫৫৮৮৫০

ই-মেইল- kabitaphukan31@gmail.com

ফেইচবুক একাউণ্টৰ লিংক

 -  https://www.facebook.com/profile.php?id=100069320360555

ক
লেখকৰ পৰিচয়

কবিতা ফুকন

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)