৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কি লিখি থৈ যায়

লেখকঃ অৰ্চনা পূজাৰী • প্ৰকাশিতঃ ২৫ ফেব্ৰুৱাৰী, ২০২৫
১ মিনিট পঠন • ৩৫০৯ বাৰ পঢ়া হৈছে

অৰ্চনা পূজাৰী

বিধাতা বোলাজন কোন

কপালত কি লিখে তেওঁ

নানা মুনিৰ নানা মত

পতিয়ন যায় কিদৰে

কপাল চপৰিওৱাজনক দেখি

এবাৰ ভাবোঁ  কপালখনকে খান্দি চাওঁ নেকি

আঁকুহি-বাকুহি ভিতৰখনকে মেলি চাওঁ

কি লিখে কেনেকৈ লিখে সেইজনে

কথাবোৰ লিপ্যন্তৰ কৰিব পাৰিনে

বেলি উঠা কপাল এখনত

যেতিয়া কুলাই-পাচিয়ে নধৰা দুখ দেখোঁ

মনৰ মাজত হাজাৰ প্ৰশ্নৰ  ভিৰ

বণিজ বেহোৱাজনে কপাল ফুলাৰ

ৰমৰমীয়া ব্যৱসায় কৰি কোৰোণাৰে চপাই আনে কপালবোৰ

ফুটা কপাল বোলাজনে

ফুটগধুলিৰ পৰাই দেও পাৰি মৰে

গধুলিৰ পৰা ৰাতিলৈ  আগবাঢ়ি  গৈ গৈ  আন্ধাৰৰ উচ্চতা বাঢ়ে

শিলৰ কপালেৰে যেতিয়া পানী বয়

শিলতে মূৰ আফালে সিহঁতবোৰে ৷৷

অ
লেখকৰ পৰিচয়

অৰ্চনা পূজাৰী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)