৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ছাতি ফুলা বতৰ

লেখকঃ নীলাভ সৌৰভ • প্ৰকাশিতঃ ৬ জুলাই, ২০২৩
৩ মিনিট পঠন • ২৩১০ বাৰ পঢ়া হৈছে

ছাতি ফুলিবলৈ বতৰ লাগে

শীতত নুফুলিলে ইমান একো ক’ব লগা নাথাকে

কেৱল নপৰে

পৃথিৱীখন যদি ঘুৰি আছে তলৰপৰা ওপৰলৈও উঠে বৰষুণ

কেৱল নপৰে প্ৰেমতো

প্ৰেমত যদি ঘুৰি আছে ভূমণ্ডল প্ৰেমত উঠেও মানুহ

দুৱাৰ খিৰিকি খুলি থ’লে জাৰৰ দিনৰ বৰষুণত কঁপি উঠে মজিয়াৰ মেকুৰী উম

কুকুৰা চৰাইৰ ঘৰ

জপাই থ’লে নেদেখি পৃথিৱীৰ ৰোমান্তিক ৰং

কাঁচৰ দুৱাৰ খিৰকি নথকা আধুনিকতাই ঘাঁ ইলেক্ট্ৰনিক বৰষুণ পৰি জাতিলাউৰ পৃথিৱীত

এখন কাঠৰ, লগতে এখন কাঁচৰ, লগতে এখন নেটৰ, লগতে এখন পৰ্দা

এইবোৰ ব্যৱস্থাপনাৰ মাজত বৰষুণ চোৱাৰ আমেজেই বেলেগ৷

বৰষুণৰ শুই শুই আমনি৷ যেতিয়াই তেতিয়াই পৰে৷ উঠে৷

তিতা ৰ’দে শুকুৱাই আছিল জাবৰ৷ অপ্ৰয়োজনৰ জ্বালা ইমানতেই যে প্ৰয়োজনৰ পৰাই তাৰ জন্ম৷

বেছিখিনি অপ্ৰয়োজনীয় প্ৰয়োজনত জাবৰ পৰিছে৷ ডাৱৰ গলিছে৷

বৰষুণ কি বুঢ়ী তিৰোতা

ডাৱৰ হৈ নামি অহা কামিনী ছোৱালী বাবেই বৰষুণকলৈ পাগল ডেকা সমদল৷

কেঠা খেৰ তুঁহৰ লগতে এটাকৈ গেছৰ টেবলেট

অথবা গৰমচোলা চিৰাভজা আৰু বমিৰ দৰৱ বিচাৰি শীত আহে নিগনি গাতেদি

আৰু বৰষুণ মজিয়াৰ ফুল

ধনীৰ ঘৰত কৌষ্ঠকঠিন্যৰ ঔষধ আছেই

চৰকাৰ শুই থাকিব পাৰে৷ বাহিৰত বৰষুণ৷ বাহিৰত খুউব ঠাণ্ডা৷

মানুহ শুৱে কেনেকৈ৷ বাহিৰত বৰষুণ৷ ভিতৰত খুউব ঠাণ্ডা৷

ভোকতকৈ শীতৰ জুইকুৰা তীব্ৰ৷ তলপেটৰ লগত হাড়ৰ বিষ যোগ

শীততকৈ বেছি কামভাবত বৰষুণৰ উত্তাপ বাঢ়ে

এটা দুৰসংযোগৰ টাৱাৰত উঠি গুচি যায় নাবিক সূৰ্য

তিতি থকা নাৰিকল গছজোপা নায়িকা বৰষুণ৷৷

ন
লেখকৰ পৰিচয়

নীলাভ সৌৰভ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)