৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কাকতালীয়

লেখকঃ এম. কামালুদ্দিন আহমেদ • প্ৰকাশিতঃ ২৯ এপ্ৰিল, ২০২১
২ মিনিট পঠন • ৩৭২৬ বাৰ পঢ়া হৈছে

এম. কামালুদ্দিন আহমেদ

মৃত্যুৰ ওজন কিমান

অমৰত্বত কিমানখিনি মাধুৰ্য

চাকি চাই উমান ল’বা নে তুমি

তুমিতো এটা প্ৰজাতি মাত্ৰ

বখলিয়াই আছিলা বখলিয়াই আছিলা কমলাটো

যেন ছেলাইহে আছিলা

সত্তাৰ আৱৰণ

পাল্লাত দিলোঁ এফালে অমৰত্ব আৰু আনফালে

মৃত্যু

পাল্লাৰ ফেৰ মৃত্যুৰ ফালে

১৮৩৭ চনৰ কোনোবা এটা দিনা

জেকব্‌ টমাছৰ নাও

নৈৰ দাঁতিয়ে দাঁতিয়ে গৈ আছিল

ৰুক্ষ বাস্তৱতাৰ অন্তৰালত

অসীমৰ চুলিকোছাৰ অনুসৰণ কৰিছিল সম্ভৱতঃ

অমৰত্বৰ কপালৰ বলিৰেখা কোঁচ

খাই গৈছিল 

যেতিয়া 

দাঁতিৰ দুজোপা বৰগছ উভাল

খাই পৰিছিল

টমাছৰ

সৃষ্টিশীলতাৰ বিৰাট স্বপ্নটোৰহে

ডিঙি মুচৰি দিছিল

মিলান কুন্দেৰাই সৌ সিদিনাহে লিখিছিল

মানৱ এটা মাথোঁ প্ৰজাতি আৰু ক্ৰমিক নম্বৰ কেৱল মুখ

সত্তা বোলাটো হেনো একেবাৰেই অযুগুত

ক’ৰ’নাৰ দ্বিতীয় ঢৌতে

বিভাগীয় পুথিভঁৰালতে বহি আছিলোঁ 

‘অৰুনোদই’-খন সন্মুখতে আছিল 

পাতবোৰৰ মাজৰ পৰা উঠি আহিছিল ঘটিছিল। 

জেকব্‌ টমাছ নে  

তেওঁৰ মুখ  

(টোকা : আমেৰিকাৰ বোৰ্ডে শ্বান মিছনত পঠিওৱা জেকব্‌ টমাছ শদিয়ালৈ যাওঁতে নৌকাযাত্ৰাত তেওঁৰ মৃত্যু ঘটিছিল। তেওঁৰ বুকুত আছিল বৃহৎ খ্ৰীষ্টীয়ান সাহিত্য সৃষ্টিৰ সপোন।)

<!—next-prev and print-->
এ
লেখকৰ পৰিচয়

এম. কামালুদ্দিন আহমেদ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)