৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

‘চুকাপাইকা’ ৰ কথাৰে!

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ‍ • প্ৰকাশিতঃ ৩০ ডিচেম্বৰ, ২০২২
৯ মিনিট পঠন • ১৮৫১ বাৰ পঢ়া হৈছে

 পংকজ প্ৰতিম বৰদলৈ

 

চুকাপাইকা৷ নামটো পাঠকৰ বাবে চিনাকি নহয়৷ উৰিষ্যাৰ কটক জিলাৰ এখন নদীৰ নাম হৈছে চুকাপাইকা৷ মহানদীৰ উপনৈ এই চুকাপাইকা নদীখন এখন মৃত নদী৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে অলপতে এই নদীখন ‘পুনৰুজ্জীৱিত’ কৰিবৰ বাবে উৰিষ্যা চৰকাৰক এক নিৰ্দেশ দিছে৷ ছমাহৰ ভিতৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজনীয় ধনৰাশিৰ ব্যৱস্থা কৰিবৰ বাবেও নিৰ্দেশ দিছে৷ ১৯৫০ চনত এই নদীখনৰ সম্মুখভাগ বন্ধ কৰি পানীৰ স্বাভাৱিক প্ৰৱাহক বাধা দিয়া হৈছিল৷ প্ৰায় ২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নদীখনৰ সন্মুখভাগ তালাদণ্ডা নলা ব্যৱস্থাৰ নিৰ্মাণৰ সময়ত চুকাপাইকা অৱবাহিকাক বানমুক্ত কৰি ৰাখিবৰ বাবে বন্ধ কৰা হৈছিল৷ নদীখনৰ এই স্বাভাৱিক প্ৰৱাহক বাধা দিয়াৰ ফল অতি সোনকালেই নিকটৱৰ্তী অঞ্চলসমূহত অনুভূত হ’ল৷ এটা বৃহৎ অঞ্চলত ভূ-জলৰ পৰিমাণ কমি গ’ল৷ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্য আৰু পৰিৱেশতো প্ৰভাৱ পৰিল৷ স্বাভাৱিক জলসিঞ্চন ব্যৱস্থাতো প্ৰভাৱ পৰিল৷ বেদখল আৰু জনসংখ্যা বৃদ্ধিয়ে নদীখনৰ অৱশিষ্ট অংশকো প্ৰায় ধ্বংসৰ গৰাহলৈ লৈ গ’ল৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ এই নদীখন ‘পুনৰুজ্জীৱিত’ কৰিবলৈ দিয়া নিৰ্দেশটোৱে এক অতি গুৰুত্বপূৰ্ণ বাৰ্তা ঘোষণা কৰিছে৷ প্ৰথমতে সমগ্ৰ দেশত এনে ধৰণৰ মৃত নদীৰ বিষয়টোক যথাযোগ্য গুৰুত্ব প্ৰদান কৰা হৈছে৷ লগতে ইয়াৰ লগত জড়িত প্ৰাকৃতিক ভাৰসাম্য আৰু জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণৰ দিশটোকো গুৰুত্ব প্ৰদান কৰা হৈছে৷

যোৱা বৰ্ষকেইটাত আমাৰ দেশত বন্যপ্ৰাণী সংৰক্ষণত গুৰুত্ব দিয়া হৈছে আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বিষয়ে ব্যাপক ব্যৱস্থা আৰু চিন্তা-চৰ্চা কৰি থকা হৈছে৷ একে সময়তে শুনি আচৰিত লাগিলেও ক’ব পৰা যায় যে ভাৰতবৰ্ষৰ বহু নদী ইতিমধ্যে ‘বিলুপ্ত’ হৈছে আৰু বহু নদী ‘বিলুপ্তি’ৰ পৰ্যায়ত আছে৷ এইসমূহ নদী প্ৰাকৃতিক ব্যৱস্থাটোৰ এক সৱল আৰু সহায়কাৰী অংগ আছিল আৰু বাঢ়ি অহা জনাসংখ্যাৰ লগত জড়িত বিভিন্ন বিষয় যেনে- কৃষি, পৰিৱহন, উদ্যোগ, মনোৰঞ্জন আদি বিভিন্ন দিশত ব্যাপক সহায় আগ বঢ়াইছিল৷ কিন্তু মানৱজাতিৰ ব্যাপক প্ৰকৃতি অসহিষ্ণুতাই নদীসমূহৰ মৃত্যু অৱশ্যম্ভাৱী কৰি তুলিছে৷  

পৃথিৱীৰ সকলো মহান সভ্যতাই নদীকেন্দ্ৰিক৷ নদী হৈছে মানৱ সভ্যতাৰ হৃৎপিণ্ড৷ নদী একোখনে একোটা ভূ-খণ্ডৰ ইতিহাস, সংস্কৃতি, তথা ঐতিহ্যক প্ৰকাশ কৰে৷ ইয়াৰ লগতে সমগ্ৰ অঞ্চলটোৰ অন্যান্য ক্ষেত্ৰ যেনে- কৃষি, পৰিৱহন, উদ্যোগ, জলসিঞ্চন আদি বিভিন্ন দিশত এটা সহায়ক ব্যৱস্থা হিচাপে কাম কৰে৷ আমাৰ দেশ ভাৰতবৰ্ষ বহু নদীৰ দেশ৷ এতিয়াও আমাৰ দেশত বহু সংখ্যক লোক পোনপটীয়াকৈ নদীৰ পানীকে সেৱন কৰে৷ সেইবাবে নদীৰ পানী পৰিস্কাৰ হোৱাটোও সমানেই জৰুৰী৷ আকৌ ইমানবোৰ নদী থাকোঁতেও ভাৰতবৰ্ষত আহিবলগা দশককেইটাত অত্যধিক পানীৰ নাটনি হ’ব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে৷ গতিকে নদী ব্যৱস্থাৰ সংৰক্ষণ এক অতি প্ৰয়োজনীয় দিশ৷ তথাপি কিন্তু নদীৰ ‘মৃত্যু’ অব্যাহত আছে৷ নীৰৱে হোৱা নদী একোখনৰ এই মৃত্যু লোকচক্ষুৰ অলক্ষিতেই হয়৷ ৰাইজৰ চকুৰ সম্মুখতে সংঘটিত হয় এনে অঘটন৷ বাৰানসীৰ বিখ্যাত অস্সী ঘাট, পৱিত্ৰ অস্সী নদীৰ ঘাট৷ কিন্তু অতি আচৰিত কথা যে, এই অস্সী এখন ‘মৃত’নদী৷ বেদখল আৰু বিভিন্ন অবৈধ নিৰ্মাণৰ কৱলত এই নদী এতিয়া বিলুপ্তপ্ৰায়৷

 আমাৰ ৰাজ্যৰ বৃহত্তম মহানগৰী গুৱাহাটীৰ সোঁমাজত থকা ভৰলু আৰু বাহিনী নৈৰ কোন কাহানিবাতেই মৃত্যু হ’ল৷ খাচীয়া পাহাৰৰ পৰা বৈ অহা ভৰলু নৈ বাহিনী আৰু বশিষ্ঠ নামেৰে দুখন সৰু নৈ হৈ বৈ গৈছে৷ দীপৰ বিল অভিমুখে বশিষ্ঠ নদী আৰু গুৱাহাটী চহৰমুখী হৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ বাহিনী নৈ৷ সমগ্ৰ গুৱাহাটীৰ পানীভাগ প্ৰকৃততে এই বাহিনী নৈয়ে কঢ়িয়াই নি ব্ৰহ্মপুত্ৰত পেলাবগৈ লাগে৷ কিন্তু বৰ্তমান ভৰলু আৰু বাহিনী দুটা বিয়াগোম নলাত পৰিণত হৈছে আৰু অপৰিকল্পিত উন্নয়ন আৰু নগৰীকৰণৰ হেঁচাত এই দুখন নদীয়ে উশাহ সলাব পৰা নাই৷ এই দুখন নদীৰ অস্তিত্বই গুৱাহাটীত এজাক বৰষুণতে হোৱা পানীৰ সমস্যা বহু পৰিমাণে সমাধা কৰিলেহেঁতেন৷ ভৰলু নদীৰ যে কেতিয়াবাই মৃত্যু হ’ল তাৰ উপযুক্ত উদাহৰণ হ’ল নদীখনৰ এছোৱাক এতিয়াও ‘মৰা ভৰলু’ বুলি কয়৷

 গুৱাহাটীবাসীৰ ‘বদান্যতাত’ ইতিমধ্যেই ভৰলুৱে দেশৰ ৭১ সংখ্যক প্ৰদূষিত নদীৰ ‘সন্মান’ লাভ কৰিছে৷ ভৰলু আৰু বাহিনী নদীৰ এই ‘অপমৃত্যু’ গুৱাহাটীৰ স্বাভাৱিক প্ৰাকৃতিক ভাৰসাম্যৰ বাবেও এক ভাবুকি৷ একেই দশা নগাঁৱৰ কলং নদীৰ৷ একেই দশা যোৰহাটৰ টোকোলাই বা তৰাজান নদীৰ৷ চহৰীয়া নদীসমূহৰ এনে ‘মৃত্যু’ বৰ্তমান অসমৰ প্ৰায়বোৰ চহৰতে সুলভ৷     

বেদখল হৈছে এই নদীসমূহৰ ‘মৃত্যু’ৰ অন্যতম প্ৰধান কাৰণ৷ ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি পাই আহিছে৷ একে সময়তে বৃদ্ধি পাইছে চহৰীকৰণ প্ৰক্ৰিয়া৷ ইয়াৰ ফলত বৃহৎ চহৰসমূহলৈ প্ৰব্ৰজন কৰিছে দূৰ-দূৰণিৰ চহৰ আৰু গাঁৱৰ জনতাই৷ ভাল ব্যৱসায়, ভাল চাকৰিৰ আশাত অহা এনে প্ৰব্ৰজিত লোকসকলে নদীসমূহৰ পাৰত আৰম্ভ কৰিছে বাসস্থান বা বিভিন্ন বেপাৰ-বাণিজ্য৷ এনে অত্যধিক জনসংখ্যাই ধীৰে ধীৰে নদীসমূহৰ পাৰত গঢ়ি তুলিছে স্থায়ী বসতি (বস্তি) আৰু আৰম্ভ হৈছে বেদখল৷ একে সময়তে চলি থকা নগৰীকৰণৰ পৰা উদ্ভূত ব্যাপক আৱৰ্জনা আৰু আন আন ৰাসায়নিক পদাৰ্থই এই নদীসমূহৰ স্বাভাৱিক গতি আৰু বিকাশক বাধা দিছে৷ ফলস্বৰূপে নদীসমূহৰ স্বাভাৱিক বহনক্ষমতা বিঘ্নিত হৈছে৷ ফলস্বৰূপে একোজাক সৰু বৰষুণতো এইসমূহ নদীৰ পাৰ পানীৰে উপচি পৰিছে৷ ভাৰতবৰ্ষত বৈজ্ঞানিক আৰু পদ্ধতিগত আৱৰ্জনা নিষ্কাশন ব্যৱস্থা এটা সুলভ হৈ নুঠিলে আৰু কিমান যে নদী ‘শ্বহীদ’ হ’বগৈ তাৰ সীমা-সংখ্যা নাই৷

 আহিবলগা সময়ত ভাৰতৰ চহৰসমূহৰ বাবে নদী ব্যৱস্থাৰ এই ‘পতন’ এক ভাবুকি হৈ ঠিয় দিব৷ বৰ্তমান সময়ত দেখা গৈছে যে ভাৰতৰ যি এক নদী প্ৰদূষণ নিষ্কাশন ব্যৱস্থা সি মূলতঃ ভাৰতৰ মূল নদীসমূহক লৈয়ে চলি আছে৷ গঙ্গা, যমুনা আদিৰ পৰিস্কাৰৰ বাবে প্ৰদূষণ মুক্ত কৰাৰ বাবে চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে৷ একে সময়তে কিন্তু সৰু সৰু চহৰৰ সৰু সৰু নদীক লৈ চৰকাৰে একো চিন্তা কৰা নাই৷ স্থানীয় প্ৰশাসনে দুই-এঠাইত অলপ এনে কাম কৰি সফলতা পাইছে যদিও সেয়া যথেষ্ট নহয়। আকৌ জনসাধাৰণৰ মাজত  সজাগতাৰ অভাৱে এনে বহু চেষ্টাকো নষ্ট কৰি তুলিছে৷ উত্তৰ প্ৰদেশৰ ফটেহপুৰ জিলাৰ ‘ছচুৰ খাদেৰী’ আৰু  পাঞ্জাৱৰ  ডোৱাব অঞ্চলৰ ‘কালি বেইন’ নদী দুখনক স্থানীয় প্ৰশাসনে ‘পুনৰুজ্জীৱিত’ কৰি সফলতা লাভ কৰিছে৷ ভাৰতবৰ্ষত আঁচনি গ্ৰহণ আৰু আঁচনিৰ সফল ৰূপায়ণৰ মাজত থকা ব্যাপক বিসংগতি আৰু অপৰিমিত সময় খৰচ কৰাটোৱে নদী সংৰক্ষণৰ দৰে এক অতি প্ৰয়োজনীয় বিষয়কো গুৰুত্বহীন কৰি পেলাইছে৷ নদী সংৰক্ষণৰ এক মূল দিশ হৈছে সময় মতে এই সংৰক্ষণ হোৱাটো৷ সময় পাৰ হৈ যোৱা মানেই এনে নদীৰ আয়ুস আৰু কমি যায়৷ 

ভাৰতবৰ্ষৰ নদী ব্যৱস্থাটোৰ সংৰক্ষণ আন বহু প্ৰায়োগিক কাৰণৰ বাবেও প্ৰয়োজনীয়৷ নদীসমূহৰ যোগেদিয়ে ভাৰতৰ  শক্তিখণ্ডৰ যি দুৰ্বলতা আছে তাক উন্নত কৰিব পৰা যায়৷ ইতিমধ্যে নদীত উপঙি থকা ছ’লাৰ পেনেলৰ পৰা শক্তি উৎপাদন কৰাৰ ব্যৱস্থা কলিকতাৰ ৰাজৰহাট অঞ্চলত কৰা হৈছে৷ আনহাতে উপযুক্ত সংৰক্ষণৰ যোগেদি এই নদীসমূহৰ যোগেদি ব্যৱসায়িক পৰিৱহন আদিৰ ব্যৱস্থা কৰিব পৰা যায়৷ যি চহৰীয়া যান-জঁটৰ পৰাও বহুখিনি মুক্তি দিব পাৰিব৷ একে সময়তে এই নদীসমূহে অঞ্চল একোটাৰ জলবায়ু আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত সহায় কৰাৰ লগতে অঞ্চলভেদে থকা জৈৱ-বৈচিত্ৰ্য আৰু স্থানীয় মৎস্য প্ৰজাতি বা আন জলজ জীৱৰো সংৰক্ষণ কৰিব৷ প্ৰণালীৱদ্ধ উন্নয়ন আঁচনিৰ অংশস্বৰূপে এনে নদী ব্যৱস্থাই চহৰীয়া সৌন্দৰ্যবৰ্ধন আৰু জীৱনশৈলীৰ মানৰ উন্নতিতো সহায় কৰিব৷

প্ৰকৃতিৰ এক অন্যতম প্ৰয়োজনীয় দ্ৰব্য হ’ল পানী৷ পানীৰ অবিহনে এই প্ৰকৃতিৰ ৰূপ-লাৱণ্য অকল্পনীয়৷ লক্ষ লক্ষ জলজ প্ৰাণীৰে পৰা বন্যপ্ৰাণীসমূহৰ জীৱন নিৰ্ভৰশীল নদীৰ ওপৰত। পানীৰ এই গুৰুত্বক নদীৰ বাদে আন কোনে বুজি পাব৷ নদীৰ গতিৰ লগে লগে একো একোটা শক্তিশালী সভ্যতা গঢ় লৈ উঠাৰ কথা ইতিহাসেও কয়। একোখন নদীয়ে নিৰৱধি বৈ গৈ থাকি কেৱল দেশ, ইতিহাস, সমাজ আৰু সভ্যতাৰ কথাকে নকয়; ই জীৱন প্ৰণালী আৰু বৰ্তমানৰ প্ৰয়োজনীয়তাকো দোহাৰে৷ ‘জীৱিত’ ‘সুস্থ-সবল’ নদী এখন এটা সুস্থ সভ্যতাৰো পৰিচায়ক৷ গতিকে চৰকাৰ, আঁচনি নিৰ্মাতা, ৰাইজ সকলোৱে মিলি থকা নদীসমূহৰ প্ৰকৃত সংৰক্ষণ আৰু ‘মৃত’ নদীবোৰৰ সম্ভৱপৰ পুনৰুজ্জীৱনৰ বাবে চেষ্টা কৰা উচিত৷ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত নিশ্চয় তেতিয়াহে সুৰক্ষিত হৈ থাকিব৷ ‘চুকাপাইকা’ এটা আদৰ্শৰ নাম হওক৷ অসমৰ ‘মৃত’নদীবোৰেও কৰ্তৃপক্ষৰ আৰু ৰাইজৰ উপযুক্ত দৃষ্টি লাভ কৰক অনতিপলমে৷

প
লেখকৰ পৰিচয়

পঙ্কজ প্ৰতিম বৰদলৈ‍

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সংৰক্ষণ নীতিৰ ৭৫ বছৰ
পংকজ প্ৰতিম বৰদলৈ • ১ আগষ্ট, ২০২৬
ঐতিহ্যৰ স্বগৃহলৈ প্ৰত্যাৱৰ্তন
পংকজ প্ৰতিম বৰদলৈ • ৩০ জুন, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)