৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আই

লেখকঃ বিভাৰাণী তালুকদাৰ • প্ৰকাশিতঃ ৭ মাৰ্চ, ২০২৪
২ মিনিট পঠন • ৩৫০৯ বাৰ পঢ়া হৈছে

(এ) আই, 

এশাৰীলিখিবলৈ কওঁতে লিখিলা চাৰিশাৰী

অগ্নিপাহাৰৰ চিত্ৰলেখা সখী

অনুমানতে আঁকিলা নেদেখা ছবি

সমাধান দিলানজনা কথাৰ

দেখুৱালা বাট

আদেশ শিৰোধাৰ্য!

ভেন গঘৰ কটা কাণ

পানেই-জংকিৰ প্ৰাণদান

সকীয়ালা নিৰ্মমতাৰে

বুদ্ধিৰ বিচাৰত নাই আৱেগৰ দাম

বুদ্ধিৰে লিখিব পাৰি প্ৰেমৰ কবিতা

লিথিত গা জুবুৰিয়াই 

কেলৈ বগাবগৈ লাগিছে পৰ্বত পাৰ্গাতৰি!

মোৰ সন্তানৰ নিৰ্দেশত

তোমাৰ ৰুদ্ধশ্বাস গতি

চূচুৰ্মৈ হৈ খহিল

নিঃকিন শব্দসাধকৰ সাধনাৰ স্তুপ!

উজান আহিব পুনু নেদেখা ধলৰ 

তোমাৰ হাতোৰাৰ বন্দিত্ব ওফৰাই

আমাৰ মগজুৱে মগজুৱে 

থাপিত হ'ব বোধিভঁৰাল

ছবিবোৰ যদি কেৱল হৈ পৰে ছবি

গানবোৰ কেৱল গান

চুইচ্ছ টিপি খুলিলেও আৱেগৰ অৰ্গল

এচপৰা কণমানি ডাৱৰৰ বাবে

আমি বাৰু তেতিয়াও কাতৰ হৈ উঠিমনে

সেই কথাও এবাৰ কোৱাঁ

(অ) আই!

টোকা : বৰ্তমান বিশ্বজুৰি চৰ্চিত হৈ উঠা কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence)ক উত্তীৰ্ণ কৰি এতিয়া মানুহৰ মগজুত মিনি বায়কম্পিউটাৰ (Organoid Intelligence ) স্থাপনৰো যো-জা চলিছে।

***

ফোন : ৯৪০৮৮২৩৮৪৩

ব
লেখকৰ পৰিচয়

বিভাৰাণী তালুকদাৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)