৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰূপান্তৰ

লেখকঃ বন্দনা • প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২৬
২ মিনিট পঠন • ২৮২৩ বাৰ পঢ়া হৈছে

 বন্দনা কৌশিক বৰদলৈ


তিনিপতীয়া  চাহপাতৰ কোমল পাতখিলাক যদি আৰম্ভণি হিচাপে ধৰোঁ

তেন্তে মই নিজেই মোক ড্ৰায়াৰত শুকুৱাই
পেকেজিং কৰি আপোনালোকৰ মাজলৈ এৰিছোঁ
ইমান সাৱধানতাৰে স্তৰসমূহ পাৰ হৈছোঁ যে, মই নিজেই পাহৰি পেলালোঁ ৰূপান্তৰৰ কোনটো পৰ্যায়ত মই আচলতে মই আছিলোঁ

মেটাম’ৰফছিছ মই পঢ়িছোঁ
আৰু কাফকাক সুধিছোঁ
স্থিতি আৰু একাকিত্বৰ ধাৰণাক  অতিক্ৰমিও স্বীকাৰ কৰিব নোৱাৰিনে ৰূপান্তৰক   পুনৰ


কথাবোৰ ভাবি ভাবিয়েই মনত পেলাইছোঁ
মইতো চাগৈ এদিন তোমাৰ লগত প্ৰেমৰ কথা পাতিছিলোঁঁ
আন এদিন হয়তো, দেশৰ

মোৰ ছাল, চুলি আৰু মই কৈ থকা কথাবোৰক তুমি গতিৰ বিপৰীত বুলি ভাবি থকাৰ সময়ত
মই  চিঞৰি চিঞৰি কৈছোঁ

ভুল, ভুল
কালি যিগৰাকীক  তুমি চুই চাইছিলা

যি তোমাক চুইছিল
তেওঁলোকৰ দুয়োজনেই আজি ইয়াত নাই৷

          ***              

ঠিকনা :

আমোলাপট্টী

শিৱসাগৰ 

ব
লেখকৰ পৰিচয়

বন্দনা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)