৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

খোৱাৰ পাতত গুপ্তঘাতক

লেখকঃ ৰিপুঞ্জয় বৰদলৈ‍ • প্ৰকাশিতঃ ২৯ ডিচেম্বৰ, ২০২০
৮ মিনিট পঠন • ৭১১ বাৰ পঢ়া হৈছে

 ৰিপুঞ্জয় বৰদলৈ

কভিড-১৯ বা ক’ৰ’নাই মহামাৰিীৰ ৰূপ লোৱাৰ সময়ত বিশষজ্ঞসকলে বাৰে বাৰে কৈ আছে যে যিসকল ব্যক্তিৰ দেহৰ প্ৰতিৰোধ ক্ষমতা বেছি, তেনে ব্যক্তিক যিকোনো ভাইৰাছে সহজতে অসুস্থ কৰিব নোৱাৰে৷ সেইবাবে চিকিৎসকসকলৰ মতে আমি সেউজীয়া শাক-পাচলি আৰু ফল-মূল যিমান পাৰি সিমান খাব লাগে৷ কিন্তু যি পৰিৱেশত এই শাক-পাচলি আৰু ফল-মূল উৎপাদিত হয়, তেনে পৰিৱেশত বাৰু পুষ্টিকাৰক গুণবোৰ থাকিবনে? আজিৰ তাৰিখত বুকু কঁপাই তোলা এই প্ৰশ্নৰ উত্তৰ দিবলৈকে এই লে‍খাটো যুগুতোৱা হৈছে৷ বিশ্বৰ আগশাৰীৰ দেশবোৰত উপলব্ধ সেউজীয়া শাক-পাচলি আৰু ফল-মূলত গধুৰ ধাতুৰ উপস্থিতি পোৱাটোৱে বিশ্ব স্বাস্থ্য সংস্থাক চিন্তিত কৰি তুলিছে৷ প্ৰথম বিশ্বৰ দেশসমূহক বাদ দি ভাৰতৰ কথা চিন্তা কৰকচোন৷ মাজতে ছায়েঞ্চ ৰিপ’ৰ্টাৰ নামৰ আলোচনীখনত সোণালী নাগৰ নামৰ লেখিকাগৰাকীয়ে তেখেতৰ প্ৰবন্ধত দিয়া তথ্যসমূহ অতি ভয়াৱহ৷ ভাৰতৰ নাগপুৰস্থিত ‘পৰিৱেশ কাৰিকৰী গৱেষণা সংস্থা’ (CSIR-NEERI)-এ যমুনা নৈৰ বানপানী হোৱা অঞ্চলত কৰা খেতিৰ পৰা উৎপাদিত শস্য সম্পৰ্ অধ্যয়ন কৰিছিল৷ অনুষ্ঠানটোৱে পশ্চিম দিল্লীৰ গীতা কলনি, ময়ূৰ বিহাৰ আৰু ওচমানপুৰ সদৰ (নে খদৰ) অঞ্চলৰ পৰা ফুলকবি, বন্ধাকবি, পালেং, মেথি শাক, বীট, বেঙেনা, ধনি‍য়া— এই সাতবিধ শাক-পাচলিৰ ক্ষেত্ৰত পৰীক্ষা কৰি লেড, কেড্‌মিয়াম, মাৰ্কাৰি বা পাৰা আৰু নিকেলৰ দৰে গধুৰ ধাতুৰ অৱস্থিতি লাভ কৰি স্তম্ভিত হৈ পৰিছিল৷ শাক-পাচলিসমূহত ভাৰত চৰকাৰৰ খাদ্য সুৰক্ষা আৰু গুণগত মান নিৰূপক সংস্থা (FSSAI)-এ শাক-পাচলিত লেডৰ পৰিমাণ ২.৫ মিলিগ্ৰাম প্ৰতি কেজি হিচাপত থাকিলে কোনো অপকাৰ নহয় বুলি থিৰাং কৰিছিল৷ তেনে স্থলত দিল্লীৰ উক্ত অঞ্চলসমূহৰ শাক-পাচলিত সীহৰ পৰিমাণ প্ৰতি কেজিত ২.৮ মিলিগ্ৰামৰ পৰা ১৩.৮ মিলিগ্ৰাম পোৱাটোৱে সকলোকে চিন্তিত কৰি তুলিছে৷ সীহৰ এই উপস্থিতিৰ কাৰণ হিচাপে মাটিত মিহলি হোৱা বিভিন্ন কীটনাশক, ৰং, বেটাৰী, গেৰেজৰ আৱৰ্জনা, পলিথিন আদিয়েই মূল কাৰণ বুলি চিহ্নিত কৰিছে৷ খাদ্যত সীহৰ বিষক্ৰিয়া ঘটিলে কেঞ্চাৰ বা কৰ্কট ৰোগৰ লগতে দেহৰ অংগসমূহৰ বিভিন্ন বেমেজালিৰ সৃষ্টি কৰি সুস্থ ব্যক্তি এজনক চিৰৰুগীয়া কৰি তুলিব৷ যমুনাৰ পাৰত উৎপাদিত হোৱা পানীলাওত বিশেষজ্ঞসকলে ২৮.০৬ পিপিএম পৰিমাণৰ সীহ, ১৩৯.৯০ পিপিএম পৰিমাণৰ মাৰ্কাৰি বা পাৰা আৰু ৩১৮.৭০ পিপিএম পৰিমাণৰ আৰ্ছেনিক পাইছে৷ নিয়মানুসৰি সীহ আৰু মাৰ্কাৰি থাকিব লাগিছিল ০.১ পিপিএম আৰু ১.০ পিপিএম৷ তাতোকৈ আচৰিত কথাটো হ’ল খাদ্য সুৰক্ষা আৰু গুণগত মান নিৰূপক সংস্থাই আৰ্ছেনিকৰ সুৰক্ষিত উপস্থিতিৰ পৰিমাণ বৰ্তমানলৈকে নিৰ্ধাৰণ কৰা নাই৷ কাৰণ অনুষ্ঠানটোৱে কল্পনাও কৰা নাছিল যে শাক-পাচলিত আৰ্ছেনিকৰ উপস্থিতি পোৱা যাব৷ গতিকে যমুনাৰ সেউজীয়া আৰু সজীৱ শাক-পাচলিয়ে আমাৰ দেহলৈ মাৰাত্মক ৰোগহে কঢ়িয়াই আনিছে৷

নদীৰ কাষ বা অন্য ঠাইৰ গধুৰ ধাতুৰে প্ৰদূষিত মাটিত আমি প্ৰায়ে খেতি কৰোঁ৷ এই মাটিত হোৱা শস্যই মাটিৰ পৰা কেড্‌মিয়াম, ক’পাৰ, নিকলে, জিংক্, আৰ্ছে‍নিক, সীহ আদি গধুৰ ধাতুসমূহ শিপাৰ যোগেদি শোষণ কৰি উদ্ভিদজোপাৰ ডাল, পাত, ফলত জমা কৰি ৰাখে৷ এই ধাতুসমূহ আমি খোৱা শাক-পাচলি আৰু ফল-মূলৰ কাণ্ড, পাত আৰু ফলৰ পৰা আমাৰ দেহলৈ অতি সহজে সোমাই পৰে৷ এইবোৰ কাৰণত যমুনাৰ পাৰত খেতি কৰা শাক-পাচলিত মানৱ দেহৰ বাবে মাৰাত্মক গধুৰ ধাতুৰ অৱস্থিতি পোৱা গৈছে৷ আজিৰ তাৰিখত ভাৰতৰ প্ৰায় সকলো নদ-নদীয়েই মানুহৰ পেলনীয়া আৱৰ্জনা কঢ়িওৱা নলালৈ পৰিৱৰ্তন হৈছে৷ উদ্যোগৰ পৰা নিৰ্গত বৰ্জিত পানী, মাটিত ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক সাৰ, গছত ব্যৱহাৰ কৰা বিভিন্ন প্ৰকাৰৰ কীটনাশক, ঘৰ ৰঙীন কৰিবলৈ ব্যৱহাৰ কৰা ৰং, গাড়ী-মটৰত ব্যৱহাৰ হোৱা বিভিন্ন কুলাৰ, ম’বিল, ডিজেলৰ উপৰি অন্যান্য আৱৰ্জনা, প্লাষ্টিকৰ সামগ্ৰী, ই-আৱৰ্জনা আদিয়ে সকলো নদ-নদী আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰক ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত কৰিছে৷ গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু নৈখন, য’ত এসময়ত সংগীতসম্ৰাট ভূপেন হাজৰিকাই সাঁতুৰিছিল, মাছ মাৰিছিল আৰু আজি ভৰলু বুলি ক’লে ওকালি আহিবলৈ ধৰা এক অনুভৱ৷ ভৰলু নৈ কেতিয়াবাই মৰিল, এতিয়াৰখন কেৱল এটা মল কঢ়িওৱা নলাহে৷ বহুতৰে মনোভাব ভৰলুখন মৰিল আমাৰ কি হ’ল? তেখেতসকলে বাৰু কি খাদ্য খায়? পুৱাতে ফুটপাথত ওলোৱা সজীৱ শাক-পাচলি, কচু-ঢেঁকীয়া আদি কিনি আনি ঘৰৰ পৰিয়ালক সুস্থ-সবল কৰিবলৈ প্ৰয়াস নকৰে জানো? ভৰলুৰ দৰে অন্য প্ৰদূষিত নৈ বা প্ৰদূষিত মাটিত উৎপাদিত শাক-পাচলি বা ফল-মূলৰ লগতে কচু-ঢেঁকীয়া আদিত গধুৰ ধাতুসমূহ নিশ্চয় থাকিব৷ পানীলাওৰ দৰে খাদ্যত সীহ, পাৰা আৰু আৰ্ছেনিক থকাটো কম মাৰাত্মক কথানে? অৰ্থাৎ আমাৰ কৃতকৰ্মৰে অভিশাপস্বৰূপে এই গধুৰ ধাতুসমূহে খাদ্যৰ জৰিয়তে গুপ্তঘাতকৰ দৰে হত্যালীলা আৰম্ভ কৰিছে৷ আমাৰ জীৱনশৈলী উন্নত কৰিবলৈ প্ৰকৃতিৰ বুকুত এৰি দিয়া ধাতুসমূহ খাদ্যৰ মাজেৰে আমাৰ দেহত সোমাই আমাৰে মৃত্যু ঘণ্টা বজাবলৈ আৰম্ভ কৰিছে৷

২০১৫ চনৰ বিশ্বৰ ভূমি সম্পদ স্থিতাৱস্থাৰ প্ৰতিৱে‍দনত (SWSR) মাটিত নিহিত হৈ থকা গুপ্তঘাতক গধুৰ ধাতুসমূহ যি খাদ্যৰ জৰিয়তে মানৱ শৰীৰলৈ প্ৰৱাহিত হৈছে, সেইসমূহ চিনাক্ত কৰি উলিয়াইছে৷ খাদ্যত পোৱা এই গধুৰ ধাতুসমূহ হ’ল— সীহ, কেড্‌মিয়াম, পাৰা, আৰ্ছেনিক, পলিক্লৰিনেটেড বাইফিনাইল্‌ছ (PCB) আৰু পলিচাইক্লিক এৰ’মেটিক হাইড্ৰ’কাৰ্বন (PAH)-ৰ লগতে এণ্টিবায়’টিকৰ দৰে অন্যান্য চিকিৎসাজাত আৱৰ্জনা আদি৷ এই গধুৰ ধাতুসমূহৰ উৎস হ’ল—

কল-কাৰখানাৰ লগতে উন্নয়নমূলক কামসমূহ : শিল্প বিপ্লৱৰ পাছৰ পৰা মানৱ সভ্যতাৰ উন্নয়নৰ নামত উদ্যোগীকৰণৰ লগতে চহৰীকৰণ, ৰাস্তা-ঘাট আদিৰ উন্নয়নৰ বাবে আমি দৈনিক গধুৰ ধাতুসমূহ মাটি আৰু পানীত এৰি আছোঁ৷

কৃষি-কাৰ্য আৰু পশুপালন : বিশ্বত জনসংখ্যা বিস্ফোৰণৰ পৰিণতিত আমি খাদ্যশস্যৰ চাহিদা পূৰণ কৰিবলৈ নতুন ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰিবলৈ লৈছোঁ৷ কৃষি-কাৰ্যত ব্যৱহৃত এই নতুন উপাদানসমূহ প্ৰাকৃতিক ৰসায়ন নোহোৱাৰ বাবে ইহঁত সহজে মাটিত মিলি নাযায়৷ এইবোৰ মাটি আৰু পানীৰ লগত একে অৱস্থাতে থাকি শাক-পাচলিৰ জৰিয়তে আমাৰ খাদ্যৰ তালিকাত সোমাই পৰে৷ যাৰ পৰিণতিস্বৰূপে সমগ্ৰ জীৱজগতৰ খাদ্যশৃংখলক প্ৰভাৱিত কৰি তুলিছে৷

যাতায়াত আৰু যোগাযোগ ব্যৱস্থা : যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ লগে লগে পৰিৱেশত কিছুমান নতুন প্ৰদূষকে‍ দেখা দিছে৷ যেনে— গাড়ীৰ পেলনীয়া টায়াৰ, ইন্ধনৰ দহন, ম’বিল, কুলাৰৰ লগতে গাড়ীৰ ক্ষয় হোৱা অংশবোৰে গধুৰ ধাতু মাটি আৰু পানীত মিহলি হোৱাত ক্ৰিয়া কৰি আছে৷

২০১৫ চনত বছৰজুৰি পালন কৰা আন্তৰ্জাতিক ভূমি বৰ্ষৰ মূল উদ্দেশ্য আছিল— ‘‘স্বাস্থ্যৱান ভূমিতহে সেউজ সপোন দেখিব পাৰোঁ’’৷ অৰ্থাৎ প্ৰদূষিত বা অস্বাস্থ্যকৰ ভূমিত উৎপাদিত সকলো বস্তুৱেই বিহ হৈ পৰে৷ গছৰ শিপাই মাটিত থকা সকলো গধুৰ ধাতু কাণ্ড, ফল-মূল, পাত আদিত সঞ্চিত কৰি ৰাখে৷ এই পাত, ফল-মূল, কাণ্ড আমি প্ৰাণীবোৰে খাদ্য হিচাপে গ্ৰহণ কৰি অলাগতিয়াল আৰু দেহৰ বাবে মাৰাত্মক গধুৰ ধাতুসমূহ গ্ৰহণ কৰি সমগ্ৰ পৰিৱেশতন্ত্ৰটোৰ স্থিতাৱস্থাৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি হৈছে৷

সহকাৰী শিক্ষক 
চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়
বিশ্বনাথ, অসম, 
ভ্ৰাম্যভাষ: ৯৮৬৪৩৬৬১৬১
ৰ
লেখকৰ পৰিচয়

ৰিপুঞ্জয় বৰদলৈ‍

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)