৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মঞ্চত এখন নাটক

লেখকঃ অৰ্চনা পূজাৰী • প্ৰকাশিতঃ ২৮ মাৰ্চ, ২০২৪
৪ মিনিট পঠন • ২৬৩১ বাৰ পঢ়া হৈছে

অৰ্চনা পূজাৰী

 

মঞ্চত নাট্যকাৰ অৰুণ শৰ্মাৰ আহাৰ  নাটকখন  আৰম্ভ হৈছে

নবীন, নলিনী, ধীৰেণৰ মুখত উচ্চাৰিত হৈছে প্ৰেমৰ নতুন সূত্ৰ

***

“প্ৰেম এগিলাছ মদ” – এজনে সংলাপ নিক্ষেপ কৰিলে

প্ৰত্যুত্তৰত আন এজনে ক’লে –

নহয় নহয় প্ৰেম হ’ল – “চে’কবহীৰ এখিলা পাত।”

তৃতীয়জন অভিনেতাই ক’লে –

প্ৰেম প্ৰকৃতাৰ্থতে “ ৰিভলভাৰৰ এটা শব্দ।”

শ্ৰোতা-দৰ্শকৰ কৰ্ণকুহৰত সংলাপবোৰ ঠহৰ ঠহৰকৈ বিন্ধিলে

প্ৰতেকেই চকু কপালত নচুৱাই ভাবিলে

ই কি প্ৰেমৰ নতুন স্বৰূপ

উদ্ভট, উদ্ভট,  চৰিত্ৰ, চিন্তা সকলো উদ্ভট

ডাণ্টেৰ স্বৰ্গীয় প্ৰেমৰ ৰেশ

নিমিষতে উৰি গুচি গ’ল

                                                ***

দৰ্শকবোৰো লাহে লাহে মঞ্চলৈ উঠি গ’ল

এজনে আনজনলৈ হাত আগবঢ়াই দিলে

খাওক, এগিলাছ প্ৰেম পি খাওক

নিচা হ’ব

সময় কাটিব

নহ’লে  নহ’লে...


এইবুলি নাটকীয় ভংগীত গদ্গদ স্বৰেৰে কৈ উঠিল

ওজন থকা সংখ্যা কিছুমান

বেংকৰ চে’কবহী উলিয়াই

পাতে পাতে লিখি দিয়ক

সিও যে আন এক ধৰণৰ প্ৰেম

য’ত আধুনিক মনবোৰ নিচাগ্ৰস্ত হয়

                                                ***

নহ’লে, নহ’লে ট্ৰিগাৰত হাত থৈ

ফুচফুচনিৰ দৰে অথবা 

খৰমৰণিৰ দৰে

অথবা কাণৰ কাষত সামান্য সুৰসুৰণি  তুলি

পাৰ কৰি দিয়ক কিবা এটা

                                                ***

অভিনৱ সংলাপ

অভিনৱ বাস্তৱ

                                                ***

অনুতাপত দগ্ধ হোৱাৰ আগতেই

সমাধি ৰচক

আঁঠু লওক

সিওযে আন এক প্ৰেমৰ নাটক

একোপাহি বগা ফুলেৰে সমাধি সজাই তোলক

                                                ***

দৰ্শকৰ মাজত সামান্য মনোমালিন্য

এজনে আনজনক ক’লে

জানেনে আজিৰ পৃথিৱীৰ সুচল বেহা  কি

লেনদেন কৰক

লেনদেনত হয় প্ৰেমৰ দৰৰ উঠানমা  আৰু প্ৰেমৰ বেছা-কিনা ৷৷

                                                ***

ভ্ৰাম্যভাষ :  ৯৪৩৫০১৪৭০৬

অ
লেখকৰ পৰিচয়

অৰ্চনা পূজাৰী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)