৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অ-ফলাৰ পদ্য

লেখকঃ গীতাঞ্জলি বৰকটকী ভাগৱতী • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২০
১ মিনিট পঠন • ৪০৫৭ বাৰ পঢ়া হৈছে

গীতাঞ্জলি বৰকটকী  ভাগৱতী

অ-ই ক’লে অসমৰ অকণ-অকণি আমি
আ-ই বোলে ফাকুৱাত আবিৰ লওঁ সানি।
ই-এ সোধে ইকৰাৰে ভেলাঘৰ সাজে নে নাসাজে
ঈ-এ বোলে ঈশ্বৰে লুকাভাকু খেলে নে নেখেলে?
উ-এ সোধে উটত উঠি মৰুভূমি চাবা নে নোচোৱা
ঊ-এ ক’লে ঊষা-অনিৰুদ্ধৰ কাহিনীটো কোৱা।
ঋ-এ বোলে ঋষি থাকে আশ্ৰমত ঋক্ জপ কৰি
এ-ই ক’লে এদিনত কেইঘণ্টা, চোৱাচোন ঘড়ী।
ঐ-এ বোলে ঐৰাৱত দেখি ভয় নাখাওঁ আৰু
ও-এ কয় ওখ ওক গছৰ পাত  ছিঙিব নোৱাৰো।
ঔ-এ বোলে ঔ-টেঙাৰ চকলা খাওঁ নিমখ সানি
অ-ফলাৰ আখৰ পঢ়ি নাপাওঁ আমনি৷

 

ঠিকনা:

বি.ভি.এফ্. চি.এল্. উচ্চতৰ মাধ্যমিক বিদ্যালয়
নামৰূপ, শাখা-গ
ডাক:  পৰ্বতপুৰ, জি‍লা: ডিব্ৰুগড়, অসম
গ
লেখকৰ পৰিচয়

গীতাঞ্জলি বৰকটকী ভাগৱতী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)