৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভালপোৱাবোৰো সংক্ৰামক হোৱাহেঁতেন...

লেখকঃ অৰ্চনা ঠাকুৰীয়া • প্ৰকাশিতঃ ২৮ মে’, ২০২২
২ মিনিট পঠন • ৩৮৪৯ বাৰ পঢ়া হৈছে

অৰ্চনা ঠাকুৰীয়া

ছটিয়াই দিয়া ভালপোৱাবোৰ উভতি আহি মোতেই বিলীন হ'ল

সংকুচিত হৈ আহিল পৰস্পৰৰ প্ৰতি বিশ্বাসৰ আয়তন

 

মই মোক নিঃশেষ কৰাৰ পৰিকল্পনা এতিয়ালৈ কৰা হোৱা নাই। সেয়ে

আৱেগবোৰ থুকি থুকি জপাটোত ভৰাইছোঁ,

কেতিয়াবা দুচকুত পিন্ধি লৈছোঁ যন্ত্ৰণাৰ

অথবা আনন্দৰ ৰঙীন  পোছাক।

 

পিয়াঁজি তৰপবোৰ এৰুৱাই ভিতৰৰ সাহকণ মৰমৰকৈ চোবাইছোঁ...

মিঠা-টেঙা-জলাৰ নিমখীয়া সোৱাদ।

সময়েও মোক চেলেকি চাইছে

জীয়াই আছো নে মৰিছোঁ ।

 

অনগ্ন পোহৰৰ সৌন্দৰ্য উপভোগ কৰাৰ ব্যৰ্থ প্ৰয়াস 

হামিবোৰৰ দৰেই ভালপোৱাবোৰো সংক্ৰমক হোৱাহেঁতেন...

হয়তোবা আত্মগৰিমা লৈ থাকোঁ বাবেই মধুৰ সময়ো জাহ যায় পুনিয়ে ছানি ধৰা নিথৰ জলৰাশিত...

এনেতে, ক'ৰ পৰা জানো ওলালহি এজাক লহপহীয়া শব্দ 

পকাবেলটোৰ ভিতৰৰ পৰাই হ'বলা

 

নিজেই নিজৰ আঙুলিত ধৰি ওলাই আহি কলোঁ, ব'লা এধাৰি মালা গাথোঁ

এখন গামোচা বওঁ, ফুল বাছোঁ

বৰণ কৰোঁগৈ ব'লা সেইজনক...

 

আজি মই জীৱনক দেখিলোঁ

চুই চালোঁ তেওঁক

আৰু নিজকো...

অ
লেখকৰ পৰিচয়

অৰ্চনা ঠাকুৰীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)