৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পুষ্পক ৰথৰ দৰে

লেখকঃ হেমচন্দ্ৰ কছাৰী • প্ৰকাশিতঃ ২৭ জুন, ২০২১
২ মিনিট পঠন • ৪৩৩৯ বাৰ পঢ়া হৈছে

হেমচন্দ্ৰ কছাৰী 

কালজয়ী কোনো নহয়
 
তুমিও ক্ৰমান্বয়ে পুৰণি হৈ গৈয়ে আছা
সেইবুলি হাত বাগৰিবলৈ নিদিওঁ দিয়া
তুমি জানানে নাজানা নাজানো
পুৰণিয়েই যে বহুতৰে জীয়াই থকাৰ প্ৰেৰণা
 
অকপটে কওঁ— তুমি মোৰ মৰমৰ
ভালদৰেই বুজি পাওঁ— ভোক আৰু যাতনা তোমাৰ
 
সঁচাকৈ, ক’লৈ ক’লৈ যে যোৱা নাই আমি
ওখোৰা মোখোৰা, বোকা বা ধূলি বুলি ৰৈ থকা নাই
বহুবাৰ কষ্টও খাইছোঁ, হুল আৰু গজালৰ খোঁচ খাই
 
আৰু! সেই অভিশপ্ত দিনটোত যে...
বুকুখন কঁপি উঠে আজিও
 
তুমি তোমাৰ হস্পিটে‍লত
আমি আমাৰ হস্পিটে‍লত
কেঁকাই কেঁকাই বহু দিন পৰি থাকিলোঁ
জানো, এনে হয় বহুতৰে 
 
হ'ব দিয়া, আৰু বেছি নকওঁ
অতীতক পাহৰি যোৱা সমাজে হাঁহিব
আকৌ কৈছোঁ— তুমি মোৰ বাবে কেৱল এখন দুচকীয়া বাহন নহয়
কুবেৰৰ পুষ্পক ৰথৰ দৰে মোৰো পুষ্পক তুমি
তোমাক কেতিয়াও হাত বাগৰিবলৈ নিদিওঁ
হ
লেখকৰ পৰিচয়

হেমচন্দ্ৰ কছাৰী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)