৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

হাইকুৰ দৰে কেইটামান কবিতা

লেখকঃ পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ • প্ৰকাশিতঃ ২৩ অক্টোবৰ, ২০২১
৩ মিনিট পঠন • ৩৬৮০ বাৰ পঢ়া হৈছে

পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ

           (১)

নিজানৰ নৈ;

বালিচন্দা সাবটি ৰৈ আছে

নিয়ৰ উৰালৈ৷

            (২)

এবাৰো নাচালা

শেৱালিজোপাত ওৰেনিশা তিতি থাকিল

হেমন্তৰ বিষাদ৷

            (৩)

বগা চাদৰখন 

তোমাৰ গাত দিওঁতেই শুকাল

চকুপানীৰ বাট৷

             (৪)

বাৰিষাৰ জোন;

উজানৰ পানীত নাচি ফুৰিছে

প্ৰতিমাৰ সপোন৷

             (৫)

মেঘবোৰৰ হৈ-চৈ;

সৰাপাতত সেমেকি উঠিছে

শীতৰ নৈ৷

             (৬)

ভৰা নদীৰ ঘাট;

বতাহজাকে সুহুৰিয়ালে বাজে

বাঁহীটোৰ মাত৷

              (৭)

গাভৰু জোনবাই;

গাত ৰং সানি গুচি গ'ল

জাৰৰ দিনৰ মাত৷

             (৮)

পানীমেটেকা;

ওপঙি আছে জীৱন আৰু

পিতাৰ মৃত সপোন৷

(বিশেষ দ্ৰষ্টব্য : জাপানী কাব্যপৰম্পৰাৰ হাইকুৰ দৰে কেইটামান অসীময়া কবিতা৷ একোটা হাইকু তিনিশাৰীত সোতৰটা “syllable”-ত ৫ + ৭ + ৫ এই পদ্ধতিৰে বান্ধ খাই থাকে৷ সময়ে কিছু সলনি কৰিছে জাপানীসকলৰ নিয়ম৷ ইংৰাজীত লিখিবলৈ ভাল পাইছিলোঁ যদিও অসমীয়াত কঠোৰ নীতিৰে সোতৰটা syllable-অত বান্ধিবলৈ লওঁতে আকৰ্ষণ হেৰোৱাৰ উপক্ৰম হ’ল৷ সেয়ে syllable-অৰ বান্ধোন কিঞ্চিৎ শিথিল কৰিলোঁ৷ দুই-এটাত হাইকুৰ syllable-অৰ বান্ধোন আছে, কিছুমানত সামান্য ইফাল-সিফাল হৈছে৷ সেয়ে এই কবিতাকেইটা হাইকুৰ দৰেহে, আক্ষৰিক অৰ্থত হাইকু নহয়৷)

  ভ্ৰাম্যভাষ - ৭০০২১৭১৮১২

rajkumar.partha@gmail.com

প
লেখকৰ পৰিচয়

পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)