৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এপোৱা

লেখকঃ দ্বীপৰাজ • প্ৰকাশিতঃ ২৮ মাৰ্চ, ২০২৪
২ মিনিট পঠন • ১৪১০ বাৰ পঢ়া হৈছে

দ্বীপৰাজ

এয়া ভাগ ভাগ কৰি কৰি

কাটি-কুটি ভগাই মেলি হিচাপত এপোৱা

আমি চাৰিভাই

কিলোৰ চাৰিভাগ

বৰজনাৰ কেইবামহল

তাৰ পিছে পিছে ককাইদেউৰ চাৰিখন গাড়ী

তলৰজনা ডাক্তৰ ৷ আৰু মই 

তিনিটা কোণৰ পৰা চাপি অহা কেইটামান শুকান বৃত্ত৷

এসেৰ, দুসেৰ এডোণ - দুডোণ

আইৰ কাণৰ এযোৰ হাতৰ এযোৰ, পাটে-মুগাই দুযোৰ

পিতাইৰ পুৰণি ছাটিটো, হাতঘড়ী আৰু লাখুটিডাল৷

মোৰ লগত ঘৰলৈ খোজকাঢ়ি আহিল আধাভগা ছাটি আৰু কণাৰ লাখুটি

খোজত এটা চিনাকী কাহ আৰু পকা তামোলৰ মলমলীয়া গোন্ধ

হওঁতে ডাঙৰ হ’লোঁ বাঁহৰ চাঙতেই

নঙঠা হৈ সাঁতুৰিছিলোঁ একেটা খালতেই

শাওণৰ পথাৰে ভৰি দুটা জপতিয়াই ধৰোঁতে কি জানো গোন্ধ পালোঁ

বুকুখন  মোচৰাই থ’লোঁ

আমি চাৰিটা তাতেই ভাগ হ’লোঁ ৷

এদিন পুৱা সিহঁত চহৰলৈ উৰিল আৰু মই পথাৰত পৰিলোঁ৷ কেঁচা ধানৰ গাখীৰ গাখীৰ গোন্ধত চিৎ ভেলেঙা খাই পৰি ৰ’লোঁ ধান খাবলে অহা চৰাইজাক চাবলে’

পকা ধানৰ ইমানবোৰ বটা হুৰালোঁ

আই-বোপাইৰ মৃত্যুক হুৰাব নোৱাৰিলো

ঘৰ ভৰিল সঁচা

এইবাৰ তুলাচনীত ওলমি থাকিল আমাৰ শৈশৱ

এপোৱা দুপোৱাকৈ বস্তুবোৰ ভাগ হ’ল

বাৰীখন চাৰিটুকুৰা

খালটোত চাৰিটা বৰ্গ

এডোণ - দুডোণ   এপোৱা - দুপোৱা

এইটো ভাল ... এইটো মোৰ

মোৰ ওচৰত কোনো নাছিল

মাথোঁ সময়ে এজাক বতাহ হৈ আহি কাণে কাণে কৈ আছিল -

মৃত্যুৰ পাছত কেইপোৱা !

ভৰিত ?

শিতানত ?

দ
লেখকৰ পৰিচয়

দ্বীপৰাজ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)