৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

দুপৰীয়া দুচটা ৰূপালী ডাৱৰৰ টুকুৰা

লেখকঃ দেৱাশিস বুঢ়াগোহাঁই • প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২৩
২ মিনিট পঠন • ৩৪৪৩ বাৰ পঢ়া হৈছে


তৰাং পুখুৰীটোৰ সিপাৰে
বাঁহনিজোপাৰ গুৰিতে বহি আছে
উদং এটা দুপৰীয়া৷

এইপাৰত এজুপি বালিচঁহীয়া বগৰী
বগৰীজোপাই বেঙা মেলি মেলি চাই
বতাহত উৰি ফুৰা ল’ৰাজাক
বল খেলিবলৈ আহিছে বা নাই!

গা চমচমোৱা দুপৰ
জিলিৰ ঝিলিক দুপৰ
শুকান পাতৰ খৰমৰণি— ৰাতিৰ পিশাচ, দুপৰৰ যখিনী, বিলৰ বাঁক
হাবিত হাঁহে ওলাই নাহে

খেৰণি খেৰণি বিতোপন খেৰণি
খেৰণিতে লাহ দিয়া বেলি
আবেলি-আবেলি-আবেলি
পথাৰত প্ৰাক-যৌৱনা শচীন ব্ৰেট লী
বাঁহপাতৰ মাজেৰে বেট-বল চোৱা দুজনী যখিনী

আধা কোৱা গল্পটো তুমি ওঁঠৰপৰা টানি আনিলা আৰু
চুমা এটাক বাউসীত ধৰি বহুৱাই দিলা
এই যেন মই উটি যাওঁ, উৰি যাওঁ
তোমাৰ খিল খিল হাঁহি— এতিয়াও পিশাচ, যখিনী, বাঁক আছেনে তাত?

কিনো কওঁ, কিনো নকওঁ
খেৰণিখনত শেষৰবাৰ হাৰিয়া কাটিবলৈ অহা মানুহজাকে কৈছিল
আটাইবোৰ ভূত ভাড়াত থকাকৈ নগৰলৈ আহিল,
প্ৰতিটো জুইশলীয়া বিল্ডিঙত সিহঁতৰ নিগাজী বসতি৷
নক’লোঁ...

সুধিলোঁ
মেঘৰ ফাঁকেৰে ৰিণি ৰিণি দেখা আনটো চুবুৰি‍ত
তুমিনো সেই দুপৰীয়াবোৰত কি কৰি আছিলা?
আছিলোঁনে মই তন্দ্ৰালস ভাবনাত

কথা চলি থাকে
দুচটা ৰূপালী মেঘ চাপি চাপি যায়
ভূতবোৰে আৰু আসৈ নাপায়৷

আমাৰ জুইশলীয়া বিল্ডিংটোৰ বাহিৰত তেতিয়া এটা নগৰীয়া দুপৰীয়া৷



* হাৰিয়া— গাঁৱৰ সামূহিক শ্ৰমদান প্ৰথাটোক বুজাবলৈ ব্যৱহৃত৷

দ
লেখকৰ পৰিচয়

দেৱাশিস বুঢ়াগোহাঁই

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)