৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মহৌষধ স্বৰূপ

লেখকঃ অমৃত গোস্বামী • প্ৰকাশিতঃ ২১ নৱেম্বৰ, ২০২৩
৬ মিনিট পঠন • ২৫৫১ বাৰ পঢ়া হৈছে

 অমৃত গোস্বামী

 

হালধীয়া ট্ৰেক্টৰেৰে হাবি-জঙ্ঘল ভাঙি, অসমৰ মাজেৰে খনিজ তেল পৰিবাহী ঐতিহাসিক পাইপ লাইনডাল বহুৱাৰ কাম শেষ কৰাৰ পাছৰ কথা এইবোৰ৷ 

দাৱনীবোৰে পথাৰৰ ধান দাই শেষ কৰাৰ পাছত,  আমাৰো বছেৰেকীয়া পৰীক্ষা শেষ হোৱাৰ লগে-লগে, মেজিঘৰ সাজিবৰ বাবে ধানৰ‌ নৰাবোৰ কটাকে আদি কৰি বিভিন্ন অজুহাত একোটা উলিয়াই লৈ, আমিবোৰে পথাৰে পথাৰে ঘূৰি ফুৰাৰ সময় তেতিয়া৷‌ সেই সময়ত তেনেদৰে পথাৰে পথাৰে ঘূৰি ফুৰোঁতে, কেতিয়াবা পথাৰ একোখনৰ মাজত একোডোখৰ অদ্ভূত ঠাই আমি দেখিবলৈ পাওঁ৷ সেইডোখৰ ঠাইত সাধাৰণতে ধান দোৱাৰ পাছত নৰাবোৰ পথাৰৰ অন্যবোৰ ঠাইত থকা নৰাবোৰৰ লেখিয়াকৈ জোঙা হৈ থিয় দি, বা পোনহৈ থকা আমি দেখিবলৈ নাপাওঁ৷ তাৰ পৰিৱৰ্তে সেইডোখৰ ঠাইত নৰাবোৰ মাটিত বাগৰি থাকে, অৰ্থাৎ মাটিৰ লগত প্ৰায় মিলি থাকে৷‌ তদুপৰি দূৰৈৰপৰা‌ ঠাইটুকুৰাত‌ বগা বগা আজিকালিৰ ‘থাৰ্মকল‌’ একোচকলৰ দৰে, চকলা-চকল‌ বগা বগা বস্তু কিছুমানো দেখিবলৈ পাওঁ৷ আকৌ ঠাইটুকুৰাত কলপাতৰ টুকুৰা কেইখনমানো ৰ’দত লেৰেলি অ’ত ত’ত পৰি থাকে৷ কেতিয়াবা ওচৰতে তামোলৰ বাকলিও দুই-এটা সিঁচৰতি হৈ পৰি থাকে৷‌ সেইবোৰ বহু দূৰৰ পৰা লক্ষ্য কৰি কম বয়সীয়া আমিবোৰ এক প্ৰকাৰ ৰোমাঞ্চিত হৈ পৰোঁ৷ নৰাবোৰ চেপেটা লাগি মাটিত শুই থকা দেখিলে এনেহেন লাগে যেন সেই টুকুৰা ঠাইত আগদিনা ৰাতি বনৰীয়া জীৱ-জন্তু কেইটামানেহে নিজৰ মাজতে যুঁজ-বাগৰ কৰিছিল৷ অন্যহাতে আৰ-তাৰ মুখত সেই সময়ত সঘনাই শুনি থকা ভূতখেদা সকামৰ কথাও আমাৰ মনলৈ আহে৷ যেন কলপাতৰ টুকুৰা কেইটা ভূতখেদা গুপুত সকামত ব্যৱহৃত কলপাতৰ টুকুৰাহে, আৰু তামোলৰ বাকলিবোৰ যেন সকামৰ পাছত আন আনসকলে সকামত খোৱা-লোৱা হোৱাৰ পাছত, মুহুদি কৰা তামোলৰ বাকলিহে৷ পুৰোহিত আৰু ঠাইডোখৰৰ ক্ৰমান্বয়ে ওচৰলৈ গ’লে কিন্তু সকলো ভেদ ভাঙি, কথাবিলাক একেবাৰে পৰিষ্কাৰ হৈ পৰে৷ তাত প্ৰকৃততে কোনো‌ জীৱ-জন্তুৱে যুঁজ-বাগৰ কৰা নাছিল! অথবা তাত কোনো দেও-ভূত খেদাৰ সকাম-নিকামো অনুষ্ঠিত হোৱা নাছিল৷ তাত  সহজে অনুমান কৰিব পৰা বেলেগ ঘটনা এটাহে ঘটিছিল৷ 

তাত, আঘোণমহীয়া পথাৰত ধানদোৱা দাৱনী কেইগৰাকীমানে পথাৰৰ মাজত নৰাৰ ওপৰত বহি হাঁহি-মাতি, স্ফূৰ্তি-তামাচা কৰি বতৰৰ ফল ৰবাব টেঙাহে বখলিয়াই খাইছিল৷‌ সেই থাৰ্মকলৰ নিচিনাবোৰ তেখেতসকলে খোৱা কেইবাটাও ৰবাব টেঙাৰ বাকলিবোৰহে৷‌ লেৰেলি যোৱা কলপাতকেইখিলা তেখেতসকলে টেঙা খাবলৈ ব্যৱহাৰ কৰা কলপাত আৰু ৰবাবটেঙা খোৱাৰ পাছত তেওঁলোকে খোৱা তামোলৰ বাকলিহে তাত তেনেদৰে সিঁচৰতি হৈ পৰি আছিল; দেও-ভূতৰ‌ পূজাৰ পাছত পুৰোহিতে খোৱা তামোল-পাণ অৱশ্যেই নহয়৷

আগতে আঘোণমহীয়া ধান দাওঁতে দাৱনীসকলে প্ৰায়েই এনেদৰে পথাৰত, কামৰ মাজতে আঘোণমহীয়া ৰ’দত ৰবাব টেঙাৰ জুতি লৈছিল৷‌

***

যোৱা বছৰ এনেকুৱা দিনত বজাৰৰ পৰা ৰবাব টেঙা দুটা কিনি, খোজকাঢ়ি ঘৰলৈ আহি থকা বন্ধু ঠাকুৰে বাটত লগ পাই, কথা প্ৰসঙ্গত মোক কৈছিল :

“ৰবাব টেঙা মাজে-মধ্যে খাব দেই, গোস্বামী৷‌ ই স্বাস্থ্যৰ বাবে বৰ উপকাৰী৷ খাবলৈও বৰ ভালে লাগে নহয়! আমাৰ ঘৰত বছৰৰ এইকেইটা দিনত বেছ খোৱা হয়, ৰবাব টেঙা৷ ঘৰৰ সকলোৱেই খায়৷”

ৰবাব টেঙা আগতে মোৰো বৰকৈ নহ’লেও, অলপ-অচৰপ খোৱা হৈছিল৷ আমাৰ পুৰণি ঘৰৰ প্ৰায় ঢাপে-ঢাপে লগা ইলা বাইদেউহঁতৰ ঘৰত, বতৰত ৰবাব টেঙা খুব খাইছিল৷ ইলা বাইদেউৰ ভায়েক পুতু আকৌ মোৰ কান-সমনীয়া৷ সেই সূত্ৰে আঘোণ-পুহমহীয়া  স্কুলৰ পৰীক্ষা হৈ যোৱাৰ পাছত, দুপৰীয়া দুপৰীয়া তেওঁলোকৰ ঘৰলৈ মোৰ সঘনাই অহা-যোৱা৷‌ ফুটিয়াই লোৱা ৰবাব টেঙাৰ লগত নিমখ-জলকীয়া-ধনীয়াপাত‌ মিহলাই লৈ, অকণমান মিঠাতেল সানি কলপাতত দিয়া, তেওঁলোকৰ ঘৰৰ সেই মিঠা-টেঙা-ৰসাল ৰবাব টেঙাৰ ভাগ তেতিয়া ময়ো প্ৰায়েই  পাইছিলোঁ৷

এই নতুন ঠাইখনলৈ অহাৰ পাছৰ‌ে পৰা ৰবাব টেঙা খোৱাটো মোৰ যদিও প্ৰায় বাদেই পৰিছিল, যোৱাবছৰ ঠাকুৰে কোৱাৰ পাছৰ পৰা মই আকৌ ৰবাব টেঙা খাবলৈ আৰম্ভ কৰিলোঁ৷‌ যোৱাটো বছৰত সমুদায় মোৰ চাৰিদিন খোৱা হ’ল৷‌ কাতি সোমাইছেহে, আঘোণ অৰ্থাৎ বছৰৰ আচল ৰবাব টেঙা খোৱাৰ সময় বা মাহ এইবছৰ এতিয়াও আৰম্ভ হোৱাই নাই৷‌ মই কিন্তু ইতিমধ্যে খোৱা আৰম্ভ কৰিলোঁৱেই৷‌ স্বাস্থ্যৰ বাবে ইমান উপকাৰী, তদুপৰি খাবলৈও ইমান সোৱাদ লগা, গতিকে এই বছৰত মই ৰবাব টেঙা কেইবাদিনো খাম বুলি মনতে পাঙি থৈছোঁ৷‌

অ’ কথা এটা মই ক’বলৈ পাহৰিছোঁৱেই৷ ঠাকুৰে স্বাস্থ্যৰ বাবে বৰ উপকাৰী বুলি  সেইদিনা মোক কোৱাৰ পাছত, হাজৰিকা দাদাক মই সেই বিষয়ে সোধোঁতে, তেওঁ কৈছিল :

“আপুনি এতিয়াও বৰ কেঁচা হৈ আছেহে’! ৰবাবটেঙা যে স্বাস্থ্যৰ বাবে মহৌষধ‌ আপুনি‌ এতিয়াও সেই কথাটোকে  নাজানে নে?”

হাজৰিকা দাদাৰ কথাত সেমেনা-সেমেনি কৰি থাকিলোঁ যদিও ঘৰলৈ আহি, পাছত মই ইণ্টাৰনেটত ৰবাব টেঙাৰ উপকাৰিতাৰ‌ বিষয়ে অকণমান পঢ়ি ল’লোঁ৷

ইণ্টাৰনেটত পঢ়িহে  নিশ্চিত হ’লোঁ৷ হয় দেই,  ৰবাব টেঙা দেখোন বৰ ভাল বস্তু৷ বৰ ভাল ফল এইবিধ৷‌  আমাৰ ইয়াত প্ৰচুৰ পৰিমাণে পোৱা এই ফলবিধ আজিকালিৰ মানুহৰ মুখত প্ৰায়েই শুনিবলৈ পোৱা,  বাৰটামান ব্যাধিৰ ‘প্ৰতিৰোধক ঔষধ’ৰ নিচিনা৷ এক প্ৰকাৰ মহৌষধ!

সৰুতে প্ৰথম বল খেলিবলৈ  অভ্যাস কৰোঁতে, আমি গুৰিয়াই লথিয়াই এই মহৌষধ স্বৰূপ ফলবিধৰ কম এগাল নষ্ট কৰিছিলোনে৷ তাকে ভাবি এতিয়া কিবা মোৰ প্ৰায়শ্চিত্ত হ’ম যেনহে লাগিছে!!

 

ঠিকনা :

ছাৰ্ভে,  গুৱাহাটী -৭৮১০২৮

ফোন নং : ৯৪৩৫০ ১৪৪৫৫

 

অ
লেখকৰ পৰিচয়

অমৃত গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)