৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এদিনৰ বাবে তোমাৰ ওঁঠযুৰি

লেখকঃ দিগন্ত নিবিড় • প্ৰকাশিতঃ ২১ ডিচেম্বৰ, ২০২১
২ মিনিট পঠন • ৩৪৪০ বাৰ পঢ়া হৈছে

দিগন্ত নিবিড়

এদিনৰ বাবে তোমাৰ ওঁঠযুৰি নিজৰ কৰি ল'লোঁ

আৰু মোৰ মৃত শব্দবোৰ সেই ওঁঠেৰে পৃথিৱীক ক'লোঁ

পৃথিৱীৰ সকলো দুখকে ভাল পাই পেলালোঁ

চিত্ৰকৰ এজনৰ দৰে সকলো ৰং পান কৰি

আঁকি গ'লোঁ কাল-কেনভাছ

এদিন পৰ্বত এখন খহি পৰা কথাত বতাহে হাঁহিছিল;

বুৰঞ্জী ইয়াতো আছিল ফাটি যোৱা শিলবোৰত,

অস্থিয়ে উচুপা মৰিশালিত আৰু নিমাওমাও ৰাতিৰ চেঁচা চকুলোত

আহোঁতে-যাওঁতে মই যিজোপা গছক কাহিনীটো শুনাওঁ

সেই দুখৰ ফল খাবলৈ তুমি কিয় ইমান উচ্ পিচ্ কৰিছা?

কিয় টানি নিছা পুনৰ মোৰ ৰক্তিম ওঁঠ?

চকুৰ জেউতি হেৰুওৱাৰ আগেয়েই মই যাব লাগিব

অনেক পথ, কৈ শেষ কৰিব লাগিব যুদ্ধভূমিৰ গাথা

শিল কাটি কাটি পাৰ হ'ব লাগিব অনেক পাহাৰ

জুই একুৰাত শুবলৈ দিন-ৰাতি একাকাৰ কৰি

চলি থাকে যিদৰে আটাইতকৈ কৰুণ বিষয় মানুহ

সৰাপাতৰ তলৰ পৃথিৱীখনত প্ৰাচীন অতিবিষাদ গাথাবোৰ থাকে নীৰৱে

যি কোনো প্ৰেমিকে চুমা বুলি নাৰীৰ পৰা কামনা নকৰে মৰণবেলাত; মেঘৰ বৰণ হৈ যি কাহানিও উৰিব নোখোজে।

মই তাকেই লৈ যুদ্ধ জয় কৰিব লাগিব;

নিদাৰুণ আঙুলি হৈ তোমাৰ চুলিত বুলাব লাগিব অস্তৰাগ।

মৃত্যুৰ শূন্যতাত জাহ যোৱাৰ আগেয়ে 

তোমাৰ নয়নযুৰি নিজৰ কৰি ল'ম আৰু মোৰ 

দুৰ্দান্ত  সপোনবোৰ পৃথিৱীক দেখুৱাম

দ
লেখকৰ পৰিচয়

দিগন্ত নিবিড়

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)