৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বহাগ : জীৱন আৰু জাতিক জাতিষ্কাৰ কৰা জ্যোতিষ্মান সময়

লেখকঃ অংকুৰণ আৰ্ফ • প্ৰকাশিতঃ ২৮ মাৰ্চ, ২০২৪
৭ মিনিট পঠন • ৪০৩১ বাৰ পঢ়া হৈছে

 অংকুৰণ আৰ্ফ

 

 

প্ৰকৃতিৰ চিৰন্তন নিয়ম মানি পুনৰ আহিছে বহাগ৷ জীৱনৰ আটাইবোৰ বাচকবনীয়া অভীস্পা এই যেন বহাগ নামৰ শব্দটোতে সোমাই থাকে৷ যেনেদৰে ৰামধেনু বুলি ক’লেই এসোপা ভিন্নৰঙৰ বৰ্ণময় সমাহাৰ মনলৈ আহে, ঠিক তেনেদৰে এই বহাগ শব্দটোৰ মাজতেই বৰ আলফুলে বিলীন হৈ থাকে লুইতপৰীয়া মানুহৰ জীৱন আৰু জাতিৰ জ্যোৰ্তিময় আত্মা৷ সেয়ে বহাগ আহিলেই লুইতপৰীয়া মানুহৰ দেহ-মন থৌকিবাথৌ হৈ পৰে৷ প্ৰকৃতিৰ বাতাবৰণতো সৃষ্টি হয় এক অভিনৱ আয়োজন৷ বহাগেই আমাক কৈ যায় জীৱন আৰু জাতিক জাতিষ্কাৰ কৰা জ্যোতিষ্মান কথা৷ তেনেহ’লে আহকচোন আমি পাতোঁ বহাগেনো আমাক কি কৈ যায় অথবা জীৱন আৰু জাতিক জোনাকময় কৰা কিনো শিক্ষা এই প্ৰাণৰ বহাগেই আমাক প্ৰদান কৰে৷ 

বহাগ- এনে এক উৰ্বৰ চেতনাৰ নাম য’ত কেৱল প্ৰতিফলিত প্ৰকৃতি আৰু মানুহৰ মাটিময় হিয়াৰ মাজত এক অপূৰ্ব অমৃত প্ৰেম৷ যি অমৃত প্ৰেম পান কৰিয়ে ধন্য আৰু ধুনীয়া হ’ব খোজে মানুহৰ এই অতৃপ্ত হৃদয়৷ দৰাচলতে এই মানব হৃদয়ে জীয়াই থাকিবৰ বাবে কাৰো পৰা বিশেষ একো নিবিচাৰে, বিচাৰে মাথো এধানি মৌময় মাতৰ সঁচা আন্তৰিকতা ভৰা প্ৰাণৰ ভালপোৱা৷ এই অকৃত্ৰিম ভালপোৱা পালেই সুখী হয় মানুহৰ হৃদয়৷ তাতকৈনো কি লাগে মানুহক এটি জীৱন ধুনীয়া কৰিবলৈ৷ মানুহৰ প্ৰতি মানুহৰ এই স্বাভাৱিক ভালপোৱাৰ নামেই বহাগ৷ নতুনকৈ ফুলি উঠা কপৌ ফুলপাহে নৃত্যৰতা পখিলাজনীক অথবা ন-পানীখিনিয়ে নৈত উজাই অহা নতুন মাছজনীক কাণে কাণে এই স্বাভাৱিক ভালপোৱাৰ কথাকেই কয়, এয়াই বহাগৰ পৰা আমাৰ শিকিবলগীয়া৷ বৰষুণে ধুই ধুনীয়া কৰা প্ৰকৃতিৰ বুকুত এনেহেন বাখৰুৱা বহাগৰ বতৰত আহকচোন বহাগেই শিকাই দিয়া নিস্বাৰ্থ অমৃত ভালপোৱা এজনে আনজনৰ প্ৰতি প্ৰদৰ্শন কৰি ধুনীয়া কৰোঁ আমাৰ জীৱন আৰু জাতি৷ 

বহাগ- নতুন সৃষ্টিৰ এক অনুপম সময়৷ চাওকচোন, কেইদিনমানৰ আগতে গোটেই পৃথিবীখনেই এক শুকান শুকান লগা উদাস আৰু নিৰস এক পৰিৱেশত জীয়াই আছিল৷ শুকান সৰাপাত, উদং গছ, ধূলি আৰু ছাঁইৰ মাজত জীৱনবোৰো এক উদাসীনতাৰ মাজত ডুব গৈ আছিল৷ কিন্তু আকাশ আন্দোলি অকস্মাত অহা এজাক বৰষুণে প্ৰকৃতিৰ এই সকলো উদাসীনতা আঁতৰাই চাৰিওফালে ছটিয়াই দিলে সেউজ সজীৱতাৰ এক উৎসৱমুখৰ পৰিৱেশ৷ য’ত কেউপিনে গজি উঠিল উদং গছৰ গা ঢাকি সেউজীয়া সেউজীয়া কুঁহিপাত৷ ডালে-পাতে ফুলি উঠিল নতুন নতুন সুৱাস আৰু সৌন্দৰ্যৰ কান্তিসনা কুসুম মালা... শুকাই থকা পথাৰ আৰু নৈ-নিজৰাবোৰৰ বুকু উপচি পৰিল নতুন নতুন পানীৰে... ন-পানী পাই নতুন মাছৰ জাকবোৰেও নতুন উদ্যমত উজাই গ’ল৷ দেখিলেই এক দৃষ্টিনন্দন পৰিৱেশ৷ দেহা-মন নতুন এক উচাহত উঠলি উঠা৷ পথাৰৰ শুকান মাটি ন-বৰষুণৰ পৰশত পুনৰ সজীৱ হৈ উৰ্বৰা হৈ পৰিল নতুন সেউজ সৃষ্টিৰ বাবে... এয়াই বহাগ৷ নতুন সৃষ্টিৰ সময় এই বহাগ৷ আমাক ব’হাগে ইয়াকে শিকাই যে শুকান আৰু নিৰস হৈ থকা প্ৰকৃতিক এজাক বৰষুণে সকলো ধুই পুনৰ জীৱনমুখী সজীৱতা আনি দিয়াৰ দৰে আমিও জীৱনৰ সকলো নেতিবাচক চিন্তা আৰু নিঃসংগতা-নিৰাশা-হতাশা ইত্যাদিবোৰ আঁতৰাই কৰ্মমুখী নতুন উদ্যমৰ এজাক সতেজ বৰষুণ হৃদয়ত ধাৰণ কৰি জীৱন বাটত অগ্ৰসৰ হ’লে এদিন নিশ্চয় আমাৰ জীৱনতো ফুলি উঠিব বসন্তৰ ফুলৰ দৰে নতুন নতুন সফলতাৰ ফুল৷ বহাগে সদায় আমাক নতুন সৃষ্টিৰ বাবে জীৱনটো উৎসৰ্গা কৰিবলৈ শিকায়৷ সৃষ্টিৰ বাবেহে এই জীৱন, ধ্বংসৰ বাবে নহয়৷ যিটো জীৱনত সৃষ্টিৰ অনুৰাগ নাই তাত কোনো জীৱন জীয়াৰ মাদকতাও নাই৷ সেয়ে আহকচোন আমি বহাগৰ দৰে সৃষ্টিশীল এক চেতনা লৈ সমৃদ্ধ আৰু সুন্দৰ কৰোঁ এই জীৱন আৰু লুইতপৰীয়া জাতিক৷

বহাগ- এক প্ৰচণ্ড আশাবাদৰ নাম৷ আশাই ধুনীয়া কৰে জীবন৷ আশা এগচি চাকি, যিয়ে নেকি সকলো হতাশাৰ পিছতো জীয়াই থাকিবলৈ মানুহক অন্তৰৰ পৰা প্ৰেৰণা দিয়ে৷ বহাগে আমাক সেয়ে আশাবাদী হ’বলৈ শিকাই৷ চাওকচোন, ফাগুনৰ কঠোৰ পৰশত কেনেকৈ গছবোৰৰ সকলো পাত-ফুল সৰুৱাই নিৰস আৰু উলংগ কৰি পেলায়৷ তেতিয়া এনেহেন লাগে যেন গছবোৰ পুনৰ সেউজীয়া হৈ নুঠিব, পুনৰ নুফুলিব গছৰ ডালত নানাৰঙী ফুল, কিন্তু সেয়া সত্য নহয়৷ শুকান ফাগুনৰ উলংগ গছবোৰৰ মাজে মাজে ফুলি উঠা জুই ফুল যেন পলাশ-শিমলু ফুলবোৰে মানুহক আশাবাদী হ’বলৈ শিকায় এইবুলি যে – এদিন এই ধূলিময় পৃথিৱীৰ বুকুলৈ ৰঙীন বসন্তৰ আগমন ঘটিব৷ নিশ্চয় এয়াই সত্য৷ বহাগে নানাৰঙী ফুল আৰু কুঁহিপাতৰ সম্ভাৰ লৈ প্ৰকৃতিৰ বুকু উপচাই পেলায়৷ আশা আছে বাবেই বহাগ আহিল আৰু পৰিপূৰ্ণ হ’ল শুকান পৃথিৱী৷ আমিও ঠিক এইদৰে আশাবাদী হ’ব লাগে, ঠিক বহাগৰ দৰে৷ এই আশাই একমাত্ৰ আমাৰ জীৱন জ্যোতিষ্মান কৰা উপায়... আমি সেয়ে হাজাৰ হতাশাৰ বিফলতাৰ ধুমুহাৰ পাছতো আশাৰ হেঙুলীয়া চাকিগচি আমাৰ অন্তৰৰ আছুতীয়া কোণত জ্বলাই ৰাখিব লাগে৷ যাতে পৃথিৱীৰ সকলো প্ৰেৰণা শেষ হৈ যোৱাৰ পাছতো তোমাক বা আমাক এই অন্তৰৰ আশাই জীৱনমুখী কৰি তুলিব পাৰে৷ ঠিক এইদৰে যিদৰে শুকান ফাগুনৰ ডালত এদিন নহয় এদিন ৰঙীন বসন্ত জিলিকি উঠিবই... 

বহাগ- নৱ উদ্যম, নৱ সংকল্প আৰু জীৱনমুখী সাধনাৰ নাম৷ সঁচাকৈ বহাগ বুলি ক’লেই বুকুত বাজি উঠে সাতটা নতুন উদ্যমৰ ঢোল৷ বহাগ মানেই এক নতুন সময়৷ নতুন সৃষ্টিৰ বাবে প্ৰয়োজন এক নতুন উদ্যম-উৎসাহ আৰু নতুন সংকল্পৰ... এই সকলো একেলগে সোমাই আছে বহাগৰ বুকুতে৷ ব’হাগৰ এয়া বৈশিষ্ট্যই হয়... বহাগৰ বুকুতে জেতুকাৰ ৰঙাৰ দৰে ৰক্তিম আশা আছে৷ ব’হাগৰ বুকুতে ন-পানী পাই বেগৱতী সোঁতেৰে সাগৰলৈ বৈ যোৱা নদীখনৰ দৰে নতুন জীৱনমুখী উদ্যম আৰু বৈ যোৱাৰ সংকল্প আছে, বহাগৰ বুকুতেই এক কৰ্মমুখী আৰু আনন্দমুখৰ আশাৰ পৰিৱেশ আছে৷ যিবোৰ গুণ এটা সমৃদ্ধিশালী আৰু ঐশ্বৰ্যশালী জীৱনৰ বাবে অতিকে প্ৰয়োজন৷ 

বহাগৰ চোতালতে অসমী আইয়ে নতুন ৰূপত ন-সাজত নিজকে সজাই তুলে৷ বহাগৰ চোতালতে অসমীয়া মানুহে জীৱনটো কৰ্মমুখী সুন্দৰৰ সংস্কৃতিৰে সজাই তুলিবলৈ জেষ্ঠ্যজনৰ পৰা আশীৰ্বাদ লয়৷ বহাগৰ চোতালতে এজনে আনজনক প্ৰদান কৰে স্নেহৰ বিহুৱান৷ য’ত সোমাই থাকে আপোনজনৰ হিয়াৰ সঁচা মৰম, নতুনৰ সপোন, নতুনৰ পণ আৰু নতুনৰ জোনাকী জীবন৷ এয়াই ব’হাগে আমাক শিকাই যোৱা পাঠ৷ নিভাঁজ প্ৰাকৃতিক প্ৰেম, জীৱনমুখী আশা, কৰ্মমুখী চেতনা, নতুনৰ সৃষ্টিৰ বাবে প্ৰয়োজনীয় নতুন উদ্যম, উৎসাহ আৰু নতুন সংকল্প এইবোৰেইতো আমাৰ অক্ষয় অমৃত সম্পদ৷ এটা জীৱন আৰু এটা জাতিক আত্মাৰ মাটিৰ পৰা শক্তিশালী- সৌষ্ঠবশালী-প্ৰগতিমুখী- সংস্কাৰমুখী-প্ৰজ্ঞামুখী কৰি  গঢ়ি তুলিবলৈ এই মানৱীয় অমৃত গুণৰাশিয়ে হ’ব পাথেয়৷ যিটো পাঠ আমাক বহাগৰ এই বাচকবনীয়া পৰিৱেশে শিকায়৷ 

আহকচোন, আমি বহাগৰ এই শিক্ষা অন্তৰত ধাৰণ কৰি নিজৰ জীৱনটোৰ লগতে এই আপোন লুইতপৰীয়া জাতিটোক ভৱিষ্যতৰ সমৃদ্ধিশালী বাটেৰে আগুৱাই নিবলৈ এই বহাগৰ চোতালতে লওঁ পণ৷ তেতিয়াহে ধন্য আৰু ধুনীয়া হ’ব আমাৰ জীৱন৷ লুইতপৰীয়া জাতিৰ নহ’ব অকাল মৰণ৷

অ
লেখকৰ পৰিচয়

অংকুৰণ আৰ্ফ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)