৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

হাতীপটি

লেখকঃ নিৰু দত্ত • প্ৰকাশিতঃ ২৭ অক্টোবৰ, ২০২১
৩ মিনিট পঠন • ৬৩৪ বাৰ পঢ়া হৈছে

নিৰু দত্ত

 

জুমি, ৰাণী, বিকু, বাবা, সন্ধ্যা আৰু মাজনী

কাষ চাপি আহাঁ, শুনাম আজি হাতীপটিৰ কাহিনী ।

আকাশৰ সাগৰত নাও বাই তৰা, জোন, বেলি

বগাকৈ হাতীপটিও আমাৰ নিচেই চিনাকি ।

আগষ্টৰ পৰা অক্টোবৰলৈ আন্ধাৰ ফৰকাল ৰাতি

উত্তৰা-দক্ষিণাকৈ থাকে আকাশৰ ইমূৰ-সিমূৰ জুৰি ।

ছায়াপথ, আকাশীগংগা আৰু মন্দাকিনী নামেৰে

নানা ঠাইৰ নানা জনে হাতীপটিক মাতে  মৰমেৰে ।

লেটিন শব্দ “ভায়া লেক্টিয়া”-ৰ পৰা নামটো  ওলায়

ইংৰাজীত হাতীপটিক সেয়ে  মিল্কি ৱে’ বুলি কয় ।

 “গেলেক্টিকছ কিকলছ” শব্দটো  আছে  গ্ৰীক ভাষাত

ইয়াৰো অৰিহণা  আছে মিল্কি ৱে’ নাম হোৱাত । 

দুয়োটা নামৰ অৰ্থ “দুগ্ধময় বৃত্ত” কিজানি

ইয়াৰো আঁৰত আছে পৌৰাণিক কাহিনী ।

আইতাই  কৈছিল পিছে নিজে সজা এটা সাধু

আজি তোমালোকক সেইটোকে কওঁচোন বাৰু ।

 

অতি বিতোপন হাতীপটি অলেখ নক্ষত্ৰ গা-ত

ইন্দ্ৰদেৱতাৰ ঐৰাৱতে সেয়া পানী খাবলৈ যোৱা বাট ।

তেত্ৰিছ কৌটি দেৱতা, অপ্সৰা আৰু গন্ধৰ্ৱ সহিত

আকাশৰ সিপাৰে জৰা-মৃত্যুহীন স্বৰ্গত কৰে বাস ।

দেৱতাৰ ৰজা ইন্দ্ৰদেৱ শশী প্ৰিয়তমা 

গন্ধৰ্ৱই বাজনা বজাই নাচে দেৱাঙ্গনা ।

তাতে আছিল কণমানি এক মৰম লগা পৰী

দেউতাকে মৰমেৰে তাইক ৰাখিছিল আৱৰি ।

লনী নামৰ পৰীজনীয়ে  হাতত কঁৰিয়া লৈ

নিতৌ ককাকৰ ঘৰৰ পৰা গাখীৰ আনেগৈ ।

এদিনাখন লনী পৰীৰ কি অথন্তৰ  হ’ল শুনা 

চৰি থকা ঐৰাৱতেৰে হ’ল নহয় অগা-ভেটা ।

তালপাত হেন কাণ লৰাই আছিল কলপাত খাই

ভিম্বাকাৰ চেহেৰা দেখি লনীয়ে মাৰিলে লৰ ভিৰাই ।

উজুটিত ছিগিল নখ পৰিল ধুপুচকৈ তাই 

কঁৰিয়া ভৰ্তি বগা গাখীৰ পৰিল লুটি খাই ।

তৰাৰ চপৰানিখনত গাখীৰ বৈ গ’ল 

হাতীপটি তেতিয়াৰে পৰা মিল্কি ৱে’ হ’ল ।

কান্দি - কাতি লনীজনী হ’ল তেনেই আহৰি 

কৰিয়াটো আনিবলৈও থাকিলে তাই পাহৰি ।

সাধু শুনি মইনাহঁতৰ টোপনি দেখোন হৰিল

পাকঘৰত ৰাতি সাজৰ ঘণ্টিও বাজিল ।

                  * * *

 

ঠিকনা :

সৰুপথাৰ, গোলাঘাট

যোগাযোগ : ৭০০২২৪১১৪৫

 

ন
লেখকৰ পৰিচয়

নিৰু দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)