৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আত্মিক

লেখকঃ বিপ্লৱ চুতীয়া • প্ৰকাশিতঃ ২৫ ডিচেম্বৰ, ২০২৩
২ মিনিট পঠন • ৪৫৯ বাৰ পঢ়া হৈছে

বিপ্লৱ চুতীয়া


এয়া শলিতা পোৰাৰ সময়
চৌদিশে আচল-নকলৰ বৰ্ণান্ধতা
মোৰ ওঁঠৰ একোণত এচিকুট বেঙুনীয়া আভা
'বৈকাল'ত থাউনি নোপোৱা অলেখ স্বপ্ন-বাস্তৱ

কালক্ৰমে বুকুত হিমায়িত হয় পৰাণৰ সুহুৰিবোৰ
নিশাহ গধুৰ নিশা বেহেলাতো যাক ফুটাব নোৱাৰি 
যাৰ ভৰত এদিন স্থিতপ্ৰজ্ঞ পাহাৰ খহিবলৈ ধৰে
নৈঃশব্দ ই গ্ৰাস কৰিবলৈ লয় বুকুৰ মালভূমি

মানুহেই একমাত্ৰ প্ৰাণী যাৰ মন-মগজুৱে
অস্বীকাৰ কৰিব পাৰে অন্তৰাত্মাৰ অমৰত্ব
মই দেখিছোঁ, বৃদ্ধাশ্ৰমৰ ককা-আইতাই দেখিছে
ছটফটাই থকা উপেক্ষিত জীয়নবোৰে দেখিছে
যুদ্ধত গুলিবিদ্ধ শিশু,‌ গৰ্ভৱতী মহিলাই দেখিছে
আৱেগহীন যন্ত্ৰাংশ, মৃত-মুমূৰ্ষু্ আত্মা, মানৱতা...

মই মোৰ আত্মাক হত্যা কৰিব নোৱৰা বাবেই
আত্মাই মোক 'মানুহ' বুলি গণ্য কৰিছে আৰু 
তেজেৰে গঢ়া পৃথিৱীৰ মানুহবোৰক আত্মীয়,
তথাপি মন অশান্ত! নিশ্চল নৈৰ পানী লৰাই
সূৰ্যাস্ত নোহোৱা কৰিব পাৰি বুলি মিছাতে 
সান্ত্বনা দিবলৈও যে যান্ত্ৰিক আত্মীয়বোৰ

সময়ে চপৰিয়াই আছে 'কঁপাৰ'ৰ কপাল
কঁপাৰে ভুকুৱাই শুনাইছে বুকুৰ বিলাপ
বিশাল জনাৰণ্যত কিযে কৰুণ একাকিত্ব
যন্ত্ৰৰ ৰঙীণ মায়াত মানুহক বন্দী হ'বলৈ দি
আজি তেৱোঁ অনুতপ্ত, আত্মীয়ৰ অভাৱী...
এই কালসৰ্পই মেৰিয়াই ধৰা মানুহৰ ৰক্ষাৰ্থে 
এতিয়া কোনে দেওধনী দিয়ে, মেছা হৈ নাচে?
 
ঠিকনা :

আৱাস নং- ৫৮৪, ছেক্টৰ 'ছি'
বি ভি এফ ছি কলনি, নামৰূপ 
ডাক : পৰ্বতপুৰ-৭৮৬৬২৩,ডিব্ৰুগড়
ম' বাইল : ৮৬৩৮৯১৯৮৫৪
ব
লেখকৰ পৰিচয়

বিপ্লৱ চুতীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)