৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আন্ধাৰতো যি উজ্জ্বল

লেখকঃ জ্যোতিনীলিমা গগৈ • প্ৰকাশিতঃ ২৬ জানুৱাৰী, ২০২৪
১ মিনিট পঠন • ১৫২৬ বাৰ পঢ়া হৈছে

 জ্যোতিনীলিমা গগৈ

প্ৰতিনিয়ত এই যাত্ৰা পশ্চিমৰ হাবি ভাঙি

হাবিয়লীয়া চৰাই এটাই বাট ভেটি সোধে -

মনত পৰেনে এই অনন্ত নীৰৱতাৰ ঠিক আগে আগে

শেষবাৰৰ বাবে

বসন্তৰ গান কেতিয়া গুণগুণাইছিলা ...

কাৰ সতে সৰি পৰা এজাৰৰ ফুলবোৰ

আঁচল পাতি ধৰিছিলা ...

কোন নদীৰ তীৰত দুটি অকণি মাছে

সুৰসুৰাই দিছিল ভৰিৰ পতা...

মনত পৰেনে

ধাননি কঁপাই অহা বতাহজাকৰ এধানি শীতলতা

টিপচাকিৰ পোহৰত জলমলাই উঠা শেষৰটো আধা লিখা প্ৰেমৰ কবিতা ...

গধূলি গভীৰ কৰা নিৰ্জনতাত

চকুলোৰে প্ৰতিজ্ঞা

আঘাতেৰে পুনঃনিৰ্মাণ

মনত পৰেনে ...

ঢাপৰ হাঁফলু এটা জঁপিয়াই  পাৰ হৈ

এহালি চকু গৈ থাকে

গৈ থাকে পশ্চিমলৈ

বাটে বাটে খহি পৰে আজন্ম ভাৰ বৈ ফুৰা এবোজা সাঁথৰ

সমস্ত  সঁচা-মিছাৰ পাহাৰ বগাই

সুদূৰত নাচি থাকে এটি বালিঘোঁৰা

ইপাৰৰ এই মুখৰ নীৰৱতা

আন্ধাৰতো যি উজ্জ্বল ...

জ
লেখকৰ পৰিচয়

জ্যোতিনীলিমা গগৈ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)