৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এদিনাখন অন্ধ কুকুৰণী

লেখকঃ অনুভৱ তুলসী • প্ৰকাশিতঃ ১৭ জুন, ২০২৩
২ মিনিট পঠন • ৩৬৫ বাৰ পঢ়া হৈছে

আন কাৰোবাক লগ পাবলৈ যোৱাৰ দিনা

সময় আৰু স্থান নিৰ্দিষ্ট কৰি যোৱাৰ দিনা

হঠাতে সকলো সলনি হৈ গ’ল

সলনিৰ নাটকীয় পট পৰিৱৰ্তন

এই অনিৰ্দিষ্ট সময়ৰ অন্ধ বাটৰুৱা

এই কুকুৰণী আহি আছিল

অনিৰ্দিষ্ট সংবেদৰ স্থান-কালৰ

কিবাকিবি শুঙি শুঙি

তাইৰ অসুখ টানেই তাই বেছি দিন নাবাচিব

তেনে এক তোকমা লাগি আছিল তাইৰ গাত

আজি তাইক মোৰ কবিতা শুনাম তেন্তে

নে তাইৰ মুখৰপৰা মইহে শুনিম –

কবি তাই নে মই কেনেকৈ জানিম

নতুন ঠাইত তাই খাবলৈ পালে

পালে থাকিবলৈ আপদ নচপা ঠাই

ইয়াতেই তাই লগ পালে লগৰীয়া

লগৰীয়া অন্ধ হয়নে নহয় তাই নাজানে

লগৰীয়া অসুখীয়া হয়নে নহয় তাই নাজানে

লগৰীয়াৰ গাৰ বৰণ ক’লা নে বগা

তাকো তাই নাজানে

তাই মাথোঁ জানিলে – লগৰীয়া স্বজাতিৰ

তাই মাথোঁ জানিলে – লগৰীয়া স্বাভাৱিক

মাক হোৱাত তাইৰ টান অসুখ হেঙাৰ নহ’ল

পোৱালিয়ে পিয়াহত মুখ দিয়াৰ সময়ৰ সুখ –

তাই হ’ল শ্ৰেষ্ঠতম কবিতাৰ মাতৃ

সেইবোৰ কাষৰীয়া কৰি থ’বৰ যো-জা

মই সিদিনাখন সলনিৰ চিকাৰ হ’লোঁ

নিজ স্বাৰ্থ চৰিতাৰ্থ কৰিবৰ বাবে

তাইৰ কাষলৈ গ’লোঁ

তাই বুজিলে –

জ্ঞাতি-কুটুমৰ দৰে মই স্বাভাৱিক নহওঁ

তাইৰ বাবে নিৰ্দিষ্ট কৰি থোৱা শাৰীকিটা

মই তাইৰ কাণত বাকি দিলোঁ

তাইৰ নাক-কাণৰ কেতবোৰ সহজাত সঞ্চালনা

মোৰ কণ্ঠস্বৰ মেজাজী যদিও বাৰুকৈয়ে বাকহীন

মোৰ শব্দচয়নত মোৰ ভাববয়নত বহু চ্যুতি-বিচ্যুতি

বাট আৰু গন্তব্যৰ বিষয়ে কবিতাৰ বিষয়ীও অজ্ঞ –

অন্ধ এই কুকুৰণীৰ আগত মইচোন তেনেই নাঙঠ

মোৰ কবিতাৰ ৰাতিৰ আকাশৰ জোন তৰা জোনাকী

মোৰ ফুলনিৰ ফুল পখিলা মৌ-মাখিৰ গুণগুণনি

আকাশৰ বহু ওপৰত উৰি থকা কুৰুৱা-চিলনী –

অন্ধ এই কুকুৰণীক কেনেকৈ বুজাওঁ কল্পছবি

মোৰ জগতখন দেখুৱাওঁ কেনেকৈ

মোৰ কবি জীৱনৰ এয়েতো প্ৰথম অগ্নিপৰীক্ষা

অ
লেখকৰ পৰিচয়

অনুভৱ তুলসী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)