৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মহানগৰ

লেখকঃ উদয় কুমাৰ বৰুৱা • প্ৰকাশিতঃ ২৯ জুন, ২০২৩
২ মিনিট পঠন • ৯৮৫ বাৰ পঢ়া হৈছে

উদয় কুমাৰ বৰুৱা

 

কত যে সপোন উজাই আহে

ৰাতিৰ নীৰৱতা ভেদি

তাৰে এটাৰ গাত ভেজা দি

পালোঁহি এই  মায়াৰ নগৰ ।

যেন মৰুৰ মাজত মৰূদ্যান হৈ ফুলি থকা

এখন তৃষাৰ নগৰ

 

শাৰী শাৰী অট্টালিকা,

সুদৃশ্য শ্বপিংমল ,

নানাৰঙী বাহন,

বহুৰূপী মানুহ

কোন ফালে যাম ভাবি থাকোঁতেই

ফুটপাথ এটা হ’ল মোৰ সহচৰ

অঁকাই পকাই সি দেখুৱালে স্বপ্ন

এই নগৰীৰ বহু বিচিত্ৰ ৰূপ,

কোলাহলৰ মাজতো আলো-ছায়াৰ লাজুক আলিংগন

দেখিলোঁ, অত দিনে শুনা আৰু ভবা কথাবোৰৰ

ইয়াত নাই কোনো তাল-মিল

ওপৰলৈ চাবলৈও নাই এচমকা ফৰকাল আকাশ

পাহাৰৰ সেওঁতাৰে নামি আহে হালধীয়া চকুলো

 

ওখ ওখ ঘৰবোৰৰ নাতিদূৰৈতে চলি থাকে

অৰ্ধাহাৰে অনাহাৰে লাম-লাকটুৰ সংসাৰ

ডাষ্টবিনৰ উচ্ছিষ্টৰে জীৱনৰ কৰ্ষণ হয় এজাক নিৰণ্ণ শিশুৰ,

তাকে দেখি নাকত ৰুমাল লয়

আলসুৱা শিশুৰ মাকবোৰে

 

চাইৰেন বজাই পালি প্ৰহৰীৰে গুচি যায় ৰজা

প্ৰগতিৰ বাণীৰে মুখৰিত হয় ধূসৰ বতাহ

 

নাজানো কি উন্মাদনাত অতিক্ৰমনৰ কাঁইটীয়া বাট পাৰ হৈ মুখামুখি হ’লোঁ

এই মায়ানগৰীৰ

ওভতনিৰ বাট বিচাৰি থাকোঁতেই কাৰ ফুচুলনিত অৰ্গল খুলি সোমাই গ’লোঁ

আৰু নতজানু হ’লোঁ সমৰ্পণৰ প্ৰাচীন ভংগিমাত

 

তাৰ পাছতো পাৰ হৈ গ’ল ৰ’দ-বৰষুণৰ অলেখ ছন্দ, অলেখ গাথা

ভোকৰ বিৱৰ্ণ আৰাও

 

আপাতত: জীৱন জীৱিকাৰ কঠিন শৃংখল মোৰ প্ৰাত্যহিকতাৰ সহজ স্পন্দন

দূৰৈৰ গোপন সূৰ্যৰ একাঁচলি পোহৰে এতিয়া মোক ভাঙিছে-গঢ়িছে

উ
লেখকৰ পৰিচয়

উদয় কুমাৰ বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)