৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মই ফিনিক্স পখী বিচাৰি পালোঁ

লেখকঃ পাৰ্থ প্ৰতিম ৰাজকোঁৱৰ • প্ৰকাশিতঃ ২৬ ফেব্ৰুৱাৰী, ২০২২
২ মিনিট পঠন • ২৭০৭ বাৰ পঢ়া হৈছে

পাৰ্থ প্ৰতিম ৰাজকোঁৱৰ

 

Ah women, i do not know how you could contain me

in the earth of your soul, in the cross of your arms

                                           - Pablo Neruda

 

মই মোক বিচাৰি একাকাৰ কৰিছিলোঁ 

নামঘৰৰ ছাঁ

নিৰ্জন পথাৰ 

আৰু কেকটাছৰ বাগিচা :

বনৰীয়া চৰায়ে সুহুৰিয়াই যোৱা বাট আৰু 

বাটৰ শেষত পোৱা জতুগৃহৰ শেহৰটো কোঠাও :

মই জনা নাছিলোঁ মই মোক ক'ত হেৰুৱাইছিলোঁ!

 

ৰ'দে উৰুৱাই নিয়া এটা আবেলি মই হেৰাই গৈছিলোঁ  

নে মই মোক এটি ব্যাধিৰ হাতত এৰি দিছিলোঁ 

জুই ছাই ধোঁৱা হ'বলৈ

বুজা নাছিলোঁ;

নুবুজাকৈয়ে

মই বিচাৰিছিলোঁ মোৰ ঠিকনা। সেমেকা পিছল বাটত পৰি কঁপিছিল মোৰ আন্ধাৰ চেতনা। 

 

আইজনী, 

বেদনা-বিধ্বস্ত -বিপৰ্যস্ত স্মৃতি লৈ এনেকৈ 

কিমান দিন ওলমি আছিলোঁ কি ঠিক

কত মুহূৰ্তৰ প্ৰাৰ্থনা হেৰাই গৈছিল অনুৰ্বৰ অতনু সোঁতত

তোমাৰ নিস্তৰংগ চাৱনিৰ অপূৰ্ব আকুল এটি ক্ষণত।

 

মই মোক বিচাৰি আছিলোঁ 

মই মোক পোৱা নাছিলোঁ 

আইজনী

মই দেখা নাছিলোঁ ছায়াঘন বনৰীয়া বিমৰ্ষ ছাঁৰ মাজতো

দুখনি শেঁতা জীৰ্ণ বুকুৰ অভেদ্য বান্ধোন।

মই মোক অবাবতে বিচাৰি ফুৰিছিলোঁ ।

  ---

 



ঠিকনা :
লাকুৱা৷
7002171812

 

প
লেখকৰ পৰিচয়

পাৰ্থ প্ৰতিম ৰাজকোঁৱৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)