৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্য সৰিয়হডৰা

লেখকঃ এম. কামালুদ্দিন আহমেদ • প্ৰকাশিতঃ ২৬ জানুৱাৰী, ২০২৩
২ মিনিট পঠন • ২৭১ বাৰ পঢ়া হৈছে

এম. কামালুদ্দিন আহমেদ

 

চপৰাবোৰ

তেওঁৰ চকুলৈ আহে

বাস্তৱত আনকি সপোনতো

 

চপৰাবোৰ ভাগি যায়

ভাগি যায়

হালধীয়াৰ সপোন তাত নাথাকে

 

কেতিয়াবা বোকা আৰু বোকা

তাৰ ৰন্ধ্ৰত

সোমাই থকা স্বৰ্ণলিপি

 

চন্দ্ৰকুমাৰৰ ‘ফুলা সৰিয়হডৰা’ তেওঁ পঢ়া নাই

অথচ

চপৰা ভাঙিব জানে তেওঁ

হালধীয়াৰ সাগৰত পাৰি দিবৰ বাবে

 

কাতিৰ আকাশে কয়

বীজ সিঁচি দিয়াঁ

 

চপৰাৰ সৌন্দৰ্যই

লহৰ তোলে

বিস্তীৰ্ণ হালধীয়াত

 

তেওঁৰ গাত লাগি আছিল বোকা

হালধীয়াই আপডালৰ সুৰত ক’লে :

অ’ বোকা

অ’ বোকা

মোৰ বাবেই তোৰ আয়ুস বাঢ়ক

চুলি ছিঙি আশীৰ্ৱাদ কৰিছোঁ

এ
লেখকৰ পৰিচয়

এম. কামালুদ্দিন আহমেদ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)