৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভ্ৰম

লেখকঃ অৰ্চনা ঠাকুৰীয়া • প্ৰকাশিতঃ ৩১ ডিচেম্বৰ, ২০২১
২ মিনিট পঠন • ২১০৯ বাৰ পঢ়া হৈছে

অৰ্চনা ঠাকুৰীয়া


নিজক নিচুকাবলৈও এক বিশেষ ৰাগৰ প্ৰয়োজন

মই এখন অখ্যাত গাঁৱৰ পৰা আহিছিলোঁ

য’ত নদীখনে সুঁতি সলাই হ’লেও বৈ আছে

যিদৰে আন্ধাৰক পৃথক কৰি পোহৰ জীয়াই আছে আজিও।

ভালপোৱাৰ অব্যৰ্থ শৰ নিক্ষেপ কৰাৰ কৌশল তুমি জানিছিলা

যি কৌশলেৰে অৰুন্ধতী ৰাগৰো সৃষ্টি হ’ব পাৰে

এক গমকতে সৃষ্টি হ’ব পাৰে হাজাৰটা কম্পন

সেই ৰাগেৰেই আজিও নিচুকাওঁ মই মোক

কৈৱল্যবাদৰ সৈতে মোৰ পৰিচয় হোৱা নাই

ঈশ্বৰ নামি অহা বাটটোও মই চিনি নাপাওঁ

পিছে তেওঁৰ অৱস্থিতি সহজেই অনুমেয়

প্লেট’ৰ ‘এল’গিৰী অৱ কেভ’ৰ বিষয়ে পঢ়িছিলোঁ

বাস্তৱ-আবাস্তৰ প্ৰতি তেওঁৰ ধাৰণা ভিত্তিহীন নাছিল

তথাপি জীৱন পৰিৱাহী তাঁৰডাল মামৰে নধৰাকৈ ৰাখিবলৈ কিছু ভ্ৰমৰো প্ৰয়োজন

প্ৰবল উত্তাপহীন এটি সূৰ্য বুকুত সামৰি ল’ব পাৰিলে

নিৰ্মাণ কৰিব পৰা যায় সাধনাৰ ভেঁটি

অ
লেখকৰ পৰিচয়

অৰ্চনা ঠাকুৰীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)