৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

যি আমাৰ ইচ্ছা

লেখকঃ গজেন মিলি • প্ৰকাশিতঃ ২২ জানুৱাৰী, ২০২৩
২ মিনিট পঠন • ২৪৮৬ বাৰ পঢ়া হৈছে

ঘড়ীৰ আঙুলিৰ আমি দাস

টোপনি ভগাৰ পৰা টোপনি আহালৈ

আমাক নচুৱায়

আমি নাচি থাকোঁ

বেলিয়ে উঠা বহা কৰে পুৱা-গধূলি

নৈ বয় নিৰৱধি

ঘড়ীয়ে ঘূৰি ঘূৰি

ঋতুৰ কথা কয়

বছৰৰ পাছত বছৰ বাগৰে

শৈশৱৰ পৰা আলৰ হওঁ

ৰজা পাতে ৰজা ভাঙে

আমাৰ অনুৰোধ

আপোনাৰ অনুৰোধ

ব্যস্ত ক্ষণ 

কোনে কাৰ কিমান পাৰিছোঁ কথা ৰাখিব

তথাপি আপুনি আমাৰ আপোন

আমাৰ আন্তৰিক সম্পৰ্কক কিয় বুজিব নোখোজে ঘড়ীয়ে

মৃত্যু কাৰোৰেই কামনা নকৰে কোনেও

অথচ মৃত্যু আহে অবাঞ্ছিত হৈ

ক্ষমা নকৰে ঘড়ীয়ে অপমৃত্যু

পল অনুপল কৰি

অপেক্ষা কৰোঁ আমাৰ আকাংক্ষিত সময়

দুপৰ ৰাতি কেতিয়াও উদয় নহয় বেলি

ৰাতি নুপুৱায় যন্ত্ৰণাত কাতৰ হʼলেও

ৰুগীয়াৰ শৰীৰ

দিন-বাৰ সকলো নিৰ্ধাৰণ কৰে ঘড়ীৰ কাঁটাই

ধৈৰ্যৰ কাঁটাত সোণালী হয় দিন

যি আমাৰ ইচ্ছা

সেয়াও নিজা নহয়

ঘড়ীৰ আঙুলিত

গ
লেখকৰ পৰিচয়

গজেন মিলি

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)