৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নদীবোৰ শুকাই যোৱাৰ আগতে

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ৩০ মে’, ২০২২
২ মিনিট পঠন • ২১৫২ বাৰ পঢ়া হৈছে

( নীলমণি ফুকন ছাৰৰ জ্ঞানপীঠ প্ৰাপ্তিত)

গায়ত্ৰী দেৱী বৰঠাকুৰ

 

   বাখ্যেয় পংক্তি-

নদীবোৰ শুকাই যোৱাৰ  আগতে

 

প্ৰসংগ-

নদীবোৰ শুকাই যোৱাৰ আগতে

ব’লা আমি

এপলক জী আঁহোঁ

পাহাৰৰ  হৰিৎ* বুকুত

 

সংগতি-

সভ্যতাৰ শুকান বালিত

অশ্বাৰোহী সৈনিক এজনে

তেজে- তুমৰলি

বৰ্ণমালাক নিচুকাই কৈছিলে

কালিলৈ বেলিটো

হালধীয়া হ’ব

 

 ব্যাখ্যা-

 আমাৰ

সূৰ্যমুখী  হৃদয়ত

ফুলিব হাজাৰপাহ

 শব্দময় সুকোমল  ফুল

 

 স্বৰ আৰু ব্যঞ্জনৰ শস্য- শ্যামল

 পোহৰত

জিকিমিকাই উঠিব

অযুত তৰাৰ সপোন

 

ধী আৰু শ্ৰীৰ সঞ্জীৱনী সঞ্চাৰ

 

জ্বলি উঠিব হাজাৰ গচি  স্বৰ্ণালী বন্তি

 

 শুনা অ’মোৰ বুকুৰ সুহৃদ 

           

 সুজলা - সুফলা দেশ

আমি  পূৰ্ণাংগ নাগৰিক

 

অন্য একো অভিজ্ঞান

 

 নালাগে

আমাক

 

নিজৰ পোহৰত নিজেই  

জিলিকি উঠিম আমি

 

আমাৰ কপট নিন্দ্ৰা  ভাঙি

আকাশ অভিমুখে

যাত্ৰা কৰিম

 

নক্ষত্ৰপুঞ্জ আমি

 

দাপোণত আমাক চাম

 

বিজয়ৰ নিচান উৰুৱাই

আজুৰি আনিম অলকানন্দা

 

আমাৰ আকুল আহ্বানত

সূৰ্য নামি আহিব এই নদীয়েদি

  

সিৰা- উপসিৰাত বাজে  চোৱা  এইয়া

 কিনো সুমধুৰ-আকুল মঙ্গল-মুৰুলী

 

 

( আশাৰ কুসুমে জীয়াই ৰাখিব বাজিনৱতী * সৰস্বতী৷ আমি ৰ’ লাগি শুনিম নদী আৰু কবিৰ কাহিনী।)

 

* সেউজীয়া।

* শস্যময়।

 

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)