ৰাতিৰ অতলত নিঃশব্দে মাৰ যায়
ধৰ্ষিতা অৰণ্যৰ কৰুণ আৰ্তি
আৰু মোৰ ভালপোৱাৰ পৃষ্ঠভূমিত
সংগোপনে বাঢ়ি আহে এটা চেগুন পুলি—
ক্ৰমে মোৰ তেজত বিয়পি পৰে
তাৰ সন্ধানী বীক্ষা,
সৃজনৰ আকুল আৱেগ
অনুচ্চাৰিত অলেখ শব্দৰে
আমি বিনিময় কৰোঁ বহু যন্ত্ৰণাৰ অন্তৰ্পাঠ
(যাক মই কোনো হৰফেৰে কবিতা কৰিব পৰা নাই)
মোৰ ভালপোৱাৰ পৃষ্ঠভূমিত
প্ৰতিজ্ঞা পূৰণৰ দুৰ্বাৰ আকাংক্ষা লৈ
বাঢ়ি আছে এটা চেগুনৰ পুলি
মানুহৰ অন্তহীন লালসা আৰু
শঠতাৰ হাতোৰাই চুব পৰা নাই
তাৰ চেতনাৰ চূড়া
প্ৰজ্ঞাৰ দ্যুতিৰে সি ক্ষমা কৰি দিছে
আত্মম্ভৰী মানুহৰ মহামূঢ়তাক
যাৰ বাবে তাৰ মায়াময় ছায়াত বহি
পৃথিৱীৰ সবাতোকৈ হতভাগাজনেও
পূৰ্ণ কৰিব খোজে জীৱনৰ অপূৰ্ণ স্বপ্ন
ৰংহীন সময়ৰ বুকুতো লিখিব খোজে
অজেয় প্ৰেমৰ দুশাৰী কবিতা
মোৰ ভালপোৱাৰ পৃষ্ঠভূমিত
উন্মুখ আশাৰ এছাটি পোহৰ হৈ
বাঢ়ি আহে এটা চেগুন পুলি
দূৰৈত পখীৰ কলৰৱ…
মোৰ ভালপোৱাৰ পৃষ্ঠভূমিত
লেখকঃ
উদয় কুমাৰ বৰুৱা
•
প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২৩
২ মিনিট পঠন
•
৭৩৬ বাৰ পঢ়া হৈছে
উ
লেখকৰ পৰিচয়
উদয় কুমাৰ বৰুৱা
অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।
এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)
মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)