৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বছৰৰ শেষ দিনটোৰ কবিতা

লেখকঃ হৰেকৃষ্ণ ডেকা • প্ৰকাশিতঃ ৩১ ডিচেম্বৰ, ২০২৫
১ মিনিট পঠন • ৯৮৫ বাৰ পঢ়া হৈছে

 হৰেকৃষ্ণ ডেকা

(১)

বছৰৰ শেষ দিনটোত

বেলি ডুবাৰ সময়ত

পশ্চিমৰ হেলনীয়া হেঙুলীয়াখিনিলৈ চাই

মই নতুন বছৰৰ প্ৰথম পোহৰৰ প্ৰতীক্ষা কৰিছোঁ।

কেৰ্কেটুৱাটোও ৰৈ আছে,

ভ্ৰুক্ষেপ নকৰাকৈ,

দিন-বাৰৰ হিচাপ নকৰাকৈ,

কুমলীয়া ঘাঁহ আপোন মনেৰে কুটি,

সন্তোষেৰে পেট পূৰাই।

(২)

৩১ ডিচেম্বৰ

কাইলৈ ফেহুঁজালি ফালি

উভতি আহিলে

বেলিটো বেলেগ হৈ আহিব নেকি?

দোকমোকালি বেলিটো ওলালে কওঁ

এটা নতুন দিন৷

কাইলৈ ক’ম নতুন বছৰ৷

এটা পুৰণি বেলি

এটা পুৰণি জোন

এখন পুৰণি পৃথিৱী৷

কিন্তু প্ৰতিটো দিনেই নতুন দিন৷

প্ৰতিটো বছৰেই নতুন বছৰ৷

যদিও কেৱল নিৰ্ভৰ ভৰ,

নহলে সকলো শূন্য,

ক’ৰবাত এটা ঈশ্বৰ-কণাই

কিবা কৌতুক কৰি আছে৷ আৰু সেয়েই

পৃথিৱী ঘূৰি আছে,

পুৰণি হৈও নতুন হৈ আছে৷

***

টোকা: ভৰ-mass

          ঈশ্বৰ-কণা-higgs particle, যি অন্য কণাক ভৰ দিয়ে।

হ
লেখকৰ পৰিচয়

হৰেকৃষ্ণ ডেকা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)