৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পথাৰৰ শোকগাঁথা

লেখকঃ ‎গায়ত্ৰী ফুকন • প্ৰকাশিতঃ ১০ মে’, ২০২৬
১ মিনিট পঠন • ৯৮২ বাৰ পঢ়া হৈছে

‎গায়ত্ৰী ফুকন

‎

‎ধীৰে ধীৰে হেৰুৱাইছোঁ তোমাৰ ঠিকনা

‎বুকুত গজি উঠিছে নব্য ঔপনিৱেশিক চহৰ

‎

‎তোমাৰ বুকু খান্দি

পোৰা মঙহেৰে

গঢ়ি তুলিছোঁ

অট্টালিকা ৷

‎খেতিয়কৰ দুচকুত

আজিও তুমি

‎চুব নোৱৰা সপোন ৷

‎

‎বিদ্ৰোহী কবিৰ কলমত

প্ৰাণপোৱা

‎অন্তহীন শোষণ

বঞ্চনাৰ তেজৰঙা ইতিহাস  ৷

‎

‎পথাৰ ,

‎আমি আকৌ

সেউজীয়া বিপ্লৱেৰে

ভোগালী হওঁ আহা ৷

‎

‎কোনেও নুবুজিলেও

ভোকাতুৰ মানুহে বুজি পায়

তোমাৰ, আমাৰ

ক্ষোভ আৰু বেথা ৷

‎আচলতে

‎ভোকাতুৰ মানুহ

আৰু

পথাৰ

‎একেটা সুৰত গঁথা

এক প্ৰাচীন শোকগাঁথা... ৷

‎
লেখকৰ পৰিচয়

‎গায়ত্ৰী ফুকন

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)