৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভগা বীণৰ বিনয়ী তাঁৰ

লেখকঃ অৰ্চনা ঠাকুৰীয়া • প্ৰকাশিতঃ ২২ ফেব্ৰুৱাৰী, ২০২৬
১ মিনিট পঠন • ৪২১০ বাৰ পঢ়া হৈছে

অৰ্চনা ঠাকুৰীয়া

 

ব’ৰাগীৰ বীণে বিনালে

সৰুজুৱে উচুপি উঠে

মেঘবোৰে পাহাৰখন সাৱটি 

জীৱনৰ ৰচনা পঢ়ে

 

গোকুলৰ বকুলে কাৰবাবে মালা গুঠে

গন্ধৰ্বৰ গণপতি-গপচত পুলকিত হয়নে

বাটৰুৱাৰ  গাভিনী- হৃদয়...

 

কথাবোৰ আচৰিত যদিও চিন্তনীয়!

 

কবিতা প্ৰসৱিত হোৱাৰ ঠিক পাছতেই হেনো

মৰি থাকে কবিজন

বেমাৰ – অহংকাৰ

কবিতা কবিৰ তাড়না

ঢোল বজোৱাটোহে স্ব-প্ৰতাৰণা

 

মোক বাৰু এতিয়া কোনে মাতিছে

শুনাচোন !

বেৰখন মজবুতকৈ বন্ধা যদিও

কোলাহলবোৰ বাঢ়ি আহিছে

 

ব’ৰাগী অ’, তোৰ খোজৰ চিনত দেখোন 

অলেখ খোজৰ চাকনৈয়া

তই বীণ নবজালেও বিৰহৰ বেণুৱে

মোৰ বুকুত সিচে বৈষ্ণৱী- মায়া

 

একো নহয় দে

টোকোৰাই দেচোন তোৰ ভগা বীণৰ বিনয়ী তাঁৰ

 বীণে বিনালে

সৰুজুৱে উচুপিব

মেঘবোৰে পাহাৰখন সাৱটি 

জীৱনৰ ৰচনা পঢ়িব

অ
লেখকৰ পৰিচয়

অৰ্চনা ঠাকুৰীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)